অসম

assam

ভাৰতবৰ্ষ সম্ভৱত সৰ্বোচ্চ শুল্কযুক্ত দেশঃ ড’নাল্ড ট্ৰাম্প

By

Published : Feb 25, 2020, 10:53 PM IST

দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত ভাৰতক সৰ্বোচ্চ শুল্কযুক্ত দেশ বুলি উল্লেখ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যেই এখন বৃহৎ দ্বি-পাক্ষিক বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰে ৷

India is probably nation with highest tariffs: Trump
ভাৰতবৰ্ষ সম্ভৱত সৰ্বোচ্চ শুল্কযুক্ত দেশঃ ড’নাল্ড ট্ৰাম্প

নেশ্যনেল ডেস্ক, 25 ফেব্ৰুৱাৰীঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথমটো চৰকাৰী ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত ভাৰতবৰ্ষক সম্ভৱত সৰ্বোচ্চ শুল্কযুক্ত দেশ বুলি অভিহিত কৰে ৷

দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত ভাৰতক সৰ্বোচ্চ শুল্কযুক্ত দেশ বুলি উল্লেখ কৰে ৷ লগতে হাৰ্লি ডেভিডছনে অধিক শুল্ক প্ৰদান কৰে আৰু আমেৰিকাই তাৰ উচিত ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে ৷

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যেই এখন বৃহৎ দ্বি-পাক্ষিক বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰে ৷

ভাৰতবৰ্ষ সম্ভৱত সৰ্বোচ্চ শুল্কযুক্ত দেশঃ ড’নাল্ড ট্ৰাম্প

ইয়াৰ পূৰ্বে ৰাজধানীস্থিত হায়দৰাবাদ হাউচত ট্ৰাম্পে 3 মিলিয়ন মাৰ্কিন ডলাৰৰ দ্বি-পাক্ষিক চুক্তিৰ কথা ঘোষণা কৰে ৷ য’ত ভাৰতে আমেৰিকাৰ পৰা উচ্চ মানদণ্ডৰ হেলিকপ্তাৰ ক্ৰয় কৰিব ৷

নিজৰ 36 ঘন্টীয়া ভাৰত ভ্ৰমণত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নী তথা জী-জোঁৱাইও আহমেদাবদৰ পিছত আগ্ৰাৰ তাজমহল দৰ্শন কৰি দিল্লীত উপস্থিত হয় ৷

আৰু পঢ়কঃডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ বিৰোধিতাৰে কলকাতাত বাওঁপন্থীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details