অসম

assam

G20 meeting in UP : জি-২০ দেশৰ প্ৰতিনিধিৰ সৈতে আড়ম্বৰপূৰ্ণ নৈশভোজ যোগী আদিত্যনাথৰ

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 11:06 AM IST

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে জি-২০ দেশৰ অতিথিসকলৰ সৈতে নৈশ ভোজত অংশগ্ৰহণ কৰে । আদিত্যনাথে অতিথিসকলক আদৰণি জনাই আৰু ভাৰতীয় সংস্কৃতিৰ লগতে আন দেশৰ সংস্কৃতি আৰু সভ্যতাৰ প্ৰশংসা কৰে ।

G20 meeting in UP
জি-২০ দেশৰ প্ৰতিনিধিৰ সৈতে নৈশভোজ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

নেশ্যনেল ডেস্ক,২৭ আগষ্ট :বাৰাণসীত শনিবাৰে অনুষ্ঠিত হয় জি-২০ দেশৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ চতুৰ্থ আৰু অন্তিম বৈঠক । বৈঠকৰ অন্তত বড়া লালপুৰৰ হস্তকলা চাংকুলত ভাৰতৰ অধ্যক্ষতাত আয়োজিত প্ৰথম আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অনুষ্ঠান 'সুৰ বসুধা' গোলকীয় অৰ্কেষ্ট্ৰাত বিদেশী শিল্পীসকলৰ দ্বাৰা 'বসুদৈৱ কুটুম্বকম'ৰ আকৰ্ষণীয় প্ৰদৰ্শনে সকলোকে আকৰ্ষিত কৰে । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো অনুষ্ঠানটোত উপস্থিত থাকে । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অতিথিসকলক আদৰণি জনাই আৰু ভাৰতীয় সংস্কৃতিৰ লগতে আন দেশৰ সংস্কৃতি আৰু সভ্যতাৰ প্ৰশংসা কৰে ।

জি-২০ দেশৰ প্ৰতিনিধিৰ সৈতে নৈশভোজ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

জি-২০ দেশৰ লগতে ৮ খন আমন্ত্ৰিত দেশৰ শিল্পীসকলেও (বাংলাদেশ, মৰিচাছ, নেডাৰলেণ্ড, ওমান, ছিংগাপুৰ, স্পেইন, নাইজেৰিয়া, ইউ.এ.ই.) অনুষ্ঠানটোত অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও, ৬ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনো অনুষ্ঠানত উপস্থিত থাকে । এই কাৰ্যসূচী ইতিমধ্যে চৌদি আৰৱ, ইটালী, ইণ্ডোনেছিয়াত অনুষ্ঠিত হৈছে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কেন্দ্ৰীয় সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু মিনাক্ষী লেখিৰ উপস্থিতিত ব্ৰাজিলৰ সাংস্কৃতিক মন্ত্ৰীৰ প্ৰতিনিধিক পৰৱৰ্তী জি-২০ বৈঠকৰ কুইন বুটাম প্ৰদান কৰে ।

জি-২০ দেশৰ প্ৰতিনিধিৰ সৈতে নৈশভোজ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

জি-২০ দেশসমূহে সাংস্কৃতিক সন্মিলনৰ গ্লোবেল অৰ্কেষ্ট্ৰাত অংশগ্ৰহণ কৰে । য'ত মহেশ বাবু আৰু তেওঁৰ দলে সুৰ বসুধা প্ৰদৰ্শন কৰে । অনুষ্ঠানটোত ভাৰতৰ প্ৰাচীন পৰম্পৰা বসুদৈৱ কুটুম্বকমৰ দৃষ্টিভংগী উপলব্ধি কৰি সাংস্কৃতিক কাৰ্যসূচী উপস্থাপন কৰা হয় ।

জি-২০ দেশৰ প্ৰতিনিধিৰ সৈতে নৈশভোজ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

অনুষ্ঠানত বহনক্ষম উন্নয়নৰ প্ৰচাৰৰ বাবে 'এক পৃথিৱী এক পৰিয়াল এক ভৱিষ্যত'ৰ ধাৰণাটোও সংগঠিত কৰা হয় আৰু পৰিৱেশ সুৰক্ষাৰ বাৰ্তা দিয়া হয় । সাংস্কৃতিক অনুষ্ঠানসমূহ সফলতাৰে সম্পূৰ্ণ হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে অতিথিসকলৰ বাবে আয়োজন কৰা নৈশ ভোজতো অংশগ্ৰহণ কৰে ।

জি-২০ দেশৰ প্ৰতিনিধিৰ সৈতে নৈশভোজ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

কেন্দ্ৰীয় সাংস্কৃতিক আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, পৰ্যটন মন্ত্ৰী জয়বীৰ সিং, গোবিন্দ মোহন, কেন্দ্ৰীয় সাংস্কৃতিক সচিব, উত্তৰ প্ৰদেশৰ মুখ্য সচিব দুৰ্গা শংকৰ মিশ্ৰ আৰু জি-২০ দেশৰ প্ৰতিনিধিসকলে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :MP Election 2023: পুনৰ মধ্য প্ৰদেশত চৰকাৰ গঠন কৰিব কংগ্ৰেছে; জীতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details