ETV Bharat / bharat

Workers found dead at Hyderabad : হায়দৰাবাদত শোকাৱহ দুৰ্ঘটনা, 5 শ্ৰমিকৰ মৃত্যু

author img

By

Published : Jul 29, 2022, 3:23 PM IST

হায়দৰাবাদত শোকাৱহ দুৰ্ঘটনা ৷ ভূগৰ্ভস্থ কৰ্মস্থলীত উদ্ধাৰ 5 জনকৈ শ্ৰমিকৰ মৃতদেহ(Five workers found dead at underground work site)৷

Workers found dead at underground work
তেলেংগনাত শোকাৱহ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক,29 জুলাই: হায়দৰাবাদত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ৷ ভূগৰ্ভস্থ কৰ্মস্থলীত উদ্ধাৰ 5 জনকৈ শ্ৰমিকৰ মৃতদেহ(Five workers found dead at underground work site)৷ বৃহস্পতিবাৰে গভীৰ নিশা এই শোকাৱহ ঘটনাটো সংঘটিত হয় বুলি কোলাপুৰ আৰক্ষী পৰিদৰ্শক ভেংকট ৰেড্ডীয়ে জানিবলৈ দিয়ে ৷

১০০ মিটাৰ তলত ভূ-গৰ্ভত নিৰ্মাণ কৰি থকা ভেণ্টিলেচন খাদত আঘাতপ্ৰাপ্ত হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় 5জনকৈ শ্ৰমিকৰ মৃতদেহ ৷ গুৰুতৰভাৱে আহত এগৰাকী শ্ৰমিককো উদ্ধাৰ কৰা হয় ১০০ মিটাৰ তলৰ ভূগৰ্ভস্থ কৰ্মস্থলীৰ পৰা ৷ পৰৱৰ্তী সময়ত স্থানীয় ওছমানিয়া হাস্পতাললৈ শ্ৰমিককেইজনৰ মৃতদেহ প্ৰেৰণ কৰা হয় ৷ কিন্তু শ্ৰমিককেইজনক মৃত ঘোষণা কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷

শ্ৰমিককেইজন বিহাৰৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ শ্ৰমিককেইজন ভূ-গৰ্ভস্থ খাদটোৰ ভিতৰৰ বেৰ নিৰ্মাণত নিয়োজিত হৈ আছিল আৰু তেতিয়াই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷

শুকুৰবাৰে পুৱা এখন ক্ৰেনৰ সহায়ত পাম্প হাউচলৈ নামি অহাৰ সময়ত ক্ৰেনৰ তাঁৰ ছিঙি যোৱাত 5 জনকৈ শ্ৰমিকৰ থিতাতে মৃত্যু হয় ৷ আন এজন গুৰুতৰভাৱে আহত হয় ৷ যাৰ ফলত পালামুৰু ফ্লেট জলসিঞ্চন আঁচনিৰ কাম-কাজত ব্যাঘাত জন্মে ৷

শ্ৰমিককেইজনে তেলেংগানাৰ নাগাৰৰ্কুৰ্ণুল জিলাৰ কোলহাপুৰ মণ্ডলৰ ৰেগুমানা গাড্ডাস্থিত নিৰ্মীয়মান পালামুৰু ৰংগাৰেড্ডী পেকেজ-1 ত কৰ্মৰত হৈ আছিল ৷ ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: মৰিগাঁৱৰ স্ব-গৃহত উপস্থিত মণিপুৰৰ ভূমিস্খলনত প্ৰাণ ৰক্ষা পৰা পাঁচ শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.