নেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ :ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত ভয়ংকৰ মাওবাদী আক্ৰমণৰ ঘটনা । মাওবাদীৰ আক্ৰমণত দুগৰাকী শ্ৰমিক নিহত হোৱাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে ছোটেডোংগাৰ আৰক্ষী থানাৰ অন্তৰ্গত আমদাই খনিত মাওবাদীয়ে সংস্থাপন কৰা আইইডি বিস্ফোৰণৰ ফলত তিনিগৰাকী শ্ৰমিক আঘাতপ্ৰাপ্ত হৈছিল । কিন্তু আহতসকলৰ দুগৰাকী শ্ৰমিক নিহত হয় । এজন শ্ৰমিকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আহত শ্ৰমিকগৰাকী ছোটেডোংগাৰ কমিউনিটি হেল্থ চেণ্টাৰত চিকিৎসাধীন হৈ আছে ।
শুকুৰবাৰে পুৱা প্ৰায় ৮ মান বজাত ছোটেডোংগাৰৰ আমদাই খনিত মাওবাদীয়ে এই আক্ৰমণ কৰে । পুৱা শ্ৰমিকসকলে অৰণ্যৰ মাজেৰে খনিত কাম কৰিবলৈ গৈ আছিল । সেই সময়তে এজন শ্ৰমিকৰ ভৰি আইইডিৰ প্ৰেচাৰৰ ওপৰত পৰে । ফলত আইইডিটো বিস্ফোৰণ হয় আৰু ২১ বছৰীয়া ৰিতেশ গগদাৰ ঘটনাস্থলীতে মৃত্যু হয় । বিস্ফোৰণটোত আন এগৰাকী শ্ৰমিক আহত হয় । আনহাতে শ্ৰৱণ কুমাৰ নামৰ এজন শ্ৰমিক আইইডি বিস্ফোৰণৰ পাছতে সন্ধানহীন হৈছিল । অৱশ্যে সুৰক্ষা বাহিনীৰ জোৱানসকলে কিছু সময় পাছতে শ্ৰৱণ কুমাৰৰ মৃতদেহ উদ্ধাৰ কৰে ।