ETV Bharat / bharat

Nepal PM meet PM Modi : ভাৰত আৰু নেপালৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

author img

By

Published : Jun 1, 2023, 4:20 PM IST

ভাৰত- নেপাল সীমান্তত দুখনকৈ সীমান্ত তালাচী চকী উন্মোচন (ICPs inaugurated between India and Nepal)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী দাহালে ভাৰ্ছুৱেলী মুকলি কৰে তালাচী চকী কেইখন । দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে কেইবাখনো দ্বিপাক্ষিক চুক্তিও স্বাক্ষৰ কৰে ।

Nepal PM meet PM Modi
ভাৰত আৰু নেপালৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

নেশ্যনেল ডেস্ক,১ জুন : ভাৰতৰ ৰূপাইদিহা আৰু নেপালৰ নেপালগঞ্জত উদ্বোধন দুখনকৈ সীমান্ত তালাচী চকী (ICPs inaugurated between India and Nepal)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প দাহাল ওৰফে প্ৰচণ্ডই বৃহস্পতিবাৰে সীমান্ত তালাচী চকী কেইখন উদ্বোধন কৰে । দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে ৰে'লৱেৰ কুৰ্তা-বিজালপুৰা শাখাৰ ই-প্লেনো উন্মোচন কৰে (Nepal PM in India)। আনহাতে বাথনাহাৰ পৰা নেপাল কাষ্টম য়াৰ্ডলৈ ভাৰতীয় ৰে'লৱেৰ কাৰ্গো ৰে'লৰ ফ্লেগ অফ কৰে ।

দুয়োখন দেশৰ মাজৰ বাণিজ্য আৰু শক্তিকে ধৰি কেইবাটাও ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে আলোচনা কৰাৰ লগতে এই ক্ষেত্ৰত ৭ খন চুক্তিও স্বাক্ষৰ কৰা হয় । সংবাদ মাধ্যমৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে নেপালৰ সৈতে সম্পৰ্কক হিমালয়ৰ উচ্চতালৈ লৈ যোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিব । প্ৰধানমন্ত্ৰী প্ৰচণ্ডৰ সৈতে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যাতে ভৱিষ্যতে দুয়োখন দেশৰ অংশীদাৰিত্ব অতি সফল হয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে সাংস্কৃতিক, ধৰ্মীয় সম্পৰ্ক অধিক বৃদ্ধি কৰিবলৈ দুয়োগৰাকী নেতাই সিদ্ধান্ত লৈছে যে ৰামায়ণ বৰ্তনী সম্পৰ্কীয় প্ৰকল্পসমূহ ত্বৰান্বিত কৰিব লাগে (PM Modi on India Nepal relation)।

পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প দাহালে হায়দৰাবাদ হাউচত দ্বিপাক্ষিক বৈঠকত মিলিত হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইটযোগে এই বৈঠক সফল হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে । নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱা নতুন দিল্লীৰ ৰাজ ঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

যোৱা বছৰ ডিচেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰা দাহাল ওৰফে প্ৰচণ্ডই ৩১ মে'ত ভাৰতত উপস্থিত হৈছিল (Nepal PM visits India)। এয়া তেওঁৰ চতুৰ্থটো ভাৰত ভ্ৰমণ । কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমটো বিদেশ ভ্ৰমণলৈ অহা নেপালৰ প্ৰধানমন্ত্ৰী দাহালে বুধবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰে । ভ্ৰমণৰ অংশ হিচাপে তেওঁ উজ্জয়িনী আৰু ইন্দোৰ ভ্ৰমণ কৰিব ।

লগতে পঢ়ক :Nepal PM India visit : আজি প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.