অসম

assam

Assam Rifles: মিজোৰামত আছাম ৰাইফলছৰ অভিযানত ২.০৬ কোটি টকাৰ হেৰ’ইন উদ্ধাৰ

By ANI

Published : Nov 4, 2023, 10:17 AM IST

Updated : Nov 4, 2023, 10:34 AM IST

আছাম ৰাইফলছৰ সফলতা ৷ কোটি টকাৰ হেৰ’ইন উদ্ধাৰ কৰে আছাম ৰাইফলছে ৷

Assam Rifles
কোটি টকাৰ হেৰ’ইন উদ্ধাৰ

নিউজ ডেস্ক, 4 নৱেম্বৰ : বৰ্তমান ড্ৰাগছ ৰূপী বৰবিহৰ ভয়াৱহতাই ছানি ধৰিছে দেশৰ বিভিন্ন অংশৰ লগতে উত্তৰ-পূৱ ভাৰতকো ৷ বাদ পৰি যোৱা নাই মিজোৰামো ৷ সেয়ে নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে চোকা নজৰ ৰাখিছে ম্যানমাৰৰ সীমান্তৱৰ্তী ৰাজ্যখনত ৷

চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চলাই থকা যুদ্ধত আন এক সফলতা, অসম ৰাইফলছে মিজোৰামৰ চম্ফাই জিলাত ২.০৬ কোটি টকাৰ ২৯৫.২৮ গ্ৰাম নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে আৰু ম্যানমাৰৰ এজন নাগৰিকসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে- শুকুৰবাৰে এক চৰকাৰী বিবৃতিত এই তথ্য সদৰী কৰা হয় ৷

জানিব পৰা মতে, অসম ৰাইফলছে 3 নৱেম্বৰত চম্ফাই জিলাৰ সাধাৰণ এলেকা তংচামত (Tlangsam) 2.06 কোটি টকাৰ 295.28 গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰু ইয়াৰ লগত জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে, যাৰ ভিতৰত এজন লোক ম্যানমাৰৰ নাগৰিক বুলি খবৰ পোৱা গৈছে, বিবৃতিটোত এনেদৰে উল্লেখ কৰা হৈছে ।

চৰকাৰী বিবৃতিটোত উল্লেখ থকা অনুসৰি, "নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অসম ৰাইফলছ আৰু চম্ফাইৰ আবকাৰী আৰু নাৰ্কোটিক্স বিভাগৰ এটা যুটীয়া দলে এই অভিযান চলাইছিল । জব্দ কৰা সম্পূৰ্ণ হেৰ’ইনখিনিৰ আনুমানিক বজাৰ মূল্য 2,06,69,600 টকা ৷"

অভিযুক্তসকলক পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে চম্পাইৰ আবকাৰী আৰু নাৰ্কোটিক্স বিভাগক গতাই দিয়া হৈছে ।" চলি থকা নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ মিজোৰাম আৰু ভাৰতৰ বাবে এক ডাঙৰ চিন্তাৰ কাৰণ ।"

‘চেণ্টিনেল অৱ নৰ্থইষ্ট’ নামেৰে নামাকৰণ কৰা আছাম ৰাইফলছে অবৈধ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু মিজোৰামত নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ কিংপিনকো গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা দুগুণে বৃদ্ধি কৰিছে, বিবৃতিটোত এই কথাও উল্লেখ আছে ৷

লগতে পঢ়ক :Drive against drugs:ড্ৰাগছৰ বিৰুদ্ধে পুনৰ সফলতা নগাঁও আৰক্ষীৰ

Last Updated :Nov 4, 2023, 10:34 AM IST

ABOUT THE AUTHOR

...view details