নিউজ ডেস্ক, 5 নৱেম্বৰ : বংগৰ ৰাজনীতিৰ অন্যতম বৰ্ণময় চৰিত্ৰ সুব্ৰত মুখাৰ্জীৰ বৃহস্পতিবাৰে নিশা 9.22 বজাত পৰলোকপ্ৰাপ্তি ঘটে । বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা মুখাৰ্জী ষ্টেণ্ট থ্ৰম্বোচিছত ভুগি আছিল । ষাঠিৰ দশকৰ এজন তেজস্বী ছাত্ৰ নেতা হিচাপে ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ পৰিছিল প্ৰয়াত মুখাৰ্জী ৷ পিছলৈ তেওঁ বংগৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ অন্যতম শক্তিশালী স্তম্ভ হিচাপে পৰিচিত হয় ।
তেওঁ যেতিয়া ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰিছিল তেওঁ ৰাজ্যখনৰ আটাইতকৈ কম বয়সীয়া মন্ত্ৰী হোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল । আজি পৰ্যন্ত তেওঁৰ সেই অভিলেখ ভংগ হোৱা নাই ৷ শেহতীয়াভাৱে পশ্চিম বংগ চৰকাৰৰ পঞ্চায়ত মন্ত্ৰী হৈ আছিল সুব্ৰত মুখাৰ্জী ৷