অসম

assam

ৰোগীক দৰৱৰ বিধান দিবলৈ গৈ থমকিছে চিকিৎসকৰ কলম - Drug price hike

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 10:20 PM IST

‘‘১০ মিলি লিটাৰৰ এটা লুব্ৰিকেটিং চকুৰ দৰবৰ দাম প্ৰায় ৪০০ টকাৰ পৰা ৭০০ টকা । গ্লোক'মাৰ দৰৱৰ দাম তেনেকৈ ৩০০ টকাৰ পৰা ৮০০ টকা । ৰোগীক লিখি দিবলৈকে টান লাগে । ১২৫০ টকা অৰুণোদয় আঁচনি পোৱাসকলৰ এনে ৰোগ নোহোৱাটোৱেই কামনা কৰিম ।’’- অসহায় চিকিৎসকৰ স্বীকাৰোক্তি ৷

DRUG PRICE HIKE
ডাঃ সীমান্ত কোঁৱৰৰ ফেচবুক পোষ্ট

গুৱাহাটী, ২৫ এপ্ৰিল: কিমান অসহায় অনুভৱ কৰিলে এজন চিকিৎসকে এটা "চিষ্টেম"ৰ বিৰুদ্ধে গৈ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে ! সাধাৰণতে চিকিৎসকসকলে ঔষধ প্ৰেছক্ৰাইব কৰাৰ সময়ত ঔষধৰ মূল্যৰ কথা চিন্তা নকৰে নাইবা ৰোগীৰ ক্ৰয় ক্ষমতাৰ কথাও নাভাৱে ।

কিন্তু শেহতীয়াকৈ ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে চিকিৎসকসকলকো ভাবিবলৈ বাধ্য কৰাইছে । কাৰণ জীৱনদায়িনী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক বিপদত পেলাইছে । এনে এক পৰিস্থিতিৰ মাজতে এজন অসহায় চিকিৎসকৰ অকপট স্বীকাৰোক্তিয়ে ব্যাপক চৰ্চা লাভ কৰিছে ।

সামাজিক মাধ্যমত দিয়া এটা পোষ্টক লৈ সৰ্বত্ৰে ব্যাপক চৰ্চা হৈছে । দেখাত সাধাৰণ যেন লগা পোষ্টটোৱে বহুতৰে মনৰ বেদনা দাঙি ধৰিছে । ফেচবুকত দিয়া পোষ্টটো হৈছে এজন চিকিৎসকৰ । নাম ডাঃ সীমান্ত কোঁৱৰ । ডিব্ৰুগড়ৰ চিকিৎসক ডাঃ সীমান্ত কোঁৱৰে পোষ্টটোত লিখিছে - ‘‘১০ মিলি লিটাৰৰ এটা লুব্ৰিকেটিং চকুৰ দৰৱৰ দাম প্ৰায় ৪০০ টকাৰ পৰা ৭০০ টকা । গ্লোক'মাৰ দৰবৰ দাম তেনেকৈ ৩০০ টকাৰ পৰা ৮০০ টকা । যিবোৰ ৰোগীয়ে দীঘলীয়াকৈ ল'বলগীয়া হয় । গ্লোক'মা ৰোগত গোটেই জীৱন ল’ব লাগে । ৰোগীক লিখি দিবলৈকে টান লাগে । ১২৫০ টকা অৰুণোদয় আঁচনি পোৱাসকলৰ এনে ৰোগ নোহোৱাটোৱেই কামনা কৰিম ।’’

ডাঃ সীমান্ত কোঁৱৰৰ এই পোষ্টটো সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে । জীৱনদায়িনী ঔষধৰ এনে অস্বাভাৱিক মূল্যবৃদ্ধিক লৈ চিকিৎসকগৰাকীয়ে দিয়া অসহায় স্বীকাৰোক্তিয়ে সকলোকে ভাবিবলৈ বাধ্য কৰাইছে । এনে পৰিস্থিতিত কেনেদৰে সাধাৰণ জনতাই ৰোগৰ বিৰুদ্ধে যুঁজ দিব ! সবাটোকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে চিকিৎসকগৰাকীৰ পোষ্টটোৰ শেষৰ বাক্যশাৰী ।

‘‘১২৫০ টকা অৰুণোদয় আঁচনি পোৱাসকলৰ এনে ৰোগ নোহোৱাটোৱেই কামনা কৰিম’’- এই বাক্যশাৰীৰে চিকিৎসকগৰাকীয়ে কৈ গ'ল বহু কথা । অৰুণোদয় আঁচনিৰ নামত চৰকাৰে মহিলাসকলক মাহেকত ১২৫০ টকাকৈ দি বাঃ বাঃ লৈছে । ১২৫০ টকীয়া লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰে জনতাক সকাহ দিয়াৰ কথা কৈছে যদিও বাস্তৱ ছবিখন বৰ দুখজনক । চিকিৎসকগৰাকীৰ পোষ্টটোৱে যেন তাৰেই ব্যাখ্যা দাঙি ধৰিছে ।

দেখাত সাধাৰণ যেন লাগিলেও বহতৰে মনত ক্ৰিয়া কৰিছে পোষ্টটোৱে । যাৰ বাবেই হৈছে চৰ্চা আৰু প্ৰতিক্ৰিয়া । যেন চৰকাৰখনে চামুচেৰে দি বেলচাৰে নিছে । কেৱল ঔষধেই নহয়, বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি বিভিন্ন সা-সামগ্ৰীৰ মূল্য আজি আকাশলঙ্ঘী হৈছে । মূল্যবৃদ্ধিৰ বাবে আজি সাধাৰণ জনতা দিশাহাৰা হৈ পৰিছে । কোনে শুনিব কাৰ কথা ? যাৰ বাবে এনেদৰে এজন চিকিৎসকে অসহায় স্বীকাৰোক্তি দিবলৈ বাধ্য হৈ পৰিছে ।

লগতে পঢ়ক:ঋণৰ বোজা সহিব নোৱাৰি চৰম পন্থা গ্ৰহণ কৃষকৰ

জীৱনদায়িনী ঔষধৰ ইছ্যু পৰিল বাদ, এইবাৰ বৃদ্ধি হ’ল আলুৰ মূল্য

ঔষধৰ দামবৃদ্ধিৰ পৰা কিদৰে পাব সকাহ? উপায় দিলে জয়ন্ত মল্লবৰুৱাই

ABOUT THE AUTHOR

...view details