ETV Bharat / bharat

পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ

author img

By

Published : Nov 4, 2021, 8:54 AM IST

পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস
পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস

বৃহস্পতিবাৰৰ পৰা পেট্ৰ'ল-ডিজেলৰ ওপৰত আবকাৰী শুল্ক ক্ৰমান্বয়ে ৫ টকা আৰু ১০ টকা হ্ৰাস কৰা হ'ব । দেৱালীৰ প্ৰাকমূহুৰ্তত এয়া একপ্ৰকাৰ ভাল খবৰ বুলিব পাৰি ৷

নেশ্যনেল ডেস্ক, 4 নৱেম্বৰ : ভিন্ন প্ৰতিবাদৰ সন্মুখীন হৈ থকা চৰকাৰে বুধবাৰে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক ক্ৰমান্বয়ে ৫ আৰু ১০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দেৱালীৰ প্ৰাকমূহুৰ্তত এয়া একপ্ৰকাৰ ভাল খবৰ বুলিব পাৰি ৷ যিয়ে ইন্ধনৰ আকাশচুম্বী মূল্য হ্ৰাস কৰাত সহায় কৰাৰ লগতে মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি থকা সাধাৰণ জনতাক কিছু সকাহ প্ৰদান কৰিব ।

"ভাৰত চৰকাৰে কাইলৈৰ পৰা পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক ক্ৰমান্বয়ে ৫ আৰু ১০ টকা হ্ৰাস কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । ইয়াৰ ফলত হ্ৰাস পাব পেট্ৰ'ল-ডিজেলৰ মূল্য"- এক চৰকাৰী বিবৃতিত বুধবাৰে এনেদৰে প্ৰকাশ পায় ।

কৃষকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে লক ডাউনৰ মাজতো অৰ্থনৈতিক বিকাশৰ গতি অব্যাহত ৰাখিছে ৷ অনাগত সময়ত ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাসে তেওঁলোকক উৎসাহ যোগাব বুলিও বিবৃতিটোত প্ৰকাশ কৰা হৈছে ৷

উল্লেখ্য যে, বিগত সময়চোৱাত খাৰুৱা তেলৰ মূল্য বিশ্বব্যাপী বৃদ্ধি হয় । ফলস্বৰূপে, পেট্ৰ'ল-ডিজেলৰ মূল্য ব্যাপক হাৰত ঊৰ্ধগামী হয় ৷

লগতে চাওক: অসমত পেট্ৰ’লৰ মূল্য ১২ টকা আৰু ডিজেলৰ মূল্য ১৭ টকা হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.