অসম

assam

গুজৰাটত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে ৰৌপেক্স ফেৰী সেৱা

By

Published : Nov 8, 2020, 5:10 PM IST

Updated : Nov 8, 2020, 6:10 PM IST

গুজৰাটত মুকলি ৰৌপেক্স ফেৰী সেৱা ৷ প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰা এই ফেৰী সেৱাই চুৰাট আৰু সৌৰাষ্ট্ৰৰ মাজৰ দূৰত্ব ৩১৭ কিলোমিটাৰৰ(পথ) পৰা হ্ৰাস কৰিব ৬০ কিলোমিটাৰলৈ ৷

PM inaugurates Ro-Pax ferry service in Gujarat
গুজৰাটত ৰৌপেক্স ফেৰী সেৱা মুকলি প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, 8 নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ চুৰাট আৰু সৌৰাষ্ট্ৰৰ মাজত ৰৌপেক্স ফেৰী সেৱা উদ্বোধন কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীও উপস্থিত থাকে এই উদ্বোধনী অনুষ্ঠানত ।

গুজৰাটত ৰৌপেক্স ফেৰী সেৱা মুকলি প্ৰধানমন্ত্ৰীৰ

এই ফেৰী সেৱাই চুৰাট আৰু সৌৰাষ্ট্ৰৰ মাজৰ দূৰত্ব ৩১৭ কিলোমিটাৰৰ(পথ) পৰা ৬০ কিলোমিটাৰলৈ হ্ৰাস কৰিব বুলি কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী মনসুখ মণ্ডাভিয়াই জানিবলৈ দিয়ে । উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীগৰাকীয়ে কয় যে, সৌৰাষ্ট্ৰৰ বহু সংখ্যক লোকে চুৰাটত বসতি স্থাপন কৰিছে আৰু হীৰা উদ্যোগত কাম কৰি আছে । এই পথেৰে দৈনিক প্ৰায় 5,000 বাছ চলাচল কৰে আৰু যাতায়তৰ বাবে প্ৰায় 10ৰ পৰা 12 ঘণ্টা সময় লাগে ৷

আনহাতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তিত এই ফেৰী সেৱাই সাগৰীয় পথৰ মাজেৰে 370 কিমি দূৰত্ব 90 কিল’মিটাৰলৈ হ্ৰাস কৰাৰ কথা উল্লেখ কৰা হৈছে ৷ যাৰ ফলত সময় আৰু ইন্ধন ৰাহি হোৱাৰ লগতে সৌৰাষ্ট্ৰ অঞ্চলত পৰিভ্ৰম আৰু ধৰ্মীয় পৰ্যটন বৃদ্ধি পোৱাৰ আশা কৰা হৈছে ৷ এখন ফেৰীয়ে দৈনিক তিনিবাৰকৈ যাতায়ত কৰিব আৰু বছৰি 80,000 যাত্ৰীবাহী বাহন, 50,000 দুচকীয়া বাহন আৰু 30,000 ট্ৰাকৰ লগতে প্ৰায় 5 লাখ যাত্ৰী যাতায়ত কৰিব পাৰিব ৷ তদুপৰি ৰৌপেক্স ফেৰীৰে সৌৰাষ্ট্ৰলৈ যাতায়তৰ বাবে সময় লাগিব মাত্ৰ চাৰি ঘণ্টা ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত এজন জোৱান নিহত

Last Updated :Nov 8, 2020, 6:10 PM IST

ABOUT THE AUTHOR

...view details