ETV Bharat / state

মণিপুৰৰ ভূমিস্খলনত আহত ৫ গৰাকী লোকক লৈ গুৱাহাটীত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা

author img

By

Published : Jul 4, 2022, 5:17 PM IST

Updated : Jul 4, 2022, 6:51 PM IST

সোমবাৰে এয়াৰ এছিয়া বিমানযোগে উক্ত আহত লোককেইজনক লৈ মন্ত্ৰী পীযূষ হাজৰিকা গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় (Piyush Hazarika arrived at Guwahati airport by air Asia) । উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে এদিন পূৰ্বে মণিপুৰত উপস্থিত হৈছিল মন্ত্ৰী পীযূষ হাজৰিকা (Piyush Hazarika arrived Manipur on directions of Himanta Biswa)।

Piyush Hazarika
Piyush Hazarika

গুৱাহাটী, ৪ জুলাই : মণিপুৰৰ টুপুলত সংঘটিত ভয়াৱহ ভূমিস্খলনৰ ঘটনাত আহত অসমৰ ৫ গৰাকী লোকক গুৱাহাটীলৈ স্থানান্তৰ (Five people from Assam shifted to Guwahati injured in landslide) । সোমবাৰে এয়াৰ এছিয়া বিমানযোগে উক্ত আহত লোককেইজনক লৈ মন্ত্ৰী পীযূষ হাজৰিকা গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় (Piyush Hazarika arrived at Guwahati airport by air Asia) । উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে এদিন পূৰ্বে মণিপুৰত উপস্থিত হৈছিল মন্ত্ৰী পীযূষ হাজৰিকা (Piyush Hazarika arrived Manipur on directions of Himanta Biswa)।

তেওঁ মণিপুৰৰ ভয়াৱহ ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে । আনহাতে, মণিপুৰৰ টুপুলত ভয়াৱহ ভূমিস্খলনত পতিত অসমৰ ৫ গৰাকী লোকক পুনৰবাৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত মৰিগাঁও জিলা প্ৰশাসনৰ জৰিয়তে স্ব-গৃহলৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় । মণিপুৰৰ টুপুলত ভয়াৱহ ভূমিস্খলনৰ (Massive landslide in Manipur's Tupul) ফলত আহত অসমৰ এই ৫ গৰাকী লোক হৈছে মহেশ্বৰ ফুকন, মণিৰাম ফুকন, ৰমেন ফুকন, জোন বসুমতাৰী আৰু প্ৰহ্লাদ বসুমতাৰী ।

মণিপুৰৰ ভূমিস্খলনত আহত ৫ গৰাকী লোকক লৈ গুৱাহাটীত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা

ইফালে মন্ত্ৰী পীযূষ হাজৰিকাই গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈ সংবাদিকৰ আগত কয় যে মণিপুৰৰ ভয়াৱহ ভূমিস্খলনত অসমৰ ২১ গৰাকী লোক নিহত হৈছে । ইয়াৰে ১২ গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা নাই । মণিপুৰৰ ভয়াৱহ ভূমিস্খলনত অসমৰ আহত পাঁচগৰাকীক ৰাজ্য চৰকাৰে নিজা খৰচত এয়াৰ এছিয়া বিমানযোগে গুৱাহাটীলৈ অনা বুলিও মন্ত্ৰী পীযূষ হাজৰিকাই প্ৰকাশ কৰে । আনহাতে, পৰৱৰ্তী সময়ত যদি উক্ত ভূমিস্খলনত নিহত অসমৰ কোনো ব্যক্তিৰ পাৰ্থিৱ শৰীৰ উদ্ধাৰ হয়, তেন্তে উক্ত পাৰ্থিৱ শৰীৰো অসমলৈ ঘূৰাই অনাৰ যথাসম্ভৱ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰী পীযূষ হাজৰিকাই জানিবলৈ দিয়ে ।

উল্লেখ্য, মণিপুৰৰ মৰ্মান্তিক ভূমিস্খলৰ ঘটনাত মৃত্যুৰ সংখ্যাই ৪৪ অতিক্ৰম কৰিলে (Death toll in Manipur's tragic landslide crosses 44) । উক্ত দুখজনক ঘটনাটো সংঘটিত হোৱাৰ আজি পঞ্চম দিনটোত আৰু দুটা মৃতদেহ উদ্ধাৰ হৈছে । ১২ এনডিআৰএফ বেটেলিয়নৰ কমাণ্ডেণ্ট (Commandant of 12 NDRF Battalion) পংকজ কবিদয়ালে প্ৰকাশ কৰা মতে, উদ্ধাৰ হোৱা মৃতদেহ দুটাৰ ভিতৰত এটা হৈছে টেৰিটৰিয়েল সেনা জোৱানৰ (Dead body of Territorial Army) আৰু আনটো এজন অসামৰিক লোকৰ । মৃতদেহ দুটা লজাই নদীৰ পৰা উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক :মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন 42 গৰাকীৰ মৃতদেহ উদ্ধাৰ

Last Updated : Jul 4, 2022, 6:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.