গুৱাহাটীত প্ৰবল ধুমুহা-বৰষুণত ব্যাহত স্বাভাৱিক জীৱন-যাত্ৰা - Remal Effects in Guwahati
Remal Effects in Guwahati : গুৱাহাটীতো সাগৰীয় কাল ঘূৰ্ণি ৰেমলৰ তাণ্ডৱ । প্ৰবল ধুমুহা-বৰষুণত মঙলবাৰে ব্যাহত হৈ পৰে স্বাভাৱিক জীৱন-যাত্ৰা । নাৰেংগী, বোন্দা, নুনমাটি, বৰবাৰীত পথৰ মাজতে বাগৰি পৰে প্ৰকাণ্ড গছ । আনহাতে, ভি আই পি পথত চলন্ত বাহনৰ ওপৰত গছ বাগৰি এজন লোকৰ মৃত্যু হয় ।

Published : May 28, 2024 at 7:44 PM IST
|Updated : May 28, 2024 at 7:54 PM IST
গুৱাহাটী, ৩০ মে' : সাগৰীয় কালঘূৰ্ণি ৰেমলে জোকাৰি গৈছে ৰাজধানী গুৱাহাটী মহানগৰ । প্ৰবল ধুমুহা-বৰষুণে ব্যাহত কৰিছে মহানগৰীৰ স্বাভাৱিক জীৱন-যাত্ৰা । প্রচণ্ড ধুমুহাৰ ফলত মহানগৰীৰ ঠায়ে ঠায়ে উভালি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ । পথৰ ওপৰত গছ বাগৰি ব্যহত হৈছে যাতায়াত ব্যৱস্থা । নাৰেংগী, বোন্দা, নুনমাটি, পাথৰকুৱেৰী, বীৰকুছি, সাতগাঁও, হেঙেৰাবাৰী, বৰবাৰী, পাঞ্জাবাৰী আদি অঞ্চলত সাগৰীয়া ধুমুহা ৰেমলৰ প্ৰভাৱৰ ফলত ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে ।
বিশেষকৈ এই কাল ধুমুহাই পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলক অধিক ক্ষতিগ্ৰস্ত কৰে । বোন্দা বজাৰৰ সমীপত নাৰেঙ্গী-চন্দ্ৰপুৰৰ মূল ঘাইপথত মঙলবাৰে পুৱাৰ ভাগত প্ৰবল গতিৰ ধুমুহাৰ ফলত প্ৰকাণ্ড গছ বাগৰি পৰি ভয়ংকৰ যানজঁটৰ সৃষ্টি হয় । একেদৰে নুনমাটি শোধনাগাৰ পথতো এডাল গছ বাগৰি একেই পৰিবেশৰ সৃষ্টি হয় । বৰবাৰীৰ ওপৰ বিষ্ণুনগৰ অঞ্চলত কেইবাঘৰো লোকৰ ঘৰৰ টিন ধুমুহাই উৰুৱাই নিয়ে ।
নাৰেংগীৰ ঔঘুলি অঞ্চলত দোকান-ঘৰ ভাঙি নিয়ে সাগৰীয় ঘূৰ্ণি ৰেমলে । সোমবাৰে নিশা প্ৰচণ্ড বেগত অহা ধুমুহাৰ ফলত গুৱাহাটীৰ বৰবাৰী, ভি আই পি পথত চলন্ত বাইকৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন লোক । কিন্তু মঙলবাৰে লোকজনৰ চিকিৎসালয়ত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
গুৱাহাটীৰ বিভিন্ন স্থানত কাল ধুমুহাই ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি সাধন কৰাই নহয়, আনকি বিভিন্ন প্ৰান্তত বিদ্যুতৰ খুঁটা ভাঙি যোৱাৰ ফলত সোমবাৰে নিশাৰে পৰা মঙলবাৰে সন্ধিয়ালৈকে ব্যাহত হৈ পৰে বিদ্যুৎ যোগান ব্যৱস্থা । যাৰ ফলত বিদ্যুতৰ অভাৱত নানা অসুবিধাৰ সন্মুখীন হ'বলগা হয় মহানগৰবাসী ।
ইফালে ৰেমলৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ বহু বিদ্যালয়ৰ পাঠদান বাতিল কৰা হৈছে । ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান অসম জাতীয় বিদ্যালয়, নাৰেংগী এছ এফ চি স্কুল, নাৰেঙ্গী হাইস্কুল, নাৰেঙ্গী প্ৰাথমিক বিদ্যালয়, মঠঘৰীয়া প্ৰাথমিক বিদ্যালয়, সাতগাঁও হাইস্কুল, গীতানগৰ হাইস্কুল আদিকে ধৰি গুৱাহাটীৰ পূব প্ৰান্তৰ বহুকেইখন চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান কৰ্তৃপক্ষই বন্ধ ঘোষণা কৰাৰ লগতে যিসকল শিক্ষাৰ্থী বিদ্যালয়লৈ আহিছিল তেওঁলোকক সাৱধানতাৰ মাজেৰে নিজ নিজ গৃহলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে । স্বাভাৱিকতে ৰাজ্যত অব্যাহত কালৰূপী ৰেমলৰ ভয়ংকৰ প্ৰভাৱৰ ফলত ব্যাহত হৈ পৰে মহানগৰীৰ স্বাভাৱিক জীৱন যাত্ৰা ।
লগতে পঢ়ক :কালঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ কবলত ৰাজ্য, বন্ধ শিক্ষানুষ্ঠান - Cyclone Remal

