অসম

assam

Woman suicide in Bihar : শোকাৱহ! তিনি সন্তানক হত্যা কৰি আত্মহত্যা কৰিলে মাতৃয়ে

By

Published : Apr 30, 2023, 1:41 PM IST

মাগ্ৰা অঞ্চলত নিজৰ তিনিটা ল’ৰা-ছোৱালীক হত্যা কৰি আত্মহত্যা কৰিলে এগৰাকী মহিলাই ৷ ইতিমধ্যে আৰক্ষীয়ে স্বামীক গ্ৰেপ্তাৰ কৰে আৰু ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্তৰ (woman hangs self in Bihar’s Gaya) ৷

সন্তানৰ লগতে নিজেও আত্মহত্যা কৰিলে এগৰাকী মাতৃয়ে
সন্তানৰ লগতে নিজেও আত্মহত্যা কৰিলে এগৰাকী মাতৃয়ে

নেশ্যনেল ডেস্ক, 30 এপ্ৰিল : বিহাৰত শোকাৱহ ঘটনা ৷ ৰাজ্যখনৰ গয়া জিলাৰ মাগ্ৰা অঞ্চলত এগৰাকী মহিলাই নিজৰ তিনিটাকৈ ল’ৰা-ছোৱালীক হত্যা কৰি আত্মহনন কৰাৰ ঘটনা সংঘটিত হৈছে । শনিবাৰে মালতী দেৱী নামৰ এগৰাকী মহিলা আৰু তেওঁৰ তিনিটা সন্তানক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় বুলি জানিবলৈ দিয়ে নগৰ আৰক্ষী অধীক্ষকগৰাকীয়ে । আৰক্ষী অধীক্ষক হিমাংশুৰ মতে, মহিলাগৰাকীয়ে প্ৰথমে সন্তানক ফাঁচী দিয়াৰ পিচত নিজেও ডিঙিত ফাঁচী লয় । আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত গোচৰ ৰুজু কৰি মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে (woman hangs self in Bihar’s Gaya) ।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ঘটনা সন্দৰ্ভত চলোৱা প্ৰাথমিক তদন্তত স্বামীয়ে আতিশয্য চলোৱা এটা গোচৰ চৰ্চালৈ আহিছে । আত্মহননৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰা মালতী দেৱীৰ আত্মীয়ই মালতী দেৱীৰ স্বামীৰ বিৰুদ্ধে উত্থাপন কৰিছে গাৰ্হস্থ্য হিংসা চলোৱাৰ অভিযোগ, যাৰ বাবে মালতী দেৱীয়ে আত্মহত্যা কৰিছে বুলিও কয় মালতী দেৱীৰ আত্মীয়ই । ইতিমধ্যে আৰক্ষীয়ে স্বামীক গ্ৰেপ্তাৰ কৰে আৰু ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে (Suicide in Bihar)।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ ইন্দোৰ জিলাৰ এখন বিউটি পাৰ্লাৰলৈ স্বামীয়ে যাবলৈ নিদিয়াৰ বাবে এগৰাকী 34 বছৰীয়া মহিলাই গ্ৰহণ কৰে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । বৃহস্পতিবাৰে মহানগৰীৰ এৰোড্ৰম আৰক্ষী থানাৰ অধীনৰ এক অঞ্চলত সংঘটিত হয় এই ঘটনা । মহিলাগৰাকীৰ নাম ৰীনা যাদৱ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । তদন্তকাৰী বিষয়া উমা শংকৰ যাদৱে জনোৱা মতে, প্ৰায় 15 বছৰ পূৰ্বে মহিলাগৰাকী বলৰাম যাদৱৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । বৃহস্পতিবাৰে তাই বলৰামক বিউটি পাৰ্লাৰলৈ যাবলৈ বিচৰাত বলৰামে সেয়া নাকচ কৰে । ইয়াৰ পিচতে ৰীনাই চিলিঙত ওলমি আত্মহত্যা কৰে বুলি উল্লেখ কৰে (domestic violence in india) ৷

লগতে পঢ়ক :Same sex marriage : ন্যায়িক প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে হিমাচল প্ৰদেশত সম্পন্ন হ’ল সমলিংগীয় বিবাহ

ABOUT THE AUTHOR

...view details