ETV Bharat / bharat

ৰাজৌৰীত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত লস্কৰ ই তৈবাৰ শীৰ্ষ কমাণ্ডাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 9:28 PM IST

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত দুদিন ধৰি চলা সন্ত্ৰাসবাদী বিৰোধী অভিযানত নিহত হৈছে লস্কৰ ই তৈবাৰ এজন শীৰ্ষ কমাণ্ডাৰ আৰু তেওঁৰ এজন সহযোগী ৷ এই গুলীয়াগুলীত বুধবাৰে শ্বহীদ হয় চাৰি ভাৰতীয় সেনা জোৱান ৷

encounter in Rajouri
encounter in Rajouri

নিউজ ডেস্ক, 23 নৱেম্বৰ: জম্মু-কাশ্মীৰৰ ৰাজৌৰীত বৃহস্পতিবাৰে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ দ্বিতীয় দিনা নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে লস্কৰ-ই-তৈবাৰ সংগঠনৰ এজন শীৰ্ষ অধিনায়ক আৰু তেওঁৰ সহযোগীক ।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জাৰি কৰা এক বিবৃতি অনুসৰি ৰাজৌৰী জিলাৰ ধৰ্মশাল-কলাকোটেৰ বাজিমাল অঞ্চলত বুধবাৰে সন্ত্ৰাসবাদী আৰু সেনা-আৰক্ষীৰ মাজত এক এনকাউণ্টাৰ সংঘটিত হয় । লস্কৰ-ই-তৈবাৰ ক’ড নেম ‘কাৰী’ বুলি চিনাক্ত হোৱা এজন কমাণ্ডাৰক সহযোগীৰ সৈতে গুলীয়াই হত্যা কৰা হৈছে ।

বিগত এবছৰ ধৰি ৰাজৌৰী-পুঞ্চ অঞ্চলত নিহত কমাণ্ডাৰ আৰু তেওঁৰ দলটো সক্ৰিয় হৈ আছিল । কমাণ্ডাৰগৰাকী ডাংগ্ৰী আৰু কাণ্ডী আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলিও অনুমান কৰা হৈছে । জানিব পৰা মতে নিহত সন্ত্ৰাসবাদীটোক অঞ্চলটোত সন্ত্ৰাসবাদক পুনৰুজ্জীৱিত কৰিবলৈ প্ৰেৰণ কৰা হৈছিল আৰু তেওঁ ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) নিয়ন্ত্ৰণৰ বিশেষজ্ঞৰ লগতে এজন ট্ৰেইনাৰ স্নাইপাৰ আছিল । তেওঁ পাহাৰৰ গুহাত আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে । নিৰাপত্তাৰক্ষীয়ে তেওঁৰ হাতৰ পৰা অস্ত্ৰ-শস্ত্ৰকে ধৰি আপত্তিজনক বহু সামগ্ৰী উদ্ধাৰ কৰে ।

নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সেনা আৰু আৰক্ষীয়ে যৌথ অনুসন্ধান অভিযান আৰম্ভ কৰিছিল আৰু অঞ্চলটো ঘেৰাও কৰিছিল । তালাচী অভিযান চলি থকাৰ সময়তে অঞ্চলটোত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে আৰু পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীৰ দলেও প্ৰত্যুত্তৰ দিয়ে । লস্কৰ-ই-তৈবা সংগঠনৰ সৈতে জড়িত এটা সন্ত্ৰাসবাদী আৰু তেওঁৰ সহযোগীকো গুলীয়াই হত্যা কৰা হৈছে বুলি নিৰাপত্তা বাহিনীয়ে জনায় ৷

ইয়াৰ পূৰ্বে বুধবাৰে এই অভিযানত সেনাবাহিনীৰ চাৰিজন জোৱান নিহত হোৱাৰ লগতে আহত হয় দুজন । নিশা অভিযান বন্ধ কৰাৰ পিচত বৃহস্পতিবাৰে পুৱাৰে পৰা পুনৰ গুলীচালনা আৰম্ভ হয় সেই স্থানত ৷

লগতে পঢ়ক: ৰাজৌৰীত সন্ত্ৰাসবাদ বিৰোধী অভিযান, পুনৰ দুগৰাকী সেনা জোৱান আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.