ETV Bharat / state

মৰিগাঁৱৰ স্ব-গৃহত উপস্থিত মণিপুৰৰ ভূমিস্খলনত প্ৰাণ ৰক্ষা পৰা পাঁচ শ্ৰমিক

author img

By

Published : Jul 4, 2022, 8:58 PM IST

সোমবাৰে অসম চৰকাৰৰ তত্বাবধানত মণিপুৰৰ পৰা গুৱাহাটীলৈ বিমানযোগে অনা হ’ল মণিপুৰৰ টুপলু জিলাত সংঘটিত ভয়াৱহ ভূমিস্খলনত প্ৰাণ ৰক্ষাৰ পৰা পাঁচজন শ্ৰমিকক (Victims of Manipur landslide) ৷ সোমবাৰে এয়াৰ এছিয়া বিমানযোগে আহত লোককেইজনক লৈ মন্ত্ৰী পীযুষ হাজৰিকা গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় (Piyush Hazarika arrived at Guwahati airport with landslide victims) ।

Victims of Manipur landslide
Victims of Manipur landslide

মৰিগাঁও, 4 জুলাই: সোমবাৰে মৰিগাঁৱৰ স্ব-গৃহত উপস্থিত হ’ল মণিপুৰৰ টুপলু জিলাত সংঘটিত ভয়াৱহ ভূমিস্খলনত প্ৰাণ ৰক্ষাৰ পৰা পাঁচজন শ্ৰমিক (Victims of Manipur landslide)। জিলা প্ৰশাসনৰ উদ্যোগত গুৱাহাটীৰ বিমান বন্দৰ পৰা লৈ অনা হয় এইসকল শ্ৰমিকক । সোমবাৰে অসম চৰকাৰৰ তত্বাবধানত শ্ৰমিক কেইজনক মণিপুৰৰ পৰা গুৱাহাটীলৈ বিমানযোগে অনাৰ ব্যৱস্থা কৰাৰ পাচত মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত পাঁচোজন ব্যক্তিক স্বগৃহলৈ প্ৰেৰণ কৰা হয় ।

সোঁ শৰীৰে বৰ্তমান মৰিগাঁৱত আহি উপস্থিত হোৱা এই পাঁচজন লোক হৈছে মণিৰাম ফুকন, ৰমেন ফুকন, মহেশ্বৰ ফুকন, প্ৰহ্লাদ বসুমতাৰী আৰু জুন বসুমতাৰী ৷ ইফালে পুৱাৰ ভাগত বুগেন্ধূ আৰু মমিন নামৰ দুই শ্ৰমিকৰ মৃতদেহ মৰিগাঁৱৰ কুশতলীত সনাতন ৰীতি মতে সৎকাৰ কৰা হয় । দেওবাৰেও কুশতলিত 4 গৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰা হৈছিল ৷ মণিপুৰত এই শ্ৰমিক কেইজনে অকাল মৃত্যুক আঁকোৱালি লোৱা ঘটনাই শোকস্তব্ধ কৰি তুলিছে মৰিগাঁৱৰ লগতে ৰাজ্যবাসীক ৷

মৰিগাঁৱৰ স্ব-গৃহত উপস্থিত মণিপুৰৰ ভূমিস্খলনত প্ৰাণ ৰক্ষা পৰা পাঁচ শ্ৰমিক

উল্লেখ্য যে, সোমবাৰে এয়াৰ এছিয়া বিমানযোগে আহত লোককেইজনক লৈ মন্ত্ৰী পীযুষ হাজৰিকা গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় (Piyush Hazarika arrived at Guwahati airport with landslide victims) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে এদিন পূৰ্বে মণিপুৰত উপস্থিত হৈছিল মন্ত্ৰী পীযুষ হাজৰিকা । তেওঁ মণিপুৰৰ ভয়াৱহ ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে ।

আনহাতে, মণিপুৰৰ টুপুলত ভয়াৱহ ভূমিস্খলনত পতিত অসমৰ ৫ গৰাকী লোকক পুনৰবাৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত মৰিগাঁও জিলা প্ৰশাসনৰ জৰিয়তে স্ব-গৃহলৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় । মন্ত্ৰী পীযুষ হাজৰিকাই গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈ সংবাদিকৰ আগত কয় যে, মণিপুৰৰ ভয়াৱহ ভূমিস্খলনত অসমৰ ২১ গৰাকী লোক নিহত হৈছে । ইয়াৰে ১২ গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা নাই । মণিপুৰৰ ভয়াৱহ ভূমিস্খলনত অসমৰ আহত পাঁচগৰাকীক ৰাজ্য চৰকাৰে নিজা খৰচত এয়াৰ এছিয়া বিমানযোগে গুৱাহাটীলৈ অনা বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰে ।

আনহাতে, পৰৱৰ্তী সময়ত যদি উক্ত ভূমিস্খলনত নিহত অসমৰ কোনো ব্যক্তিৰ পাৰ্থিৱ শৰীৰ উদ্ধাৰ হয়, তেন্তে উক্ত পাৰ্থিৱ শৰীৰো অসমলৈ ঘূৰাই অনাৰ যথাসম্ভৱ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই জানিবলৈ দিয়ে ।

উল্লেখ্য, মণিপুৰৰ মৰ্মান্তিক ভূমিস্খলৰ ঘটনাত মৃত্যুৰ সংখ্যাই ৪৪ অতিক্ৰম কৰিলে (Death toll in Manipur tragic landslide) । উক্ত দুখজনক ঘটনাটো সংঘটিত হোৱাৰ আজি পঞ্চম দিনটোত আৰু দুটা মৃতদেহ উদ্ধাৰ হৈছে । ১২ এনডিআৰএফ বেটেলিয়নৰ কমাণ্ডেণ্ট পংকজ কবিদয়ালে প্ৰকাশ কৰা মতে, উদ্ধাৰ হোৱা মৃতদেহ দুটাৰ ভিতৰত এটা হৈছে টেৰিট’ৰিয়েল সেনা জোৱানৰ (Dead body of Territorial Army) আৰু আনটো এজন অসামৰিক লোকৰ । মৃতদেহ দুটা লজাই নদীৰ পৰা উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক : মণিপুৰৰ ভূমিস্খলনত আহত ৫ গৰাকী লোকক লৈ গুৱাহাটীত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.