অসম

assam

Nitin Gadkari on 2024 Lok Sabha election : ২০২৪ত বিজেপি পুনৰ ক্ষমতালৈ আহিব ; নীতিন গাডকাৰী

By

Published : Jun 1, 2023, 5:30 PM IST

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি জয়ী হোৱাটো নিশ্চিত (Upcoming Lok Sabha Election 2024)। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ । গ্ৰীণ এনাৰ্জিৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে তেওঁ বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে ।

Nitin Gadkari on 2024 Lok Sabha election
২০২৪ত বিজেপি পুনৰ ক্ষমতালৈ আহিব

নেশ্যনেল ডেস্ক,১ জুন :অহা বছৰ অৰ্থাৎ ২০২৪ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন (Lok Sabha Election 2024)। ইতিমধ্যে দেশৰ প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে । শাসকীয় দল বিজেপিয়েও নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । দলীয় স্থিতি শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা ।

তেওঁ দাবী কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অহা বছৰ অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত বিজেপি পুনৰ জয়ী হ'ব । 'টাইমছ নেটৱৰ্ক ইণ্ডিয়া ইকনমিক কনক্লেভ'ত অংশগ্ৰহণ কৰি গাডকাৰীয়ে লগতে কয় যে চৰকাৰে যোৱা ৯ বছৰত দেশৰ উন্নয়নৰ বাবে বহুতো ভাল কাম কৰিছে (Times Network India Economic Conclave)।

দৰিদ্ৰতা নিৰ্মূল কৰা আৰু ভাৰতক ৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতিৰ পৰ্যায়লৈ লৈ যোৱাৰ প্ৰধানমন্ত্ৰীৰ লক্ষ্যত উপনিত হ'বলৈ নিযুক্তিৰ সৃষ্টি অতি প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে । এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে বিজেপিয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনত জয়ী হ'ব (Nitin Gadkari on 2024 Lok Sabha election)। বিজেপিয়ে ভাল কাম কৰিছে যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন কৰিব । দেশৰ উন্নয়নৰ বাবে মানুহে বিজেপিক নিৰ্বাচিত কৰিব বুলিও তেওঁ দাবী কৰে ।

২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৫৪৩ খন আসনৰ ভিতৰত ৩০৩ খন আসন লাভ কৰিছিল । আনহাতে কংগ্ৰেছে মাত্ৰ ৫২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল (2019 Lok Sabha election results)। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে ক্ষুধা, দৰিদ্ৰতা আৰু নিবনুৱা । গাডকাৰীয়ে কয় যে তেওঁ নিৰ্মাণ সঁজুলিৰ বাবে কম মূল্যত ঋণ প্ৰদান কৰাৰ কথা চিন্তা কৰি আছে যি গ্ৰীণ হাইড্ৰজেন, এলএনজি আৰু বিদ্যুতৰ দৰে বিশুদ্ধ ইন্ধনৰ ওপৰত কাম কৰিব ।

তেওঁ লগতে কয় যে নিৰ্মাণৰ মানদণ্ডৰ সৈতে আপোচ নকৰাকৈ নিৰ্মাণৰ ব্যয় হ্ৰাস কৰাৰ প্ৰয়োজন আছে । বৰ্তমান নিৰ্মাণ সঁজুলি ডিজেলত চলে । সেয়ে তেওঁ বিচাৰে যাতে সেইবোৰ গ্ৰীণ হাইড্ৰজেন, এলএনজি আৰু বিদ্যুতৰ দ্বাৰা কাম কৰিব পাৰে । পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কম মূল্যত বিশুদ্ধ ইন্ধনত চলা সঁজুলি ক্ৰয় কৰাৰ বাবে কম মূল্যত ঋণ প্ৰদানৰ এক নীতিৰ বিষয়ে চিন্তা-চৰ্চা কৰি থকা হৈছে । তেওঁ কোৱা মতে বিত্তীয় অডিটতকৈ প্ৰদৰ্শন অডিট অধিক গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক :Nepal PM meet PM Modi : ভাৰত আৰু নেপালৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

ABOUT THE AUTHOR

...view details