ETV Bharat / bharat

ৰাজৌৰীত সন্ত্ৰাসবাদ বিৰোধী অভিযান, পুনৰ দুগৰাকী সেনা জোৱান আহত

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 12:46 PM IST

আজিও ৰাজৌৰী জিলাত অব্যাহত আছে সন্ত্ৰসাবাদ বিৰোধী অভিযান । বৃহস্পতিবাৰে পুনৰ ২ গৰাকী জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে । বুধবাৰে ৪ গৰাকী জোৱান শ্বহীদ হয় ।

Rajouri operation enters into second day
ৰাজৌৰীত সন্ত্ৰাসবাদ বিৰোধী অভিযান

নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ : জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । বুধবাৰৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষ বৃহস্পতিবাৰেও অব্যাহত আছে । পুৱা ধৰ্মশালৰ বাজিমাল অঞ্চলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি পুনৰ গুলীচালনা কৰে । নিৰাপত্তা বাহিনীয়েও ইয়াৰ প্ৰত্যুত্তৰত সন্ত্ৰাসবাদীক লক্ষ্য কৰি গুলীচালনা কৰে । সূত্ৰৰ মতে এই গুলীচালনাত পুনৰ দুগৰাকী সেনা জোৱান আহত হৈছে । আহত জোৱানসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আহত এগৰাকী ৯ পেৰা বিশেষ ফৰ্চৰ মেজৰ বুলি জানিব পৰা গৈছে ।

ইয়াৰ পূৰ্বে বুধবাৰে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষৰ সময়ত ৪ গৰাকী সেনা জোৱান শ্বহীদ হৈছিল । নিহত জোৱানসকলৰ দুগৰাকী বিষয়া পৰ্যায়ৰ আছিল । সূত্ৰৰ মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা দলৰ গতিবিধিৰ বিষয়ে তথ্য লাভ কৰাৰ পাছতে অঞ্চলটোত বিশেষ বাহিনীকে ধৰি সেনা মোতায়েন কৰা হৈছিল । অভিযানকাৰী দলটোৱে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছিল ।

ইফালে নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ আধাৰত কালাকোট এলেকা, গুলাবগড় বনাঞ্চল আৰু ৰাজৌৰী জিলাত যুটীয়া অভিযান আৰম্ভ কৰা হৈছিল । জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ কালাকোট অঞ্চলত চলি থকা সন্ত্ৰাসবাদ বিৰোধী অভিযান সন্দৰ্ভত ভাৰতীয় সেনাৰ হোৱাইট নাইট কৰ্পছে কয় যে সন্ত্ৰাসবাদীসকলো আঘাতপ্ৰাপ্ত হৈছে আৰু নিৰাপত্তা বাহিনীয়ে অঞ্চলটো এতিয়াও ঘেৰাও কৰি ৰাখিছে । ইফালে অঞ্চলটোৰ সাধাৰণ নাগৰিকসকলৰ সুৰক্ষাৰ বিষয়ো গুৰুত্ব সহকাৰে লোৱা হৈছে । আৰক্ষীয়ে জনোৱা মতে এতিয়াও অঞ্চলটোত কেইবাটাও সন্ত্ৰাসবাদী আত্মগোপন কৰি আছে ।

লগতে পঢ়ক :গুৰদ্বাৰত গুলীচালনা ১ আৰক্ষী কনিষ্টবল নিহত হোৱাৰ লগতে আহত ২ জন বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.