ETV Bharat / bharat

নিশা জুপুৰিৰ ওপৰত বাগৰি পৰিল বাছ: ৪ শ্ৰমিক নিহত - Motihari Four Laborers Died

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 10:55 PM IST

Bus overturns on hut: জুপুৰিৰ ওপৰত এখন অনিয়ন্ত্ৰিত বাছ বাগৰি চাৰিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন শ্ৰমিক গুৰুতৰভাৱে আহত । এটা নিৰ্মাণ কোম্পানীত কাম কৰিবলৈ গোৱালৈ গৈছিল শ্ৰমিককেইজন ।

Bus overturns on hut
শুই থাকোতেই জুপুৰিত বাগৰি পৰিল বাছ (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ২৬ মে’: গোৱাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত বিহাৰৰ চাৰিজন শ্ৰমিকৰ মৃত্যু হয় । মৃত শ্ৰমিককেইজন পূৱ চম্পাৰণৰ হৰসিদ্ধিৰ গাইঘাট আৰু মুৰাৰপুৰ ঘাটুলীৰ বাসিন্দা বুলি জানিব পৰা হৈছে । শনিবাৰে নিশা শ্ৰমিক চাৰিওজনে আন তিনিজন সহকৰ্মীৰ সৈতে এটা জুপুৰিত শুই থকা সময়তে জুপুৰিটোৰ ওপৰত এখন বাছ বাগৰি পৰে । এই ঘটনাত চাৰিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩ শ্ৰমিক আহত হয় ।

এসপ্তাহ আগতে গোৱালৈ গৈছিল: তথ্য অনুসৰি হৰসিদ্ধি থানা এলেকাৰ ঘাটুলী গাঁৱৰ প্ৰায় দুই-আঢ়ৈ ডজন শ্ৰমিকে গোৱাৰ এটা নিৰ্মাণ কোম্পানীত কাম কৰে । প্ৰায় এসপ্তাহ আগতে গাঁৱৰ এই সাতজন শ্ৰমিক গোৱালৈ গৈছিল । সকলোৱে এটা নিৰ্মাণ কোম্পানীত শ্ৰমিক হিচাপে কাম কৰিছিল আৰু পথৰ কাষৰ জুপুৰিত বাস কৰিছিল । যোৱা নিশা সকলোৱে খাদ্য খাই শুইছিল । সকলোৱে গভীৰ টোপনিত থকা সময়তে তেওঁলোকৰ জুপুৰিটোত বাছখন বাগৰি পৰে ।

গোৱালৈ পৰিয়ালৰ ৰাওনা: নিহতকেইজনক পূব চম্পাৰণ জিলাৰ ঘাটুলী গাঁৱৰ নিবাসী ৰমেশ মহতো, ৰাজেন্দ্ৰ মাহাটো, অনিল মহটো আৰু বিনোদ সিং বুলি চিনাক্ত কৰা হৈছে । তথ্যৰ ভিত্তিত গোৱা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে দুৰ্ঘটনাৰ বিষয়ে মৃতকৰ পৰিয়ালক অৱগত কৰে । তথ্য পোৱাৰ লগে লগে পৰিয়ালৰ লোকৰ মাজত হুলস্থুলৰ সৃষ্টি হয় আৰু তেওঁলোক লগে লগে গোৱালৈ ৰাওনা হয় ।

মৃতকৰ গাঁৱত উপস্থিত হয় শ্ৰম অধীক্ষক: ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত জিলা শ্ৰম অধীক্ষক সত্যপ্ৰকাশই এটা দল লৈ মৃত লোকসকলৰ গাঁৱত উপস্থিত হয় । শ্ৰম অধীক্ষক সত্যপ্ৰকাশে কয়, "মৃতকৰ আত্মীয়ৰ সত্যাসত্য নিৰীক্ষণ কৰি মৃতদেহক নিজ গাঁৱলৈ অনাৰ প্ৰচেষ্টা চলোৱা হৈছে । প্ৰয়োজনীয় নথি-পত্ৰ লোৱা হৈছে যাতে প্ৰব্ৰজিত শ্ৰমিক দুৰ্ঘটনা অনুদানৰ সুবিধা লাভ কৰিব পাৰে ।

লগতে পঢ়ক: শোকাৱহ দুৰ্ঘটনাত একেটা পৰিয়ালৰে 6 জন লোকৰ মৃত্যু - Road Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.