অসম

assam

অসমৰ বান সমস্যা নিৰ্মূলৰ বাবে 346 কোটি টকা অনুদানৰ ঘোষণা কেন্দ্ৰৰ

By

Published : Jul 23, 2020, 9:54 AM IST

Updated : Jul 23, 2020, 7:36 PM IST

অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰি থকাৰ সময়তে কেন্দ্ৰই বানত ক্ষতিগ্ৰস্তসকলৰ বাবে মুঠ 346 কোটি টকা সাহাৰ্যৰ ঘোষণা কৰে ৷ সম্প্ৰতি ৰাজ্যখনত 56 লাখ লোক বানত প্ৰভাৱিত হৈছে ৷

অসমৰ বান সমস্যা নিৰ্মূলৰ বাবে 346 কোটি টকা অনুদানৰ ঘোষণা কেন্দ্ৰৰ
অসমৰ বান সমস্যা নিৰ্মূলৰ বাবে 346 কোটি টকা অনুদানৰ ঘোষণা কেন্দ্ৰৰ

নিউজ ডেস্ক, 23 জুলাইঃ অসমৰ শেহতীয়া প্ৰলয়ংকাৰী বান সমস্যাৰ পৰা ৰাজ্যবাসীক সকাহ প্ৰদান কৰি বুধবাৰে ৰাজ্য চৰকাৰলৈ মুঠ 346 কোটি টকা সাহাৰ্যৰ ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে ৷ অসমত এতিয়ালৈকে 56 লাখ লোক বানত প্ৰভাৱিত হোৱাৰ পিছতে কেন্দ্ৰই গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ ৰাজ্যৰ বান ব্যৱস্থাপনা আঁচনি (FMP)ৰ অধীনত এই সাহাৰ্য আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে ৷

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে এক ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ বান পৰিস্থিতি সম্পৰ্কে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিস্তৃত আলোচনা কৰে আৰু ইয়াৰ পিছতে তেওঁ এই সাহাৰ্যৰ কথা অৱগত কৰে ৷ উক্ত ভিডিঅ’ কনফাৰেন্সত মুখ্যমন্ত্ৰীসহ ৰাজ্যিক জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ASDMAৰ মুখ্য কাৰ্যবাহী বিষয়া এম এছ মণিবন্নন আৰু মুখ্যমন্ত্ৰীৰ সচিব প্ৰধান সঞ্জয় লোহিয়া আৰু অন্য কেইগৰাকীমান জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী সোণোৱালে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গৰাকীক বানৰ লগতে এই সমস্যা সমাধানৰ হেতু লোৱা পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে ৷ মুখ্যমন্ত্ৰী সোণোৱালে বিগত 1951 চনৰ পৰা ৰাজ্যত নিৰ্মিত 5,000 কিলোমিটাৰ শক্তিশালী বান্ধ মজবুত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন আবণ্টনৰ আহ্বান জনায় ৷ এই ক্ষেত্ৰত মন্ত্ৰী শ্বেখাৱতে মুখ্যমন্ত্ৰী সোণোৱালক এখন পত্ৰ প্ৰেৰণ কৰিবলৈ কয়, যাতে আগন্তুক বছৰত কেন্দ্ৰীয় মন্ত্ৰণালয়ে এই প্ৰস্তাৱ কাৰ্যকৰী কৰিব পাৰে ৷

অচিৰেই কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে ভূটান চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব, যাতে অতি শীঘ্ৰেই ইয়াৰ স্থায়ী সমাধান উদঘাটন কৰিব পাৰে ৷ মৌচুমী জলবায়ুৰ সময়ছোৱাত, ভূটানত বান্ধৰ দ্বাৰা অতিৰিক্ত পানী এৰি দিয়াৰ ফলস্বৰূপে সমগ্ৰ অসম বিশেষকৈ বৰপেটা, নলবাৰী আৰু কোকৰাঝাৰ জিলাত বানে অধিক সংহাৰী ৰূপ ধাৰণ কৰে ৷

ASDMAয়ে সদৰি কৰা মতে, চলিত বৰ্ষত এতিয়ালৈকে ৰাজ্যৰ বান আৰু ভূমিস্খলনত মুঠ 115 গৰাকী লোক মৃত্যুমুখত পৰে ৷ বানত সুকীয়াকৈ 89 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভূমিস্খলনত 26 গৰাকী লোকৰ মৃত্যু হয় ৷ আনহাতে প্ৰলয়ংকাৰী বানত মুঠ 26 খন জিলাৰ 26 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ লগতে সমগ্ৰ অসমত প্ৰায় 56 লাখ লোক বানত প্ৰভাৱিত হৈছে ৷

লগতে পঢ়ক : ৰাজধানী দিল্লীত বৃক্ষৰোপণ অভিযান মুকলি কৰিব অমিত শ্বাহে

Last Updated :Jul 23, 2020, 7:36 PM IST

ABOUT THE AUTHOR

...view details