অসম

assam

পৌৰ সভা নিৰ্বাচনৰ পূৰ্বে বিজেপি-চিপিআই(এম)ৰ মাজত পুনৰ সংঘাত

By

Published : Nov 5, 2021, 6:27 PM IST

municipal elections
পৌৰ সভা নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু চিপিআইএমৰ মাজত পুনৰ সংঘাত

পুনৰ আৰম্ভ হৈছে বিজেপি আৰু চিপিআই(এম)ৰ সংঘাত । ত্ৰিপুৰাৰ পৌৰ সভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত দুয়োটা দলৰ সংঘাতে ব্যাপক চৰ্চা লাভ কৰিছে ৰাজ্যখনত । চিপিআই(এম)ৰ কৰ্মীক আক্ৰমণৰ অভিযোগ তুলি বিজেপিৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান কৰিছে নিৰ্বাচন আয়োগক ।

আগৰতলা,৫ নৱেম্বৰ :অহা ২৫ নৱেম্বৰত অনুষ্ঠিত হ'ব ত্ৰিপুৰাৰ পৌৰ পৰিষদৰ নিৰ্বাচন । নিৰ্বাচনক লৈ এতিয়া ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । কিন্তু ইয়াৰ মাজতে বিজেপি আৰু চিপিআইএম দলৰ মাজত তীব্ৰ সংঘাত দেখিবলৈ পোৱা গৈছে । চিপিআইএম ৰাজ্যিক সচিবালয় সংস্থাই অভিযোগ কৰা মতে বিজেপিৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ বাবে চিপিআইএমে আগন্তুক নগৰীয় স্থানীয় সংস্থা নিৰ্বাচনৰ বাবে পাঁচখন পৌৰ পৰিষদত তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে ।

এক প্ৰেছ বিজ্ঞপ্তিত চিপিআইএমৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে কয় যে, বিজেপিৰ নিৰন্তৰ আক্ৰমণৰ বাবে বাওঁমৰ্চাৰ প্ৰাৰ্থীসকলে শান্তিৰবজাৰ, উদয়পুৰ, বিশালগড়, মোহনপুৰ আৰু ৰাণীৰবজাৰ আৰু দুখন নগৰ পঞ্চায়ত জিৰানিয়া আৰু কমলপুৰকে ধৰি পাঁচখন পৌৰ পৰিষদত মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে । তেওঁ অভিযোগ কৰে যে পৌৰ নিগমৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ দিনৰ পৰাই বিজেপি সমৰ্থিত এক পক্ষই সংশ্লিষ্ট পৌৰ নিগমসমূহৰ ৰিটাৰ্ণিং বিষয়াসকলৰ কাৰ্যালয় দখল কৰি লৈছে ।

এই সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগৰ দৃষ্টি আকৰ্ষণ কৰা স্বত্বেও আয়োগে সাংবিধানিক দায়িত্ব পালনত চৰম বিফলতাৰ অভিযোগ তুলিছে চিপিআইএময়ে । সমান্তৰালভাৱে, আৰক্ষীয়েও তেওঁলোকৰ দায়িত্ব পালনত ব্যৰ্থ হোৱাৰে অভিযোগ তুলিছে দলটোৱে । ইফালে ত্ৰিপুৰাৰ উত্তৰ জিলাৰ বিৰোধী চিপিআইএময়ে জিলা নিৰ্বাচন বিষয়াগৰাকীক এক স্মাৰকপত্ৰও প্ৰদান কৰে । নিৰপেক্ষ আৰু শান্তিপূৰ্ণ পৰিৱেশত আগন্তুক পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে চিপিআইএমে ।

স্মাৰকপত্ৰখনত চিপিআইএমে অভিযোগ কৰিছে যে নিৰ্বাচন ঘোষণাৰ পিছৰে পৰা বিজেপিৰ দুৰ্বৃত্তই ধৰ্মনগৰ পৌৰ নিগম অঞ্চলৰ চিপিআই(এম) নেতৃত্ব আৰু কৰ্মীসকলক ভাবুকি দিয়া আৰু আক্ৰমণ কৰা আৰম্ভ কৰিছে । কোনো নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ নকৰাৰ বাবে চিপিআই(এম)ৰ কৰ্মীসকলক ভাবুকি দিছে বুলিও স্মাৰক পত্ৰত উল্লেখ কৰা হৈছে । ২৭ অক্টোবৰত মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছৰে পৰা বিজেপি বাহিনীয়ে ঘৰে ঘৰে গৈ চিপিআই(এম), অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ প্ৰাৰ্থীসকলক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰিলে হত্যাৰ ভাবুকি দি আহিছে বুলি গুৰুতৰ অভিযোগ তুলিছে চিপিআইএম দলে ।

চিপিআইএমে ৪ নৱেম্বৰত ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিবৰ ওচৰতো স্মাৰকপত্ৰ দাখিল কৰে । নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সকলো প্ৰাৰ্থীৰ বাবে পৰ্যাপ্ত নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনায় দলটোৱে । সকলো আক্ৰমণকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি দিবলৈ আহ্বান জনায় চিপিআইএময়ে ।

নিৰ্বাচনী কৰ্মী আৰু ভোটাৰসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে নিৰ্বাচনী আচৰণ বিধি প্ৰতিটো ৰাজনৈতিক দলৰ ক্ষেত্ৰত সমানে প্ৰয়োগ কৰিব লাগে বুলি দাবী জনায় । তেওঁলোকে লগতে দাবী কৰে যে নিৰ্বাচনী প্ৰচাৰত প্ৰতিটো ৰাজনৈতিক দলক সমান সুযোগ দিয়া উচিত আৰু মনোনয়ন পত্ৰ পৰীক্ষাৰ দিনা প্ৰাৰ্থীৰ প্ৰস্তাৱক আৰু ৰাজনৈতিক নেতা আৰু কৰ্মীসকলৰ পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰিব লাগে ।

লগতে পঢ়ক :গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা AC electric traction প্ৰৱৰ্তনত অনুমোদন

ABOUT THE AUTHOR

...view details