হাজো, 10 মাৰ্চ:দেওবাৰে পুৱাই হাজোৰ বৰ্ণিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । বলেৰʼ পিক আপ ভেন আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই পথ দুৰ্টনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাত থিতাতে নিহত 1 জন লোক । আনহাতে, 10 জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ।
এই দুৰ্ঘটনাত নিহত লোকজন মুকালমুৱাৰ চাউলখোৱা পাৰৰ ফুলবৰ আলী বুলি চিনাক্ত কৰা হৈছে । এই দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় আৰক্ষীৰ লোক ৷ ইতিমধ্যে গুৰুতৰভাৱে আহত লোকসকলক আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH) লৈ প্ৰেৰণ কৰা হৈছে ।
দুৰ্ঘটনাত পতিত হোৱা ব’লেৰখনৰ নম্বৰ AS-25DC-0607 আৰু মটৰ চাইকেলৰ নম্বৰ AS 14K 1290 । জানিব পৰা মতে মুকালমুৱাৰ পৰা গুৱাহাটীলৈ গৈ আছিল মাছ ভৰ্তি বলেৰʼ বাহনখন ।