ETV Bharat / bharat

ৰাজধানী দিল্লীত বৃক্ষৰোপণ অভিযান মুকলি কৰিব অমিত শ্বাহে

author img

By

Published : Jul 23, 2020, 8:22 AM IST

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ‘বৃক্ষৰোপণ অভিযান’ মুকলি কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ উক্ত কাৰ্যসূচীত মন্ত্ৰী অমিত শ্বাহ সহ কেন্দ্ৰীয় কয়লা, ইন্ধন আৰু সংসদীয় কাৰ্যবাহী মন্ত্ৰী প্ৰহ্লাদ জোশীয়েও ভাগ ল’ব ৷

Amit Shah to launch Vriksharopan Abhiyan
বৃক্ষৰোপণ অভিযান মুকলি কৰিব অমিত শ্বাহে

নেশ্যনেল ডেস্ক, 23 জুলাই : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৃহস্পতিবাৰে ৰাজধানী দিল্লীত কেন্দ্ৰীয় কয়লা, ইন্ধন আৰু সংসদীয় কাৰ্যবাহী মন্ত্ৰী প্ৰহ্লাদ জোশীসহ ‘বৃক্ষৰোপণ অভিযান’ৰ কাম আৰম্ভ কৰিব ৷

উল্লেখ্য যে, এই অভিযানযোগে মন্ত্ৰী শ্বাহে 6 খন ইক’ পাৰ্ক তথা পৰ্যটনস্থলীৰ উদ্বোধন কৰিব ৷ 10 খন কয়লা বহনকাৰী ৰাজ্যৰ মুঠ 38 খন জিলাৰ 130 টা স্থানত ভিডিঅ’ কনফাৰেন্সযোগে এই আয়োজন কৰা হ’ব ৷ চৰকাৰী কৰ্তৃপক্ষই সংবাদ মাধ্যমযোগে সদৰি কৰে এই কথা ৷

পৰ্যটনস্থলীৰ আশে-পাশে বাস কৰা লোকসকলৰ বাবে মনোৰঞ্জন, সাহসিক কাম, ৱাটাৰ স্প’ৰ্ট, বাৰ্ড ৱাটছিং আদি উপলব্ধ হ’ব আৰু পৰ্যটনত অন্তৰ্ভুক্ত কৰিবলৈ একত্ৰিত কৰা হ’ব ৷ এই ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে স্থানীয় লোকসকলক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইয়াৰোপৰি, মন্ত্ৰণালয়ৰ গ’য়িং গ্ৰীণ পৰিকল্পনাও সক্ৰিয় ৰূপত কাৰ্যকৰী কৰা হ’ব ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশ চৰকাৰক গুণ্ডাৰাজ অভিহিত কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.