নিউজ ডেস্ক, 22 অক্টোবৰঃভাৰত-পাকিস্তান সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে পোখৰান ৰেঞ্জত ভাৰতীয় স্থলসেনাৰ শক্তিশালী প্ৰদৰ্শন ৷ পৰম্পৰাগত যুদ্ধনীতিৰ পৰিৱৰ্তে উন্নত আৰু সংহত যুদ্ধনীতিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি ভাৰতীয় স্থলসেনাই সোমবাৰে অনুষ্ঠিত কৰে এই বিশেষ অনুশীলন ৷
পোখৰান ৰেঞ্জত ভাৰতীয় সেনাৰ যুদ্ধশৈলীৰ শক্তিশালী প্ৰদৰ্শন
ভাৰতীয় স্থলসেনাত শেহতীয়াকৈ সংযোজিত K9 Vajra টোপ প্ৰথমবাৰৰ বাবে যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰে ভাৰতীয় সেনাই ৷ ৰাজস্থানৰ পোখৰান ৰেঞ্জত অনুষ্ঠিত হৈ যোৱা স্থলসেনাৰ এক যুদ্ধ অনুশীলনত সোমবাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰে 155 মিলিমিটাৰ গোলা সম্পন্ন টোপটোৱে ৷
ভাৰতীয় স্থলসেনাৰ Southern Commandৰ অধীনস্থ Sudarshan Chakra Corpsৰ সহযোগত অনুষ্ঠিত হৈ যায় এই অনুশীলন ৷ অনুশীলনত ব্যৱহাৰ কৰা হয় স্থলসেনাৰ শক্তিশালী টেংক,মাল্টিপল ৰকেট লান্সাৰ,কে নাইন বজ্ৰ টোপ,যুঁজাৰু হেলিকপ্টাৰ,আৰ্মাৰ আৰ্টিলাৰী,এয়াৰ ডিফেন্সকে ধৰি ইনফেন্ট্ৰিৰ শক্তিশালী অস্ত্ৰপ্ৰণালী ৷
পোখৰান ৰেঞ্জত অনুষ্ঠিত হৈ যোৱা অনুশীলনটো তদাৰক কৰে Southern Commandৰ GOC-in-C লেফ. জেন. এছ কে সৈনীয়ে ৷ ইয়াৰ লগতে অনুশীলনটোত উপস্থিত থাকে Sudarshan Chakra Corpsৰ কৰ্পছ কামাণ্ডাৰ লেফ. জেন. যোগেন্দ্ৰ ডিমৰীৰ লগতে স্থলসেনাৰ এয়াৰ ডিফেন্স,এভিয়েশ্বন কৰ্পছ,আৰ্টিলাৰী ৰেজিমেন্টকে ধৰি বহুকেইটা ইউনিট ৷
পোখৰান ৰেঞ্জত ভাৰতীয় সেনাৰ যুদ্ধশৈলীৰ শক্তিশালী প্ৰদৰ্শণ
ভাৰতীয় স্থলসেনাত শেহতীয়াকৈ সংযোজিত K9 Vajra টোপ প্ৰথমবাৰৰ বাবে যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰে ভাৰতীয় সেনাই ৷ ৰাজস্থানৰ পোখৰান ৰেঞ্জত অনুষ্ঠিত হৈ যোৱা স্থলসেনাৰ এক যুদ্ধ অনুশীলনত সোমবাৰে নিজৰ শক্তি প্ৰদৰ্শণ কৰে 155 মিলিমিটাৰ গোলা সম্পন্ন টোপটোৱে ৷
নিউজ ডেস্ক, 22 অক্টোবৰঃভাৰত-পাকিস্তান সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে পোখৰান ৰেঞ্জত ভাৰতীয় স্থলসেনাৰ শক্তিশালী প্ৰদৰ্শণ ৷ পৰম্পৰাগত যুদ্ধনীতিৰ পৰিৱৰ্তে উন্নত আৰু সংহত যুদ্ধনীতিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি ভাৰতীয় স্থলসেনাই সোমবাৰে অনুষ্ঠিত কৰে এই বিশেষ অনুশীলন ৷
ভাৰতীয় স্থলসেনাৰ Southern Commandৰ অধীনস্থ Sudarshan Chakra Corpsৰ সহযোগত অনুষ্ঠিত হৈ যায় এই অনুশীলন ৷ অনুশীলনত ব্যৱহাৰ কৰা হয় স্থলসেনাৰ শক্তিশালী টেংক, মাল্টিপল ৰকেট লান্সাৰ, কে নাইন বজ্ৰ টোপ, যুঁজাৰু হেলিকপ্টাৰ, আৰ্মাৰ আৰ্টিলাৰী, এয়াৰ ডিফেন্সকে ধৰি ইনফেন্ট্ৰিৰ শক্তিশালী অস্ত্ৰপ্ৰনালী ৷
পোখৰান ৰেঞ্জত অনুষ্ঠিত হৈ যোৱা অনুশীলনটো তদাৰক কৰে Southern Commandৰ GOC-in-C লেফ. জেন. এছ কে সৈনীয়ে ৷ ইয়াৰ লগতে অনুশীলনটোত উপস্থিত থাকে Sudarshan Chakra Corpsৰ কৰ্পছ কামাণ্ডাৰ লেফ. জেন. যোগেন্দ্ৰ ডিমৰীৰ লগতে স্থলসেনাৰ এয়াৰ ডিফেন্স, এভিয়েশ্বন কৰ্পছ, আৰ্টিলাৰী ৰেজিমেন্টকে ধৰি বহুকেইটা ইউনিট ৷
Conclusion: