অসম

assam

নিশা ডুমডুমা আৰক্ষী থানাত মহিলাৰ মৃতদেহ লৈ অৱস্থান - Attempt to kill by feeding poison

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 8:10 PM IST

তিনিচুকীয়া,২৪ এপ্ৰিল: তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বিছাকুপি চাহ বাগিচাৰ ৩ নং লাইনত এগৰাকী মহিলাৰ মৃত্যুৱে ৰহস্যৰ সৃষ্টি কৰিছে । চান্দা মাঝি নামৰ মহিলা গৰাকীক ২ এপ্ৰিলত স্বামী বিনোদ বাগৰ লগত স্বামীৰ পৰিয়ালে বিহ খুৱাই হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পিচতে মহিলাগৰাকী পিতৃগৃহত চিকিৎসাধীন হৈ আছিল আৰু মঙলবাৰে মৃত্যুমুখত পৰে মহিলাগৰাকী । মঙলবাৰে পিতৃৰ পৰিয়ালে মৃত মহিলাগৰাকীক স্বামীৰ পৰিয়ালক চমজাবলৈ যোৱাৰ সময়তে সৃষ্টি হয় এক অপ্ৰিতিকৰ পৰিস্থিতিৰ ।  

ফলত নিশা ১২ বজা পৰ্যন্ত ডুমডুমা আৰক্ষী থানাত মৃতদেহ লৈ ন্যায় বিচৰা পৰিলক্ষিত হয় মৃত মহিলাগৰাকীৰ পৰিয়ালে । ‌উল্লেখযোগ্য যে চান্দা মাঝি নামৰ মহিলা গৰাকীক স্বামী বিনোদ বাগৰ লগত তেওঁৰ পিতৃ, মাতৃ আৰু দেওৰেকে বলপূৰ্বক ভাবে বিহ খুৱাই হত্যা কৰা বুলি মহিলাগৰাকীয়ে চিকিৎসাধীন অৱস্থাত আৰু পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰে । এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ডুমডুমা অঞ্চলত । 

লগতে পঢ়ক: লক্ আপৰ ভিতৰতে লুটফুৰৰ আত্মহত্যাই লৈছে নতুন মোৰ - Suicide In Police Station

ABOUT THE AUTHOR

...view details