ETV Bharat / bharat

Same sex marriage : ন্যায়িক প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে হিমাচল প্ৰদেশত সম্পন্ন হ’ল সমলিংগীয় বিবাহ

author img

By

Published : Apr 30, 2023, 10:18 AM IST

শনিবাৰে হামিৰপুৰত সম্পন্ন হয় সমলিংগীয় বিবাহ ৷ দুগৰাকী যুৱতীৰ মাজত সম্পন্ন হৈছে এই বিয়া ৷ বিয়া হোৱাৰ পিচত দুয়ো পঞ্জীয়নৰ বাবে তহচিলত উপস্থিত হয় (same sex marriage latest news)।

Same sex marriage
Same sex marriage

নেশ্যনেল ডেস্ক, 30 এপ্ৰিল : শনিবাৰে হিমাচল প্ৰদেশৰ ৰথ তহচিল চৌহদত সমলিংগীয় এখন বিবাহক লৈ সৃষ্টি হয় ব্যাপক চৰ্চা ৷ মন্দিৰত বিবাহপাশত আৱদ্ধ হৈ দুগৰাকী যুৱতীয়ে বিবাহ পঞ্জীয়ন কৰিবলৈ তহচিল চৌহদত উপস্থিত হয় আৰু সদ্য বিবাহিত দম্পতিটোৱে ডাকটিকটত কোনো হেঁচা নোহোৱাকৈয়ে তেওঁলোক বিবাহপাশত আৱদ্ধ হৈছে বুলি স্পষ্ট কৰি দিয়ে । পাহাৰীয়া জিলাখনৰ দুগৰাকী যুৱতীয়ে এগৰাকীয়ে আনগৰাকীক বিয়া কৰাই চিৰ জীৱনলৈ এক হোৱাৰ প্ৰতিজ্ঞা কৰি সমাজত এক নজিৰ সৃষ্টি কৰিলে যদিও বিয়াখনক সহজভাৱে ল’ব পৰা নাই অঞ্চলটোৰ ৰাইজে (Same sex marraige in India) ।

হামিৰপুৰৰ চিকাছি থানা এলেকাৰ এখন গাঁৱৰ দুগৰাকী ছোৱালীয়ে পছন্দ অনুসাৰে নিজৰ মাজতে বিয়া পাতিলে । ছোৱালী দুগৰাকীৰ এগৰাকীৰ বয়স ২১ বছৰ আৰু আনগৰাকীৰ বয়স ২০ বছৰ বুলি জানিবলৈ পৰা গৈছে । বিয়া সম্পন্ন হোৱাৰ পিচত দুয়োগৰাকী যুৱতীয়ে সমলিংগ বিবাহৰ প্ৰমাণ পত্ৰ বনাবলৈ ৰাথ তহচিল চৌহদত উপস্থিত হয় (two girls married each other in Himachal Pradesh) ।

তহচিল চৌহদত উপস্থিত হোৱা ছোৱালীকেইজনীয়ে কোনো ধৰণৰ জোৰ-জবৰদস্তি আৰু হেঁচা নোহোৱাকৈ ইজনে আনজনৰ সৈতে বিবাহপাশত আৱদ্ধ হয় বুলি ডাকটিকটত লিখিতভাৱে উল্লেখ কৰে । বিয়া হোৱা দুয়োগৰাকী যুৱতী তথা সদ্য বিবাহিত দম্পতিটোৱে জনোৱা মতে, দুয়োৰে নামো ইতিমধ্যে তহচিলত পঞ্জীয়ন কৰা হৈছে । ইয়াত এগৰাকী যুৱতীয়ে স্বামী হিচাবে নাম পঞ্জীয়ন কৰাৰ বিপৰীতে আনগৰাকী যুৱতীয়ে পত্নী হিচাবে নিজৰ নাম পঞ্জীয়ন কৰিছে বুলি জানিবলৈ পৰা গৈছে (same sex marriage case) ।

ইয়াৰোপৰি, ইজনে-সিজনৰ অবিহনে জীয়াই থাকিব নোৱাৰে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । একে সময়তে ৰাথ অঞ্চলৰ দুগৰাকী ছোৱালীৰ সমকামী বিবাহৰ বিষয়টোও চৰ্চাৰ বিষয় হৈয়ে আছে । উল্লেখ্য যে, বৰ্তমান সমলিংগীয় বিবাহৰ বিষয়টো আদালতৰ বিচৰাধীন পৰ্যায়ত আছে ৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজন ন্যায়াধীশৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰি আছে ৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰে সমলিংগীয় বিবাহ তথা সম্পৰ্কৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে (SC on Same sex Marriage Petitions) ৷

লগতে পঢ়ক : Same Sex Marriage: সমকামী বিবাহৰ স্বীকৃতিৰ বিৰোধিতা কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.