অসম

assam

CM Manish Sisodia produced in CBI court : ৫ দিনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণ চিছোদিয়াক

By

Published : Feb 27, 2023, 7:36 PM IST

আবকাৰী গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক সোমবাৰে আদালতত হাজিৰ কৰোৱা হয় । তদন্তকাৰী সংস্থাটোৱে ৫ দিনৰ জিম্মা বিচাৰিছিল আৰু আদালতে তাক স্বীকাৰ কৰিছে (Manish Sisodia sent to CBI custody for 5 days)। ৮ ঘণ্টা ধৰি সোধা-পোছাৰ অন্তত দেওবাৰে সন্ধিয়া চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল ।

CM Manish Sisodia produced in CBI court
৫ দিনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণ চিছোদিয়াক

নেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী :দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক ৫ দিনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণ (Manish Sisodia sent to CBI custody for 5 days)। আবকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা চিছোদিয়াক চিবিআইয়ে ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ এম কে নাগপালৰ আদালতত হাজিৰ কৰোৱা হৈছিল । চিবিআইয়ে চিছোদিয়াক পাঁচ দিনৰ জিম্মাত বিচাৰিছিল । দুয়োটা পক্ষৰ অধিবক্তাৰ মাজত যুক্তি-তৰ্কৰ পাচত চিছোদিয়াক ৫ দিনলৈ অৰ্থাৎ ৪ মাৰ্চলৈকে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে । চিছোদিয়াৰ হৈ আদালতত তিনিগৰাকী অধিবক্তা উপস্থিত আছিল ।

ইফালে চিবিআইয়ে মনীষ চিছোদিয়াৰ গ্ৰেপ্তাৰৰ কেইবাটাও কাৰণ উল্লেখ কৰে । সেইকেইটা হ'ল -

1. দিল্লীৰ নতুন আবকাৰী নীতিৰ খচৰা দক্ষিণ ভাৰতীয় গোটৰ কিছুমান সদস্যৰ মোবাইল ফোনত পোৱা গৈছে

2. মনীষ চিছোদিয়াৰ কম্পিউটাৰত পোৱা নতুন আবকাৰী নীতিৰ খচৰা, য'ত ৫ ৰ পৰা ১২ শতাংশ উৎকোচ অন্তৰ্ভুক্ত আছে

3. এটা নিৰ্দিষ্ট কোম্পানী ইণ্ডোস্পিৰিটক লাভান্বিত কৰাৰ চেষ্টা কৰা হৈছিল

4. মনীষ চিছোদিয়াই তেওঁৰ ম'বাইলৰ পৰা ডাটা ডিলিট কৰে আৰু ম'বাইল সলনি কৰে, অনুসন্ধানটোক প্ৰভাৱিত কৰাৰ চেষ্টা কৰা হৈছিল

5. ইণ্ডো স্পিৰিটক উপকৃত কৰা হৈছে, অনুসন্ধানত সহযোগিতা নকৰা

ইফালে আবেলি ৩.১০ বজাত চিবিআইয়ে প্ৰথমে আদালতত গোচৰ উত্থাপন কৰে (Manish Sisodia in court)। চিবিআইয়ে কয় যে, অভিযোগনামা দাখিল কৰা হৈছে । চিছোদিয়াৰ কম্পিউটাৰত নতুন সুৰা নীতিৰ এখন খচৰা লাভ কৰা গৈছে, য'ত ৫ ৰ পৰা ১২ শতাংশ কমিছন লোৱাৰ কথা আছে । তেওঁ ইণ্ডো স্পিৰিটক পাইকাৰী অনুজ্ঞাপত্ৰ জাৰী কৰাৰ নিৰ্দেশ দিছিল । চিছোদিয়াই এই সময়ছোৱাত তেওঁৰ মোবাইল সলনি কৰিছে । আদালতে চিবিআইক জিম্মাৰ কিয় প্ৰয়োজন বুলি সোধাত তদন্তকাৰী সংস্থাটোৱে কয় যে, আন অভিযুক্তসকলক মুখামুখিকৈ সোধা-পোছা কৰিব লাগিব । কিয়নো তেওঁলোকে প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিয়া নাই ।

জিম্মাৰ বিৰোধিতা কৰি চিছোদিয়াৰ অধিবক্তা দয়ান কৃষ্ণনে কয় যে, চিবিআইয়ে চিছোদিয়া আৰু আন অভিযুক্তসকলৰ মাজত এটাও ফোন প্ৰদৰ্শন কৰা নাই । এইটো বৰ আকৰ্ষণীয় । চিবিআইয়ে দেখুৱাব লাগে কোনটো ফোন কল বা সভা তেওঁলোকৰ সৈতে জড়িত । ফোন সলনি কৰাটো অপৰাধ নেকি ? প্ৰশ্নবোৰৰ সঠিক উত্তৰ নিদিয়া, এইটো জিম্মাৰ আধাৰ হ'ব নোৱাৰে বুলি অধিবক্তাই দাবী কৰিছিল ।

চিছোদিয়াৰ দ্বিতীয় অধিবক্তা মোহিত মাথুৰে কৈছিল যে, নতুন সুৰা নীতি (New Liquor Policy Delhi) এলজিৰ দ্বাৰা অনুমোদিত হৈছিল কিন্তু সংস্থাটোৱে ইয়াক চোৱা নাই । লেফটেনেণ্ট গৱৰ্ণৰেও এই সন্দৰ্ভত এটা মতামত দিছিল আৰু বিশেষজ্ঞ সমিতিকো সুধিছিল । বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন তদানীন্তন আবকাৰী আয়ুক্তলৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু সংস্থাটোৱে কেৱল আঁচনিখন কাৰ্যকৰী কৰাৰ কথা কৈ আছে ।

উপ-মুখ্যমন্ত্ৰীৰ হৈ সিদ্ধাৰ্থ আগৰৱালে কয় যে, মনীষ চিছোদিয়া এগৰাকী ৰাজহুৱা কৰ্মচাৰী আৰু গুৰুতপূৰ্ণ বিভাগসমূহৰ দায়িত্বত আছে । ৰাজহুৱা কৰ্মচাৰীসকলক কেৱল তেতিয়াহে গ্ৰেপ্তাৰ কৰিব পাৰি যেতিয়া ই অতি প্ৰয়োজনীয় হয় । তেওঁ বিত্ত মন্ত্ৰী । তেওঁ বাজেট উত্থাপন কৰিব লাগিব । এনে পৰিস্থিতিত, কেইদিনমানৰ পাছত সোধা-পোছা কৰাত কি অসুবিধা আছে ? আগৰৱালে এই সময়ছোৱাত এগৰাকী ৰাজহুৱা কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা সম্পৰ্কীয় আইনো পঢ়ি শুনাইছিল । ইয়াৰ পাচত, চিবিআইয়ে চিদাম্বৰম গোচৰ সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ৰ এটা মন্তব্য পঢ়ি শুনালে, য'ত তদন্ত আৰু জেৰাৰ বিষয়ে স্পষ্টীকৰণ দিয়া হয় ।

আনহাতে, পুৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাবী কৰে যে চিবিআইৰ বেছিভাগ বিষয়াই প্ৰমাণৰ অভাৱত চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ পক্ষপাতী নহয়, কিন্তু ৰাজনৈতিক পক্ষৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে (Delhi CM on liquor scam case)।

সমান্তৰালকৈ মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ পাচতে আপৰ কৰ্মীসকলে দেশৰ বিভিন্ন স্থানত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । ইফালে আৰক্ষীয়ে এতিয়ালৈকে প্ৰায় ৭০ গৰাকী নেতাক আটক কৰিছে ।

দিল্লী চৰকাৰে ২০২১ চনৰ নৱেম্বৰত এটা নতুন আবকাৰী নীতি আৰম্ভ কৰিছিল । যাক লৈ বিজেপিয়ে অভিযোগ কৰিছিল যে সুৰাৰ বিতৰণত ৰিগিং হৈছে । আবকাৰী বিভাগৰ দায়িত্বত থকা মনীষ চিছোদিয়াই তেওঁৰ নিৰ্বাচিত ডিলাৰসকলক লাভান্বিত কৰিছে । ২০২২ চনৰ জুলাই মাহত লেফটেনেণ্ট গৱৰ্ণৰে এই সন্দৰ্ভত মুখ্য সচিবৰ পৰা প্ৰতিবেদন বিচাৰিছিল । প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰি গৱৰ্ণৰে চিবিআই তদন্তত অনুমোদন জনাইছিল ।

উল্লেখ্য যে, দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰা ৭-ৰ অধীনত অভিযোগ প্ৰমাণিত হ'লে অভিযুক্তক সৰ্বাধিক ৭ বছৰৰ শাস্তি প্ৰদান কৰিব পাৰে । ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৭৭-ৰ অধীনত, প্ৰমাণ ধ্বংস কৰা বা তদন্তকাৰী সংস্থাক বিপথে পৰিচালিত কৰাৰ শাস্তি হিচাপে সৰ্বাধিক ৫ বছৰলৈকে জে'ল হ'ব পাৰে । একে সময়তে, অপৰাধমূলক ষড়যন্ত্ৰ আৰু ইয়াত অংশগ্ৰহণৰ বাবে, ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০বি-ৰ অধীনত সৰ্বাধিক ২ বছৰলৈকে শাস্তি প্ৰদান কৰিব পাৰি ।

লগতে পঢ়ক :Delhi liquor scam case update: আজি মনীষ চিছোদিয়াক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details