ETV Bharat / bharat

MP Election 2023: পুনৰ মধ্য প্ৰদেশত চৰকাৰ গঠন কৰিব কংগ্ৰেছে; জীতেন্দ্ৰ সিং

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 8:53 PM IST

নিৰ্বাচনমুখী মধ্য প্ৰদেশত টিকট প্ৰদান কৰাৰ ক্ষেত্ৰত যুৱ প্ৰাৰ্থীক অধিক গুৰুত্ব দিয়া হ’ব ৷ এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙৰ ৷ বহু কংগ্ৰেছ বিধায়কৰ টিকট কৰ্তন হোৱাৰো ইংগিত দিছে জীতেন্দ্ৰ সিঙে ৷

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 26 আগষ্ট: বিজেপিক লৈ সুখী নহয় মধ্য প্ৰদেশৰ ভোটাৰ ৷ তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ বেলট পেপাৰৰ জৰিয়তে দিব ৷ এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙৰ ৷ উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰ ফালে মধ্য প্ৰদেশত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷

মধ্য প্ৰদেশ কংগ্ৰেছৰ নিৰীক্ষণ সমিতিৰ অধ্যক্ষ জীতেন্দ্ৰ সিঙে শনিবাৰে ইটিভি ভাৰতক কয়, ‘‘2020 চনত আমাৰ চৰকাৰ কাঢ়ি নিয়া বিজেপিৰ ওপৰত ৰাজ্যখনৰ ভোটাৰসকলৰ খং উঠিছে ৷ 2018 নিৰ্বাচিত কমল নাথ চৰকাৰে তেওঁৰ শাসনকালত যথেষ্ট ভাল কাম কৰিছিল ৷ কিন্তু বিজেপিৰ কূটনীতিৰ বাবে 2020 চনত কংগ্ৰেছ চৰকাৰৰ পতন হয় ৷ ইয়াক লৈ মধ্য প্ৰদেশৰ ভোটাৰসকল ক্ষোভিত হৈ আছে আৰু তেওঁলোকে বেলট পেপাৰযোগে ইয়াৰ প্ৰত্যুত্তৰ দিব ৷’’

জীতেন্দ্ৰ সিঙে লগতে কয় যে সন্মুখত পৰাজয় দেখা পায় মধ্য প্ৰদেশৰ বিজেপি উদ্বিগ্ন হৈ পৰিছে আৰু আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ বিৰুদ্ধে 41 খন এজাহাৰ দাখিল কৰি সস্তীয়া ৰাজনীতিৰ আশ্ৰয় লৈছে ৷ মধ্য প্ৰদেশত বিজেপি চৰকাৰৰ দুৰ্নীতি উন্মোচন হৈছে ৷ তেওঁলোকে দুৰ্নীতিৰ জৰিয়তে ক্ষমতালৈ আহিছিল আৰু পিছত অধিক দুৰ্নীতিত লিপ্ত হয় ৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আজি তিনিজন নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ সেই উদ্বিগ্নতাৰ প্ৰতিফলন ৷

লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে দাবী কৰি কয় যে মধ্য প্ৰদেশত পুনৰ কংগ্ৰেছ ক্ষমতালৈ আহিব ৷ এই ক্ষেত্ৰত টিকট বিতৰণ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব বুলি তেওঁ মন্তব্য কৰে ৷

‘‘মই 2 ছেপ্টেম্বৰৰ পৰা পাঁচ দিনৰ বাবে ভূপালত থাকিম আৰু সকলো 230 খন বিধানসভা আসনৰ পৰ্যালোচনা কৰিম ৷ টিকট বিতৰণ আমাৰ বিজয়ৰ বাবে আৰু প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ দ্বাৰা নিৰ্ধাৰিত 150 খন আসনৰ লক্ষ্য পূৰণৰ বাবে গুৰুত্বপূৰ্ণ হ’ব ৷ সেয়েহে, মই প্ৰতিখন আসনৰ কৰ্মী আৰু নেতাসকলৰ পৰা মতামত গ্ৰহণ কৰিম ৷ আমাৰ বৰ্তমানৰ সকলো বিধায়কক টিকট দিয়া নহ’ব ৷ বিধায়কসকলৰ প্ৰদৰ্শনৰ আধাৰতহে পুনৰ টিকট প্ৰদান কৰা হ’ব,’’ জীতেন্দ্ৰ সিঙে কয় ৷

এই সন্দৰ্ভত তেওঁ আৰু কয় যে উপযুক্ত প্ৰাৰ্থী চিনাক্ত কৰিবলৈ দলৰ নেতাসকলে কেইবাটাও জৰীপ চলাই আছে ৷ আমাৰ নেতা ৰাহুল গান্ধীৰ নিৰ্দেশনা অনুসৰি সদায় যুৱ নেতা আৰু মহিলা প্ৰাৰ্থী প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হ’ব ৷ যদি এখন আসনত দুজন অতি ভাল প্ৰাৰ্থী থাকে তেন্তে যুৱ নেতাসকলক অগ্ৰাধিকাৰ দিয়া হ’ব ৷

‘‘যোৱা কেইদিনমানত প্ৰায় 500 জন লোকে মোক লগ কৰি দাবী কৰিছে যে তেওঁলোকে টিকট পাব লাগে ৷ নিৰ্বাচনৰ সময়ত এনে ধৰণৰ ঘটনা ঘটে আৰু ই দেখুৱায় যে কংগ্ৰেছত টিকটৰ প্ৰতিযোগিতা আছে,’’ তেওঁ কয় ৷

লগতে পঢ়ক: Muzaffarnagar boy slapping : বিজেপিয়ে দেশত ঘৃণা বিয়পোৱাৰ অভিযোগ ৰাহুল আৰু প্ৰিয়ংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.