Cold wave in India: শীতত কঁপিছে উত্তৰ ভাৰত, ব্যাহত ৰে’ল আৰু বিমান সেৱা

author img

By

Published : Jan 9, 2023, 12:29 PM IST

COLD WAVE ACROSS NORTH INDIA LATEST WEATHER UPDATE

উত্তৰ ভাৰত আৰু দেশৰ পূব অংশৰ ওপৰত ঘন কুঁৱলীৰ আচ্ছাদনে দেওবাৰৰ দিনটোত ৪৮০ খনতকৈও অধিক ৰে’ল আৰু ২৫ খনতকৈও অধিক বিমানৰ সময়সূচীত প্ৰভাৱ পেলায় (Blinding layer of fog over north India) ৷ আনকি দিল্লীকে ধৰি সমভূমি অঞ্চলত নূন্যতম উষ্ণতা ১.৯ ডিগ্ৰীলৈ চেলছিয়াছলৈ নামি অহাৰ পৰিপেক্ষিতত সমগ্ৰ অঞ্চলটোত জনজীৱনো ব্যাহত হৈছে ৷

নেশ্যনেল ডেস্ক, 9 জানুৱাৰী: ধৰাৰ বুকুত এতিয়া শীত নামিছে ৷ শীতৰ প্ৰবাহত কঁপিছে দেশৰ ভিন্ন প্ৰান্ত ৷ বিশেষকৈ দিল্লীকে ধৰি সমগ্র উত্তৰ-ভাৰতত এতিয়া শীত প্রৱাহৰ লগতে সৃষ্টি হোৱা ঘন কুঁৱলীৰ আচ্ছাদনে যান-বাহন চলাচলত সমস্যাৰ সৃষ্টি কৰাৰ লগতে ব্যাহত হৈ পৰিছে জনজীৱন। শেহতীয়াকৈ ভাৰতৰ বতৰ বিজ্ঞান বিভাগে (India Meteorological Department) সোমবাৰৰ দিনটোৰ বাবে দিল্লীকে ধৰি উত্তৰ ভাৰতৰ একাংশ অঞ্চলৰ বাবে “কমলা ৰঙৰ” সতৰ্কবাণী জাৰি কৰিছে ৷ ঘন কুঁৱলী, শীত আৰু শীতৰ প্ৰবাহ অব্যাহত থাকিব বুলি সকীয়াই দিছে সতৰ্কবাণীটোত । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, চতুৰ্থ দিনটোত দেশৰ ৰাজধানীৰ নূন্যতম উষ্ণতা অধিকসংখ্যক পাহাৰীয়া ষ্টেচনতকৈও কম আছিল (North India cold wave) ।

দিল্লীৰ প্ৰাথমিক বতৰ কেন্দ্ৰত ছফদাৰজং মানৱ নিৰীক্ষণ কেন্দ্ৰই শীতৰ মাত্ৰা ১.৯ ডিগ্ৰী চেলছিয়াছ লাভ কৰিছিল, যিটো যোৱা দুটা বছৰৰ তুলনাত এইবৰ্ষৰ জানুৱাৰী মাহত সৰ্বনিম্ন দেখিবলৈ পোৱা যায় । ছফদাৰজং মানৱ নিৰীক্ষণ কেন্দ্ৰত শনিবাৰে নূন্যতম তাপমাত্ৰা ২.২ ডিগ্ৰী, শুকুৰবাৰে ৪ ডিগ্ৰী, বৃহস্পতিবাৰে ৩ ডিগ্ৰী আৰু বুধবাৰে ৪.৪ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে (Delhi cold wave)।

ইফালে, হিমাচল প্ৰদেশ (Hill stations of Himachal Pradesh) আৰু উত্তৰাখণ্ডৰ পাহাৰীয়া ষ্টেচনত নূন্যতম উষ্ণতা হৈছে- চাম্বা(৮.২ ডিগ্ৰী), ডালহৌজী (৮.২ ডিগ্ৰী), ধৰ্মশালা (৬.২ ডিগ্ৰী), শিমলা (৯.৫ ডিগ্ৰী), হামিৰপুৰ (৩.৯ ডিগ্ৰী), মানালী (৪.৪ ডিগ্ৰী), কংৰা (৭.১ ডিগ্ৰী), সোলান (৩.৬ ডিগ্ৰী), ডেৰাডুন (৬ ডিগ্ৰী), মুছুৰী (৯.৬ ডিগ্ৰী), নৈনিতাল (৬.২ ডিগ্ৰী), মুক্তেশ্বৰ (৬.৫ ডিগ্ৰী) আৰু তেহৰী (৭.৬ ডিগ্ৰী)।

ইফালে হাৰিয়ানাৰ হিছাৰত (১.৪ ডিগ্ৰী), পঞ্জাৱৰ আদমপুৰ (২.৮ ডিগ্ৰী), ৰাজস্থানৰ চুৰু(মাইনাছ ০.৫ ডিগ্ৰী), আৰু পিলানীত (১.৫ ডিগ্ৰী) পাৰা কমি আহিল; উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ(৩.২ ডিগ্ৰী) আৰু বাৰাণসী(৩.৮ ডিগ্ৰী); বিহাৰৰ গয়া(২.৯ ডিগ্ৰী); মধ্যপ্ৰদেশৰ নৌগং(মাইনাছ ১ ডিগ্ৰী) আৰু উমৰিয়া(১.৫ ডিগ্ৰী)।

শিক্ষা, পথ, ৰেল, আৰু বিমান পৰিবহণৰ ওপৰত শীতৰ প্ৰভাৱ

পাৱাৰ গ্ৰীডত টান পৰা, জীৱ-জন্তুৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰা, দিল্লী চৰকাৰে বিদ্যালয়ত শীতকালীন ছুটী ১৫ জানুৱাৰীলৈকে বৃদ্ধি কৰাৰ বিপৰীতে উত্তৰ, পূব আৰু উত্তৰ-পূব ভাৰতৰ ওপৰত কুঁৱলীৰ ঘন স্তৰে ৰাজপথত চলাচলত প্ৰভাৱ, ৰে’ল আৰু বিমান পৰিবহণৰ গতিবিধিত যথেষ্ট প্ৰভাৱ পেলাইছে । কুঁৱলীৰ বাবে প্ৰায় ৩৩৫ খন ৰে’ল পলম হৈছে, ৮৮ খন বাতিল কৰা হৈছে, ৩১খন ডাইভাৰ্ট কৰা হৈছে আৰু ৩৩খন শ্বৰ্ট টাৰ্মিনেট কৰা হৈছে । ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ বিষয়াসকলে জনোৱা মতে, দেওবাৰে পুৱা প্ৰায় ২৫খন বিমান পলম হোৱাৰ লগতে দুখন বিমান ডাইভাৰ্ট কৰা হয় ।

শীতল ঢৌৰ পৰিস্থিতি কেতিয়া হ্ৰাস পাব?

উত্তৰ-পশ্চিম ভাৰতত শীতৰ ঢৌ আৰু দিনত পৰা ঠাণ্ডাৰ পৰিস্থিতি ৪৮ ঘণ্টাৰ পিছত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । আইএমডিয়ে এক বিবৃতিযোগে (IMD statement in Cold) প্ৰকাশ কৰা মতে পৰৱৰ্তী ৪৮ ঘণ্টাত পঞ্জাৱ, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহু ঠাইত ঘন কুঁৱলীৰ প্ৰভাৱ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে (Cold wave continues in North India)।

সাৱধানতাৰ পৰামৰ্শ হিচাপে আইএমডিয়ে একাংশ স্থানত কৃষি, পশুপালন, পানী যোগান, পৰিবহণ আৰু শক্তি খণ্ডত ঠাণ্ডাৰ প্ৰভাৱ পৰাৰ সতৰ্কবাণী দিয়ে । বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ে লগতে কয় যে, দীৰ্ঘদিন ধৰি শীতৰ সংস্পৰ্শলৈ অহাৰ বাবে হিমপাত হ’ব পাৰে আৰু ইয়াৰ ফলত হ’ব পৰা ঠাণ্ডাক আওকাণ কৰিব নালাগে (Cold wave North India shivers) ৷

লগতে বতৰ বিজ্ঞান কেন্দ্ৰই এক পৰামৰ্শত উল্লেখ কৰে যে, "ভিটামিন চি সমৃদ্ধ ফলমূল আৰু শাক-পাচলি খাওক আৰু পৰ্যাপ্ত পৰিমাণৰ গৰম তৰল পদাৰ্থ খাওক যাতে পৰ্যাপ্ত ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখিব পাৰে । বাহিৰৰ কাম-কাজ পৰিহাৰ অথবা সীমিত কৰক ।"

লগতে পঢ়ক: Joshimath subsidence: উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.