অসম

assam

Encounter begins in JK : জম্মু কাশ্মীৰৰ বাৰামুলাত প্ৰচণ্ড গুলীয়াগুলী, সন্ত্ৰাসবাদী নিহত

By

Published : Jul 30, 2022, 11:34 AM IST

বিগত কেইটামান মাহৰ পৰা সমগ্ৰ কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত একাধিক মুখামুখি সংঘৰ্ষ হৈছে (Encounters between terrorists and security forces) । এই সংঘৰ্ষত বহুকেইজন সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ শীৰ্ষ নেতাও নিহত হৈছে । ইয়াৰে অধিকাংশ অভিযান নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষী আৰু সেনাই যৌথভাৱে চলাই আহিছে ।

Encounter begins in JKs Wanigam Bala area of Baramulla district
জম্মু কাশ্মীৰৰ বাৰামুলাত প্ৰচণ্ড গুলীয়াগুলী, সন্ত্ৰাসবাদী নিহত

নেশ্যনেল ডেস্ক:জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ৱানিগাম বালা অঞ্চলত শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে মুখামুখি সংঘৰ্ষৰ ঘটনা (encounters between terrorists and security forces) । গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সেই অঞ্চলটোত সন্ত্ৰাসবিৰোধী অভিযান কৰিছিল নিৰাপত্তা বাহিনীৰ দলে ৷ বালা নামৰ এই অঞ্চলটোত সন্ত্ৰাসবাদী থকাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু সেনাৰ যৌথ দলটো সেই স্থানত উপস্থিত হোৱাৰ সময়তেই দলটোলৈ গুলী বৰ্ষণ আৰম্ভ কৰে সেই স্থানত লুকাই থকা সন্ত্ৰাসবাদীয়ে (Encounter begins in JK)৷

আৰু ইয়াৰ পাছতেই দুয়োপক্ষৰ মাজত আৰম্ভ হয় প্ৰচণ্ড গুলীয়াগুলী ৷ ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে । শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি এই এনকাউন্টাৰত এজন সন্ত্ৰাসবাদী নিহত (One terrorist death) হোৱা বুলি জানিব পৰা গৈছে ৷ বৰ্তমানেও দুয়োপক্ষৰ মাজত অব্যাহত আছে গুলীয়াগুলী ৷

উল্লেখ্য যে, বিগত কেইটামান মাহৰ পৰা সমগ্ৰ কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত একাধিক মুখামুখি সংঘৰ্ষ হৈছে। বহু সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সেনাধ্যক্ষক নিৰ্মূল কৰা হৈছে। এই সংঘৰ্ষত বহুকেইজন সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ শীৰ্ষ নেতাও নিহত হৈছে । ইয়াৰে অধিকাংশ অভিযান নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষী আৰু সেনাই যৌথভাৱে চলাই আহিছে ।

লগতে পঢ়ক:Workers found dead at Hyderabad : হায়দৰাবাদত শোকাৱহ দুৰ্ঘটনা, 5 শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details