ETV Bharat / bharat

Same Sex Marriage: সমকামী বিবাহৰ স্বীকৃতিৰ বিৰোধিতা কেন্দ্ৰীয় চৰকাৰৰ

author img

By

Published : Mar 12, 2023, 9:25 PM IST

same sex marriage
সমকামী বিবাহৰ স্বীকৃতিৰ বিৰোধিতা কেন্দ্ৰীয় চৰকাৰৰ

"সমকামী বিবাহ ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৭ কৰ্তৃত্বহীন হোৱা স্বত্বেও, আবেদনকাৰীসকলে সমকামী বিবাহক দেশৰ আইনৰ অধীনত স্বীকৃতি দিয়াৰ মৌলিক অধিকাৰ দাবী কৰিব নোৱাৰে।" সমকামী বিবাহক আইনী স্বীকৃতি প্ৰদান কৰাৰ বিৰোধিতা কৰে কেন্দ্ৰীয় চৰকাৰে (Centre opposes recognition of Same Sex Marriage)।

নেশ্যনেল ডেস্ক, 12 মাৰ্চ: বৰ্তমান সময়ত সমলিংগ বিবাহ ভাৰতীয় সভ্যতাত পৰিলক্ষিত কৰা হৈছে ৷ উচ্চতম ন্যায়ালয়ে 2018 চনৰ 7 ছেপ্টেম্বৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 5 জনীয়া সাংবিধানিক বিচাৰপীঠে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 377 ৰ অধীনত ভাৰতত সমকামিতা বৈধ বুলি ঘোষণা কৰিছিল ৷ অৱশ্যে ইয়াৰ পিচতে সমকামী বিবাহৰ (Same Sex Marriage)বৈধতাৰ ওপৰত কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছিল উচ্চতম ন্যায়ালয়ে। দেওবাৰে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ এই প্ৰশ্নৰ উত্তৰস্বৰূপে সমকামী বিবাহক স্বীকৃতি দিয়াৰ দাবীৰ তীব্ৰ বিৰোধিতা কৰিছে। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে ১৫ খন আবেদনৰ বিৰোধিতা কৰে (Centre opposes recognition of Same Sex Marriage)।

এক শপতনামাত, কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰে যে বিবাহৰ ধাৰণাটো মূলতঃ বিপৰীত লিংগৰ দুজন ব্যক্তিৰ মাজৰ সম্পৰ্ক । বিবাহৰ এই সংজ্ঞা সামাজিক, সাংস্কৃতিক আৰু আইনীভাৱে শুদ্ধ ৷ বিবাহ আৰু পৰিয়াল ভাৰতৰ সমাজব্যৱস্থাৰ অতি গুৰুত্বপূৰ্ণ অংগস্বৰূপ ৷ কেৱল পুৰুষ আৰু মহিলাৰ মাজতহে বিবাহৰ কথা বিবেচনা কৰিব পাৰি। সমকামী বিবাহ সামাজিক নৈতিকতা আৰু ভাৰতীয় নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয় । সমকামী বিবাহক স্বীকৃতি দিব নোৱাৰি। এয়া ভাৰতীয় পৰিয়ালৰ ধাৰণাৰ বিৰোধী। এটা পৰিয়াল পতি, পত্নী আৰু তেওঁলোকৰ সন্তানৰ দ্বাৰা হয়। সমকামী ব্যক্তিৰ সৈতে যৌন সম্ভোগ কৰাটো স্বামী, পত্নী আৰু সন্তানৰ ভাৰতীয় পাৰিবাৰিক ধাৰণাৰ সৈতে তুলনা নহয় । যদি সমকামী বিবাহ এখনত বিচ্ছেদ হয় তেন্তে তেওঁলোকৰ পতি-পত্নীক হিচাপে কিদৰে বিবেচনা কৰিব ।

লগতে কেন্দ্ৰীয় চৰকাৰে শপতনামাখনত উল্লেখ কৰে যে এজন জৈৱিক পুৰুষ আৰু জৈৱিক মহিলাৰ মাজত বিবাহ ব্যক্তিগত আইন বা সংহিতাবদ্ধ আইনৰ অধীনত হয়, যেনে হিন্দু বিবাহ আইন, 1955, খ্ৰীষ্টান বিবাহ আইন, 1872, পাৰ্চী বিবাহ আৰু বিবাহ বিচ্ছেদ আইন, 1936 বা বিশেষ বিবাহ আইন, 1954 বা বিদেশী বিবাহ আইন, 1969।

ইয়াৰো পৰি শপতনামাখনত উল্লেখ কৰা আছিল যে ভাৰতীয় আইনী আৰু ব্যক্তিগত আইন ব্যৱস্থাত বিবাহৰ আইনী বুজাবুজি অতি নিৰ্দিষ্ট। বিবাহৰ সৈতে জড়িত পক্ষবোৰে এনে এক প্ৰতিষ্ঠান সৃষ্টি কৰে যাৰ নিজা ৰাজহুৱা গুৰুত্ব আছে, ই হৈছে এক সামাজিক প্ৰতিষ্ঠান যাৰ পৰা বহুতো অধিকাৰ আৰু দায়বদ্ধতা প্ৰবাহিত হয়। এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজত বিবাহৰ পৰম্পৰাগত সম্পৰ্কৰ উৰ্ধত যিকোনো স্বীকৃতিয়ে আইনৰ ভাষাৰ বাবে অগ্ৰহণযোগ্য ৷

ইফালে কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰে যে যদিও কেন্দ্ৰই সমকামী সম্পৰ্কৰ বাবে ইয়াৰ স্বীকৃতি সীমিত কৰে, সমাজ এখনত আন প্ৰকাৰৰ বিবাহ বা ইউনিয়ন বা ব্যক্তিৰ মাজৰ সম্পৰ্কৰ ব্যক্তিগত বুজাবুজি থাকিব পাৰে আৰু এইবোৰ "বেআইনী নহয়"। উল্লেখ্য যে এই সন্দৰ্ভত অহা 13 মাৰ্চত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব ।

লগতে পঢ়ক: Karnataka Polls : কৰ্ণাটকত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব প্ৰায় ১৬ হাজাৰ কোটি টকাৰ প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.