ETV Bharat / bharat

ভাৰতীয় সেনাই ধ্বংস কৰিলে পাকিস্তানী সেনাৰ মৰ্টাৰ

author img

By

Published : Oct 22, 2019, 5:40 PM IST

বিগত কিছুদিনৰ পৰাই ভাৰতীয় সেনাক লক্ষ্য কৰি ধাৰাসাৰ গোলাবৰ্ষণ অব্যাহত ৰাখিছে পাকিস্তানী সেনাই ৷ জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত পাকিস্তানী সেনাই লক্ষ্য কৰি লৈছে ভাৰতীয় সেনাৰ বাংকাৰৰ লগতে অসামৰিক স্থান সমূহক ৷ শেহতীয়াকৈ পাকিস্তানী সেনাৰ দ্বাৰা গুলিওৱা 3টাকৈ মৰ্টাৰ ধ্বংস কৰে ভাৰতীয় সেনাই ৷

ভাৰতীয় সেনাই ধ্বংস কৰিলে পাকিস্তানী মৰ্টাৰ

নিউজ ডেস্ক, 22 অক্টোবৰঃ ভাৰত-পাক সীমান্তৰ নিয়ন্ত্ৰণৰেখাত অব্যাহত আছে উত্তেজনা ৷ বিগত কিছুদিনৰ পৰা ভাৰতীয় সেনাক লক্ষ্য কৰি পাকিস্তানে অব্যাহত ৰাখিছে ধাৰাসাৰ গোলাবৰ্ষণ ৷ যুদ্ধবিৰতি চুক্তি উলংঘণ কৰি ভাৰতীয় সেনাৰ লগতে অসামৰিক লোকক লক্ষ্য কৰি পাকিস্তানে অব্যাহত ৰাখিছে গোলাবৰ্ষণ ৷

ভাৰতীয় সেনাই ধ্বংস কৰিলে পাকিস্তানী মৰ্টাৰ

লগতে পঢ়কঃ পুত্ৰকো সেনাবাহিনীত যোগদান কৰোৱাৰ সপোন দেখিছিল শ্বহীদ পদম বাহাদুৰে

পাকিস্তানী সেনাৰ গোলাবৰ্ষণত দুগৰাকীকৈ ভাৰতীয় সৈনিক শ্বহীদ হোৱাৰ লগতে এগৰাকী অসামৰিক লোক নিহত হৈছে ৷ নিয়ন্ত্ৰণৰেখাৰ টাংধাৰ ছেক্টৰত সংঘটিত এই ঘটনাত শ্বহীদ হয় অসমৰ পদম বাহাদুৰ শ্ৰেষ্ঠাৰ লগতে আন এগৰাকী সেনা জোৱান ৷ শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় সেনাই উদ্ধাৰ কৰে পাকিস্তানৰ সেনাৰ তিনিটাকৈ মৰ্টাৰ ৷ 120 এমএমৰ তিনিওটা মৰ্টাৰ স্থলসেনাই নিৰাপদ স্থানত বিস্ফোৰণ ঘটাবলৈ সক্ষম হয় ৷ জিলাখনৰ কাচবা আৰু কিৰ্নী ছেক্টৰত উদ্ধাৰ হৈছিল তিনিওটা মৰ্টাৰ ছেল ৷

লগতে পঢ়কঃ ডিফুত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ : এজনক আটক

পাকিস্তানী সেনাৰ ধাৰাবাহিক আক্ৰমণৰ প্ৰত্যুত্তৰ ইতিমধ্যে প্ৰদান কৰিছে ভাৰতীয় স্থলসেনাই ৷ স্থলসেনাই বিধ্বংসী আৰ্টিলাৰী টোপ ব্যৱহাৰ কৰি পাকিস্তান অধ্যুষিত কাশ্মীৰত জইচ-ই-মহম্মদৰ লগতে হিজবুল মুজাহিদীনৰ চাৰিটা ঘাটি ইতিমধ্যেই উৎখাত কৰিছে ৷ এই আক্ৰমণত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন দুটাৰ 30ৰ পৰা 35 টা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে পাকিস্তানী সেনাৰ ৰেঞ্জাৰ দলৰ 6গৰাকী জোৱান নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷

Intro:Body:

ভাৰতীয় সেনাই ধ্বংস কৰিলে পাকিস্তানী সেনাৰ মৰ্টাৰ 



বিগত কিছুদিনৰ পৰাই ভাৰতীয় সেনাক লক্ষ্য কৰি ধাৰাসাৰ গোলাবৰ্ষণ অব্যাহত ৰাখিছে পাকিস্তানী সেনাই ৷ জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত পাকিস্তানী সেনাই লক্ষ্য কৰি লৈছে ভাৰতীয় সেনাৰ বাংকাৰৰ লগতে অসামৰিক স্থানসমূহক ৷ শেহতীয়াকৈ পাকিস্তানী সেনাৰ দ্বাৰা গুলিওৱা 3টাকৈ মৰ্টাৰ ধ্বংস কৰে ভাৰতীয় সেনাই ৷ 



নিউজ ডেস্ক, 22 অক্টোবৰঃ ভাৰত-পাক সীমান্তৰ নিয়ন্ত্ৰণৰেখাত অব্যাহত আছে উত্তেজনা ৷ বিগত কিছুদিনৰ পৰা ভাৰতীয় সেনাক লক্ষ্য কৰি পাকিস্তানে অব্যাহত ৰাখিছে ধাৰাসাৰ গোলাবৰ্ষণ ৷ যুদ্ধবিৰতি চুক্তি উলংঘন কৰি ভাৰতীয় সেনাৰ লগতে অসামৰিক লোকক লক্ষ্য কৰি পাকিস্তানে অব্যাহত ৰাখিছে গোলাবৰ্ষণ ৷ 



পাকিস্তানী সেনাৰ গোলাবৰ্ষণত দুগৰাকীকৈ ভাৰতীয় সৈনিক শ্বহীদ হোৱাৰ লগতে এগৰাকী অসামৰিক লোক নিহত হৈছে ৷ নিয়ন্ত্ৰণৰেখাৰ টাংধাৰ ছেক্টৰত সংঘটিত এই ঘটনাত শ্বহীদ হয় অসমৰ পদম বাহাদুৰ শ্ৰেষ্ঠাৰ লগতে আন এগৰাকী সেনা জোৱান ৷ 



শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় সেনাই উদ্ধাৰ কৰে পাকিস্তানৰ সেনাৰ তিনিটাকৈ মৰ্টাৰ ৷ 120 এমএমৰ তিনিওটা মৰ্টাৰ স্থলসেনাই নিৰাপদ স্থানত বিস্ফোৰণ ঘটাবলৈ সক্ষম হয় ৷ জিলাখনৰ কাচবা আৰু কিৰ্নী ছেক্টৰত উদ্ধাৰ হৈছিল তিনিওটা মৰ্টাৰ ছেল ৷ 



পাকিস্তানী সেনাৰ ধাৰাবাহিক আক্ৰমণৰ প্ৰত্যুত্তৰ ইতিমধ্যে প্ৰদান কৰিছে ভাৰতীয় স্থলসেনাই ৷ স্থলসেনাই বিধ্বংসী আৰ্টিলাৰী টোপ ব্যৱহাৰ কৰি পাকিস্তান অধ্যুষিত কাশ্মীৰত জইচ-ই-মহম্মদৰ লগতে হিজবুল মুজাহিদীনৰ চাৰিটা ঘাটি ইতিমধ্যেই উৎখাত কৰিছে ৷ এই আক্ৰমণত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন দুটাৰ 30ৰ পৰা 35 টা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে পাকিস্তানী সেনাৰ ৰেঞ্জাৰ দলৰ 6গৰাকী জোৱান নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷ 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.