ETV Bharat / state

অসহায় ব্যক্তিৰ স্বীকাৰোক্তি; 'গাখীৰ খুওৱাই সাপ পুহিছিলো মই' !

author img

By

Published : Nov 3, 2021, 10:50 PM IST

Updated : Nov 6, 2021, 4:25 PM IST

teok-retiered-person
অসহায় ব্যক্তিৰ স্বীকাৰোক্তি

টীয়কৰ হাঁহচৰা অঞ্চলৰ পৰিচিত এগৰাকী ব্যক্তি, নাম গৌৰীনাথ ভট্টাচাৰ্য ৷ ভট্টাচাৰ্যই চাকৰিসূত্ৰে ঘৰৰ বাহিৰত থাকিবলগীয়া হৈছিল ৷ অকলশৰে থকা পত্নীৰ সংগী আছিল কণমানি সুৰেশ ৷ আগলৈ সৰ্বিশেষ পঢ়ক...

টীয়ক, 3 নৱেম্বৰ : এগৰাকী ব্যক্তিৰ অসহায় স্বীকাৰোক্তি- "কাকো বিশ্বাসত নল'ব, মই যেনেকৈ কান্দিছো নহ'লে আপুনিও কান্দিব লাগিব ৷ গাখীৰ খুওৱাই সাপ পুহিছিলোঁ মই" ৷ কিমান দুখ পালে এগৰাকী ব্যক্তিয়ে এনেধৰণৰ কথা ক’ব পাৰে আপুনিও ভাবিবলৈ বাধ্য হ’ব ৷ এগৰাকী মানুহে জীৱনৰ ভিন্ন স্তৰত নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে আগুৱাই যায় ৷ কিন্তু তাৰমাজতে আপোনজনে দিয়া দুখ কোনেও সহজতে পাহৰিব নোৱাৰে ৷ এইবাৰৰ ঘটনাটোও প্ৰায় তেনেকুৱাই ৷

অসহায় ব্যক্তিৰ স্বীকাৰোক্তি

টীয়কৰ হাঁহচৰা অঞ্চলৰ পৰিচিত এগৰাকী ব্যক্তি, নাম গৌৰীনাথ ভট্টাচাৰ্য ৷ ভট্টাচাৰ্যই চাকৰি সূত্ৰে ঘৰৰ বাহিৰত থাকিবলগীয়া হৈছিল ৷ অকলশৰে থকা পত্নীৰ সংগী আছিল কণমানি সুৰেশ ৷ সুৰেশ মানে নুমলীগড়ৰ এঘৰ দৰিদ্ৰ পৰিয়ালৰ এটি কণমানি সুৰেশ তাঁতি ৷ মাতৃ-পিতৃৰ অনুমতি সাপেক্ষে সুৰেশে নিচেই সৰুৰে পৰা থাকিবলৈ লৈছিল গৌৰীনাথ ভট্টাচাৰ্যৰ ঘৰত ৷ ব্যক্তিগৰাকীয়েও মৰমত অকণো কৃপণালি নকৰি সুৰেশক পঢ়াশুনাৰে পৰা আদি কৰি লাগতিয়াল সকলো সুবিধা প্ৰদান কৰিছিল ৷ এয়া কিছুবছৰৰ পূৰ্বৰ কথা ৷

লাহে লাহে দিন বাগৰিল ৷ ভট্টাচাৰ্য দম্পতীৰ একমাত্ৰ সাৰথি হৈ পৰিল সুৰেশ ৷ সকলো ঠিকে-ঠাকে চলি থকাৰ মাজতে দুৰ্ভাগ্যক্ৰমে পাঁচবছৰমান আগেয়ে ভট্টাচাৰ্যৰ পত্নী মিনু দেৱীৰ বিয়োগ ঘটে ৷ ইয়াৰ পিছত সুৰেশে অকলশৰীয়া অনুভৱ নকৰক বুলি ভাবিয়ে ভট্টাচাৰ্যই নুমলীগড়ৰ ঘৰত থ’বলৈ যায় ৷ কিন্তু গৌৰীনাথ ভট্টাচাৰ্যৰ মৰমক নেওচা দিব নোৱাৰি সুৰেশে পুনৰ তেওঁৰ লগতে হাঁহচৰালৈ ওভতি আহে ৷ লাহে লাহে ডেকা হ’ল তাহানিৰ সেই কণমানি সুৰেশ ৷ ডেকা হোৱাৰ লগে লগে বাঢ়িল বন্ধুবৰ্গ ৷ সুৰেশৰ নিসংগতা দূৰ কৰিবৰ বাবেই ভট্টাচাৰ্যই পত্নীৰ স্মৃতিত ঘৰৰ চৌহদতে স্থাপন কৰে এখন কণিষ্ঠ মহাবিদ্যালয় ৷ তাৰপিছতে তেওঁ সুৰেশক অৰ্পণ কৰে ঘৰটোৰ সমস্ত দায়িত্ব ৷

মানুহে কথাতে কয় নহয়, ধন বাঢ়িলে অশুভ শক্তিয়ে মূৰত ধৰে বুলি ৷ সুৰেশৰ ক্ষেত্ৰতো তাকেই হ’ল ৷ সুদীৰ্ঘ কালৰ মৰম-চেনেহ সকলো পাহৰি বিগত 25 অক্টোবৰত নগদ প্ৰায় 8 লাখ টকা, সোণৰ আ-অলংকাৰ সহিতে এখন পালচাৰ বাইক লৈ সুৰেশ উধাও হয় গৌৰীনাথ ভট্টাচাৰ্যৰ ঘৰৰ পৰা ৷

এই সকলো কথা পোহৰলৈ অহাৰ পিছতে হতচকিত হৈ পৰে গৌৰীনাথ ভট্টাচাৰ্য ৷ নিজৰ সন্তানৰ দৰে মৰম কৰা সুৰেশে যে তেওঁৰ মৰমত এনেদৰে কুঠাৰাঘাত কৰিব সেয়া সপোনৰো অগোচৰ আছিল ৷ আবেগক পিছলৈ ঠেলি বিবেকৰে কাম কৰিলে ভট্টাচাৰ্যই ৷ তেওঁ আৰু নীৰৱে নাথাকি কাষ চাপিল টীয়ক আৰক্ষীৰ ৷ অৱশেষত আৰক্ষীৰ তৎপৰতাত ধৰা পৰিল সুৰেশ তাঁতিৰ লগতে চুবুৰীয়া হিচাপে বাস কৰা জিৎপল চাংমাই নামৰ যুৱকজন ৷ আৰক্ষীৰ জেৰাত সুৰেশে বিনাদ্বিধাই স্বীকাৰ কৰি লয় সমষ্ট ঘটনাৰ দায়িত্ব ৷

উল্লেখ্য যে, বিগত সপ্তাহত মহানগৰী গুৱাহাটীৰ চাৰ্ভেত ননীগোপাল বৰুৱা আৰু মীনা বৰুৱা নামৰ দম্পতীটোক ঘৰুৱা সহায়ক আকাশ চৌধুৰীয়ে কৰা হত্যাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ টীয়কত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য ৷ যাক আপোন ভাবি ব্যক্তিগৰাকীয়ে আঁকোৱালি লৈছিল, সিয়ে আজি কৰিলে প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা ৷ এনে ঘটনাৰ যাতে কাৰো লগতে পুনৰাবৃত্তি নহয়, তাকলৈ সকলোকে সতৰ্ক হ'বলৈ আহ্বান জনাইছে অসহায় গৌৰীনাথ ভট্টাচাৰ্যই ৷

লগতে পঢ়ক: দীপাৱলী উপলক্ষে 5 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

Last Updated :Nov 6, 2021, 4:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.