অসম

assam

মাকুমত মাত্ৰ ১০ টকাৰ বাবেই সংঘটিত নৃশংস হত্যাকাণ্ড

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 6:20 PM IST

তিনিচুকীয়া, 9 মাৰ্চ : মাত্ৰ দহ টকাৰ বাবেই সংঘটিত হ’ল এক হত্যাকাণ্ড ৷ দহ টকাৰ বাবে দুই কিশোৰৰ মাজত সৃষ্টি হোৱা কাজিয়াৰ ফলতেই সংঘটিত হয় এই ঘটনা ৷ তিনিচুকীয়া জিলাৰ মাকুমৰ বেতজান চাহ বাগিচাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷

জানিব পৰা মতে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাকুম বেতজান চাহ বাগিচাৰ এজন 14 বছৰীয়া কিশোৰৰ ঘৰৰ কাষৰে 17 বছৰীয়া আন এজন কিশোৰৰ সৈতে মাত্ৰ 10 টকা ভাগ বতৰা কৰাক লৈ সৃষ্টি হয় কাজিয়াৰ ৷ কিন্তু কাজিয়াই পৰৱৰ্তী সময়ত চূড়ান্ত ৰূপ লোৱাত 14 বছৰীয়া কিশোৰজনে 17 বছৰীয়া কিশোৰজনক শিলেৰে মূৰত আঘাত কৰে ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় 17 বছৰীয়া কিশোৰজন ৷  

পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত আহত কিশোৰজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে মৃত্যু হয় তেওঁৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত মাকুম থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত 14 বছৰীয়া কিশোৰজনক আটক কৰাৰ লগতে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ এই ঘটনাক লৈ মাকুমত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ 

লগতে পঢ়ক : নগাঁৱত বনৰীয়া ম'হৰ আক্ৰমণত আহত এজন
 

ABOUT THE AUTHOR

...view details