ETV Bharat / state

Drive against drugs:ড্ৰাগছৰ বিৰুদ্ধে পুনৰ সফলতা নগাঁও আৰক্ষীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 12:21 PM IST

nagaon police drive against drugs
ড্ৰাগছৰ বিৰুদ্ধে অভিযান

ড্ৰাগছৰ বিৰুদ্ধে অভিযান নগাঁও আৰক্ষীৰ অভিযান । ড্ৰাগছ বিৰোধী অভিযানত পুনৰ সফলতা নগাঁও আৰক্ষীৰ । চাৰি কিলোগ্ৰামতকৈয়ো অধিক গাঞ্জাসহ আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী । হেৰ’ইনসহ আটক মহিলা ড্ৰাগছ সৰবৰাহকাৰী ।

ড্ৰাগছৰ বিৰুদ্ধে অভিযান

নগাঁও, 2 নৱেম্বৰ : শেহতীয়াকৈ নগাঁৱত ড্ৰাগছৰ বেহাত নামি পৰিছে একাংশ মহিলা । একাংশ পুৰুষে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ বেহা চলোৱাৰ উদ্দেশ্যেই নিজৰ পত্নীকো ড্ৰাগছৰ বেহাত জড়িত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে । আনকি একাংশ অসাধু লোকে গাঞ্জা সৰবৰাহ আৰম্ভ কৰিছে নগাঁৱত । ইপিনে ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়েও নানা কৌশলেৰে অব্যাহত ৰাখিছে অভিযান ।

একেটা নিশাই নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলোৱা অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা অৰ্থাৎ বুধবাৰে নিশা প্ৰথমে নগাঁৱৰ হয়বৰগাঁৱত আৰক্ষীয়ে গাঞ্জা সৰবৰাহৰ এক খবৰ লাভ কৰে । উক্ত খবৰৰ ভিত্তিতেই নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁও চহৰৰে চামাদৰ পট্টিত । আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত চাৰি কিলোগ্ৰামতকৈয়ো অধিক গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । লগতে গাঞ্জা সৰবৰাহৰ সৈতে জড়িত মুকিবুৰ ৰহমানকো আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলটো । বুধবাৰে নিশা গাঞ্জাসমূহ সৰবৰাহৰ পৰিকল্পনা কৰিছিল মুকিবুৰ ৰহমানে । দীৰ্ঘদিন ধৰি মকিবুৰ ৰহমান গাঞ্জা সৰবৰাহৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীৰ এটা সূত্ৰই । অৱশেষত নগাঁও আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে গাঞ্জা সৰবৰাহৰ অভিযুক্ত মুকিবুৰ ৰহমানক ।

ইপিনে বুধবাৰে নিশাই নগাঁও আৰক্ষীৰ আন এটা দলে অভিযান চলাই হেৰ’ইনসহ দুগৰাকীকৈ মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক যদুবৰ ঘটোৱাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই হেৰ’ইন ভৰ্তি তিনিটাকৈ চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা ড্ৰাগছখিনিৰ ওজন প্ৰায় ৪০ গ্ৰাম । ধৃত মহিলা দুগৰাকী বিগত কিছুদিনৰ পৰাই ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ পৰিছিল । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি নগাঁও আৰক্ষীয়ে ড্ৰাগছকে ধৰি অন্যান্য অপৰাধৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান ।

লগতে পঢ়ক : Drive against Drugs:অধঃপতনে গৈছে নেকি যুৱচাম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.