অসম

assam

Cold wave in Delhi: দিল্লীত ঘন কুঁৱলীৰ প্ৰৱাহ অব্যাহত, ব্যাহত পথকে ধৰি ৰে’ল-বিমানৰ যাতায়ত সেৱা

By

Published : Jan 10, 2023, 10:20 AM IST

দিল্লীত মঙলবাৰে একেৰাহে ষষ্ঠ দিনলৈ শীতল প্ৰৱাহ অব্যাহত (Cold wave continues in Delhi) ৷ ঘন কুঁৱলীৰ বাবে পথ, ৰে’ল আৰু বিমান পৰিবহণৰ গতিবিধিত পৰিছে বাধা ।

DELHI INDIA COLD WAVE FOG WEATHER UPDATE TODAY
দিল্লীত ঘন কুঁৱলীৰ বাবে ৰে’ল যাতায়তত বিলম্ব

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী: ধৰাৰ বুকুত এতিয়া শীত নামিছে ৷ শীতৰ প্ৰবাহত কঁপিছে দেশৰ ভিন্ন প্ৰান্ত ৷ বিশেষকৈ দিল্লীকে ধৰি সমগ্ৰ উত্তৰ-ভাৰতত এতিয়া শীত প্ৰৱাহৰ লগতে সৃষ্টি হোৱা ঘন কুঁৱলীৰ আচ্ছাদনে যান-বাহন চলাচলত সমস্যাৰ সৃষ্টি কৰাৰ লগতে ব্যাহত হৈ পৰিছে জনজীৱন (Indian Railways cancels trains due to very fog) । উত্তৰ ভাৰতত শীতৰ প্ৰৱাহৰ ফলত সৃষ্টি হোৱা ঘন কুঁৱলীৰ বাবেই মঙলবাৰে দিল্লীত কেইবাখনো বিমানৰ যাত্ৰা পলম হয় (Air traffic go haywire as fog engulfs north India) ।

পলম হোৱা বিমানসমূহৰ ভিতৰত আছে দিল্লী-কাঠমাণ্ডু, দিল্লী-জয়পুৰ, দিল্লী-চিমলা, দিল্লী-ডেৰাডুন, আৰু দিল্লী-চণ্ডীগড়-কুল্লু (Trains, Flights Delayed in Delhi Due to Fog)। ৰাষ্ট্ৰীয় ৰাজধানীত একেৰাহে ষষ্ঠ দিনলৈ শীতৰ প্ৰৱাহ অব্যাহত আছে (Delhi remains under cold wave grip)। শীতকালৰ আটাইতকৈ দীঘলীয়া কুঁৱলীৰ ফলত পথ, ৰে’ল আৰু বিমান পৰিবহণৰ গতিবিধিত শেহতীয়াকৈ যথেষ্ট বাধা আহি পৰিছে (Cold wave continues in Delhi )।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) মতে, চেটেলাইট ছবিত পঞ্জাৱ আৰু ইয়াৰ কাষৰীয়া উত্তৰ-পশ্চিম ৰাজস্থানৰ পৰা হাৰিয়ানা, দিল্লী আৰু উত্তৰ প্ৰদেশৰ মাজেৰে বিহাৰলৈ ঘন কুঁৱলীৰ স্তৰ দেখা পোৱা গৈছে । যদিও ৰাষ্ট্ৰীয় ৰাজধানীত নিম্নতম তাপমাত্ৰা সামান্য বৃদ্ধি পাইছিল । দিল্লীৰ প্ৰাথমিক বতৰ কেন্দ্ৰ চফদৰজং পৰ্যৱেক্ষণ কেন্দ্ৰই উল্লেখ কৰা মতে, দেওবাৰে চফদৰজঙত 1.9 ডিগ্ৰীৰ বিপৰীতে নিম্নতম 3.8 ডিগ্ৰী চেলচিয়াছে অভিলেখ গঢ়িছে, যি যোৱা দুটা বছৰৰ ভিতৰত জানুৱাৰীত সৰ্বনিম্ন আৰু 2013 বৰ্ষৰ জানুৱাৰী মাহটোৰ দ্বিতীয় সৰ্বনিম্ন (Delhi’s temperature drops) ।

লোধি ৰোড, আয়ানগৰ আৰু ৰিজৰৰ নিম্নতম তাপমাত্ৰা 3.6 ডিগ্ৰী, 3.2 ডিগ্ৰী আৰু 3.3 ডিগ্ৰীৰে অভিলেখ গঢ়িছে । চফদৰজঙত দেওবাৰে সৰ্বনিম্ন তাপমাত্ৰা 1.9 ডিগ্ৰী, শনিবাৰে 2.2 ডিগ্ৰী, শুকুৰবাৰে 4 ডিগ্ৰী, বৃহস্পতিবাৰে 3 ডিগ্ৰী আৰু বুধবাৰে 4.4 ডিগ্ৰী হোৱা পৰিলক্ষিত হয় ।

সোমবাৰে একেৰাহে পঞ্চম দিনত দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বেছিভাগ পাহাৰীয়া ষ্টেচনতকৈ কম আছিল ৷ যাৰ ভিতৰত আছে চম্বা (8.7 ডিগ্ৰী), ডালহৌচি (9 ডিগ্ৰী), ধৰ্মশালা (9.2 ডিগ্ৰী), চিমলা (10.3 ডিগ্ৰী), মানালী (6 ডিগ্ৰী), কাংৰা (8.9 ডিগ্ৰী), ডেৰাডুন (6.5 ডিগ্ৰী), মুচুৰী (11.3 ডিগ্ৰী), নৈনিতাল (6 ডিগ্ৰী), মুক্তিশ্বেৰ (7.6 ডিগ্ৰী) আৰু তেহৰি (9.2 ডিগ্ৰী)।

লগতে পঢ়ক:Cold wave in India: শীতত কঁপিছে উত্তৰ ভাৰত, ব্যাহত ৰে’ল আৰু বিমান সেৱা

ABOUT THE AUTHOR

...view details