ETV Bharat / international

India and Canada conflict : কানাডাস্থিত ভাৰতীয় নাগৰিকক সাৱধানতা অৱলম্বনৰ আহ্বান কানাডা চৰকাৰৰ

author img

By ANI

Published : Sep 26, 2023, 11:20 AM IST

কানাডাই ভাৰতত থকা নাগৰিকসকলৰ বাবে শেহতীয়াকৈ আগবঢ়াইছে ভ্ৰমণ পৰামৰ্শ ৷ সজাগ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ সামাজিক মাধ্যমযোগে আহ্বান জনাইছে দেশখনৰ কৰ্তৃপক্ষই ৷ কানাডাৰ ভাৰতীয় নাগৰিক আৰু কানাডাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক ভাৰত বিৰোধী কাৰ্যকলাপ বৃদ্ধি পোৱা অঞ্চল আৰু সম্ভাৱ্য স্থানসমূহলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ।

India and Canada conflict
কানাডাস্থিত ভাৰতীয় নাগৰিকক সাৱধানতা অৱলম্বনৰ আহ্বান

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ : কানাডাত খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ মৃত্যু হোৱা ঘটনাই প্ৰভাৱ পেলাইছে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কত ৷ কানাডাই ভাৰতত থকা নাগৰিকসকলৰ বাবে শেহতীয়াকৈ আগবঢ়াইছে ভ্ৰমণ পৰামৰ্শ ৷ শেহতীয়া পৰিঘটনাৰ প্ৰেক্ষাপটত “সজাগ হৈ থাকিবলৈ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ” সামাজিক মাধ্যমযোগে আহ্বান জনাইছে দেশখনৰ কৰ্তৃপক্ষই ৷ সামাজিক মাধ্যমত oেশখনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু বহু নেতিবাচক দিশ দেখুওৱাৰ বাবেই দেশখনৰ কৰ্তৃপক্ষই এই আহ্বান জনায় ।

আনহাতে, বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA) জাৰি কৰা এক বিবৃতিত যোগে কানাডাৰ ভাৰতীয় নাগৰিক আৰু কানাডাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক ভাৰত বিৰোধী কাৰ্যকলাপ বৃদ্ধি পোৱা অঞ্চল আৰু সম্ভাৱ্য স্থানসমূহলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ।

"কানাডাত থকা ভাৰতীয় নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলে অট'ৱাত থকা ভাৰতীয় উচ্চ আয়োগ বা কনছুলেট জেনেৰেলত পঞ্জীয়ন কৰিব লাগিব টৰন্টো আৰু ভেংকুৱাৰত ভাৰতৰ নিজ নিজ ৱেবছাইট বা MADAD পৰ্টেল madad.gov.in ৰ জৰিয়তে ।"

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, পঞ্জীয়নে উচ্চ আয়োগ আৰু কনছুলেট জেনেৰেলসমূহক কানাডাত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে কোনো ধৰণৰ পৰিস্থিতিৰ ক্ষেত্ৰত ভালদৰে সংযোগ স্থাপন কৰিবলৈ সক্ষম কৰিব ৷ ভাৰতৰ উচ্চ আয়োগ আৰু কনছুলেট জেনেৰেলে কানাডাত ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা আৰু মংগল নিশ্চিত কৰিবলৈ কানাডা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব ।

উল্লেখ্য যে, যোৱা 18 জুনৰ দিনা ব্ৰিটিছ কলম্বিয়াত কানাডাত খালিস্তান সমৰ্থক, সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰ (45) ক গুৰুদ্বাৰৰ সমুখত হত্যা কৰা হয় ৷ এই হত্যাকাণ্ডৰ সৈতে ভাৰতীয় এজেণ্ট জড়িত থকাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰাৰ ভাৰত আৰু কানাডাৰ মাজত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ । ভাৰতে 2020 চনত নিজ্জাৰক সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰিছিল ।

ভাৰতে দেশখনৰ এই অভিযোগক “অৰ্থহীন” আৰু “প্ৰৰোচিত” বুলি ক্ষোভ প্ৰকাশ কৰে ৷ আনহাতে এই পৰিস্থিতিত শ্ৰী লংকা, আমেৰিকাৰ দৰে দেশে ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ দেওবাৰে কানাডা চৰকাৰে কয়, "কানাডা আৰু ভাৰতৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত প্ৰতিবাদৰ আহ্বান আৰু কানাডাৰ প্ৰতি কিছু নেতিবাচক আৱেগ প্ৰকাশ পাইছে । অনুগ্ৰহ কৰি সজাগ হৈ থাকক আৰু সাৱধান হওক ।"

লগতে পঢ়ক: India and Canada relation: কানাডাত সন্ত্ৰাসবাদীয়ে বিচাৰি পাইছে নিৰাপদ আশ্ৰয়: শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.