ETV Bharat / bharat

গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা AC electric traction প্ৰৱৰ্তনত অনুমোদন

author img

By

Published : Nov 4, 2021, 12:41 PM IST

CRS authorization
গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা AC electric traction প্ৰৱৰ্তনত অনুমোদন

গুৱাহাটী ষ্টেচনৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে উত্তৰ-পূৱৰ ৰাজধানী এক্সপ্ৰেছ আৰু তেজছ ৰাজধানী এক্সপ্ৰেছৰ দৰে ৰে’লসমূহ এতিয়া গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীৰ লগতে মুম্বাই, চেন্নাই, কলকাতা আদিৰ দৰে অন্যান্য চহৰলৈ বৈদ্যুতিক ট্ৰেক্সনত চলিব পাৰিব ।

নেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ : উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই গুৱাহাটী ৰে'ল ষ্টেচনলৈ অহা-যোৱা কৰা এচি বৈদ্যুতিক ট্ৰেক্সন (AC electric traction) প্ৰৱৰ্তনৰ বাবে ৰে'ল সুৰক্ষা আয়োগৰ (CRS) অনুমোদন লাভ কৰিছে । ৰে'ল মন্ত্ৰালয়ৰ মতে, গুৱাহাটী হৈছে উত্তৰ-পূৱৰ আটাইতকৈ ডাঙৰ আৰু ব্যস্ত ৰে’ল ষ্টেচন । এইটো এতিয়া ২৫ কেভি এচি ট্ৰেক্সনৰ জৰিয়তে সকলো মুখ্য চহৰৰ সৈতে সংযুক্ত হৈ আছে ।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই (NFR) কাটিহাৰৰ পৰা গুৱাহাটীলৈ মুঠ ৬৪৯ RKM/১২৯৪ TKM বৈদ্যুতিকৰণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে । এনেদৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত পৰি থকা মুঠ হাই ডেনচিটি নেটৱৰ্ক (HDN) পথ (৬৪৯ RKM) বৈদ্যুতিক ট্ৰেক্সনৰ সৈতে আৰম্ভ কৰা হৈছে । ইয়াৰ জৰিয়তে এতিয়া নতুন দিল্লীক গুৱাহাটীৰ সৈতে নিৰ্বিঘ্ন বৈদ্যুতিক ট্ৰেক্সনত সংযোগ কৰিব ।

লক্ষণীয়ভাৱে, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই চলিত বছৰৰ ২২ অক্টোবৰৰ পৰা এচি ট্ৰেক্সনৰ সৈতে ব্ৰহ্মপুত্ৰ মেইলৰ (Brahmaputra Mail) সৈতে কামাখ্যা ষ্টেচনৰ পৰা বৈদ্যুতিক ট্ৰেক্সনসহ ৰে'ল চলিবলৈ আৰম্ভ কৰিছে । গুৱাহাটী ষ্টেচনৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে উত্তৰ-পূৱৰ ৰাজধানী এক্সপ্ৰেছ আৰু তেজছ ৰাজধানী এক্সপ্ৰেছৰ দৰে ৰে'লসমূহ এতিয়া গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীৰ লগতে মুম্বাই, চেন্নাই, কলকাতা আদিৰ দৰে অন্যান্য চহৰলৈও বৈদ্যুতিক ট্ৰেক্সনত চলিব পাৰিব ।

এই বৈদ্যুতিকৰণৰ কামে এইচএছডি তেলৰ (HSD Oil )ওপৰত ব্যয় কৰা বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৰাহি কৰিব আৰু সেউজ পৰিবহণ আৰু ক্ষতিকাৰক কাৰ্বনৰ পৰিমাণ হ্ৰাস কৰিব ।

লগতে পঢ়ক : পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.