ETV Bharat / bharat

Delhi liquor scam case update: আজি মনীষ চিছোদিয়াক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

author img

By

Published : Feb 27, 2023, 12:58 PM IST

আপ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক সোমবাৰে আদালতৰ সন্মুখত চিবিআইয়ে হাজিৰ কৰোৱাৰ সম্ভাৱনা (Manish Sisodia to be produced in Rouse Avenue court today) ৷ সোমবাৰে দিল্লীত ব্যাপক প্ৰতিবাদৰো আহ্বান জনাইছে আপে ।

CBI arrested Manish Sisodia
চিবিআইয়ে আবকাৰী গোচৰত গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক

নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী : দেওবাৰে চিবিআইয়ে আবকাৰী গোচৰত গ্ৰেপ্তাৰ কৰা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে (Manish Sisodia to be produced in Rouse Avenue court today) । এই বিষয়ে আম আদমী পাৰ্টিয়ে অৱগত হোৱাৰ পিছতে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে আবকাৰী নীতিৰ ভিত্তিত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে বিজেপিৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান জনায় ৷ সমান্তৰালভাৱে সোমবাৰে পুৱাৰে পৰা দিল্লীস্থিত দীনদয়াল উপাধ্যায় মাৰ্গত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা (Delhi liquor scam case) ৷

সূত্ৰই জানিবলৈ দিয়া অনুসৰি, আম আদমী পাৰ্টিয়ে আহ্বান জনোৱা প্ৰতিবাদী অনুষ্ঠানৰ বাবে চিবিআইয়ে চিছোদিয়াক শাৰীৰিকভাৱে আদালতৰ সন্মুখত হাজিৰ নকৰিবও পাৰে । ইয়াৰ বিপৰীতে ৰাউজ এভিনিউৰ বিশেষ আদালতৰ সন্মুখত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উপ-মুখ্যমন্ত্ৰীগৰাকীক হাজিৰ কৰা হ’ব বুলি জানিবলৈ পৰা গৈছে । আনফালে উপ-মুখ্যমন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনাই দিল্লীত শাসকীয় আপ দলৰ সমৰ্থক তথা কৰ্ম-কৰ্তাসকলে ৰাজধানী চহৰখনৰ বিভিন্ন স্থানৰ ৰাজপথত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাটোৱে গ্ৰহণ কৰা এই পদক্ষেপৰ প্ৰতিবাদ পৰিলক্ষিত হৈছে দেশৰ প্ৰতিটো কোণতে (Delhi Deputy Chief Minister Manish Sisodia) ।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দেওবাৰৰ পুৱাৰে পৰা পূৰ্বৰ আবকাৰী নীতিৰ গোচৰ সন্দৰ্ভত উপ-মুখ্যমন্ত্ৰীগৰাকীক আঠ ঘণ্টা পৰ্যন্ত জেৰা চলাইছিল (CBI arrested Manish Sisodia) ৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে সুৰা নীতিৰ গোচৰত সংঘটিত হোৱা কথিত অনিয়মৰ তদন্তত সহযোগ নকৰাৰ বাবে মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছে বুলি উল্লেখ কৰে । ২০২১-`২২ বৰ্ষৰ বাবে দিল্লী আবকাৰী নীতিৰ ফ্ৰেমৱৰ্ক আৰু ৰূপায়ণৰ ক্ষেত্ৰত হোৱা জালিয়াতিৰ অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় সংস্থাটোৱে দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে । এই অভিযোগৰ বিপৰীতে, আবকাৰী নীতিৰ গোচৰৰ নামত চিছোদিয়াক "ভুক্তভোগী" সজোৱা হৈছে বুলি আপ নেতাসকলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ বিৰুদ্ধে অভিযোগ তোলে ৷ বিজেপি চৰকাৰখনে দেশত স্বৈৰতন্ত্ৰ আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰে আপৰ কৰ্মীসকলে ( Delhi liquor scam case update) ৷

ইপিনে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উপ-মুখ্যমন্ত্ৰীগৰাকী ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে বুলি উল্লেখ কৰাৰ লগতে কেজৰিৱালে দলৰ নেতা-কৰ্মীসকলক অনিশ্চয়তা-অনিশ্চিতি সময়খিনিত চিছোদিয়াৰ পৰিয়ালৰ কাষত থিয় হ’বলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক : Manish Sisodia arrested: দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.