ETV Bharat / state

ৰুষ্ট ৰেমল ! চলন্ত বাইকৰ ওপৰত পৰিল প্ৰকাণ্ড গছ - Effect of Remal

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 7:53 PM IST

Updated : May 28, 2024, 8:14 PM IST

Effect of Remal: যোৰহাটত ৰেমলৰ সংহাৰী ৰূপ ৷ চলন্ত বাইক আৰোহীৰ ওপৰত পৰিল প্ৰকাণ্ড গছ ৷ গুৰুতৰভাবে আহত এজন । যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছে আহতজনক ৷

biker injured as giant tree collapses in Jorhat
ৰুষ্ট ৰেমল! চলন্ত বাইকৰ ওপৰত পৰিল প্ৰকাণ্ড গছ (Etv bharat assam)

যোৰহাট, 28 মে’: ৰাজ্যজুৰি ৰুষ্ট ৰেমলৰ সংহাৰ অব্যাহত ৷ যোৰহাটত ৰেমলৰ প্ৰভাৱত হোৱা প্ৰচণ্ড ধুমহা-বৰষুণৰ ফলত চলন্ত বাইক আৰোহীৰ ওপৰত পৰিল এজোপা প্ৰকাণ্ড গছ ৷ ঘটনাৰ ফলত গুৰুতৰভাবে আহত হয় এজন লোক । যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছে আহতজনক ৷

মঙলবাৰে যোৰহাট নগৰৰ নিলগৰ নিমাতী ৰোডৰ পটিয়া গাঁৱত পথৰ দাঁতিত থকা এডাল প্ৰকাণ্ড গছ উভালি পৰাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ আঘাতপ্ৰাপ্ত বাইক আৰোহীজনক স্থানীয় ৰাইজৰ সহযোগত 108 সেৱাৰ জৰিয়তে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতাললৈ প্ৰেৰণ কৰা হয় । আঘাতপ্ৰাপ্ত ব্যক্তিজনে নিমাতী ৰোডৰ পৰা বিশেষ কামত যোৰহাট নগৰলৈ গৈ থকাৰ সময়ত উক্ত শোকাৱহ ঘটনাটো সংঘটিত হয় ।

আহত ব্যক্তিজনৰ পৰিচয় বৰ্তমান পৰ্যন্ত উদ্ধাৰ কৰিব পৰা হোৱা নাই । ইতিমধ্যে ঘটনাস্থলীত যোৰহাট দুৰ্যোগ প্ৰশমন বিভাগৰ দল উপস্থিত হৈ গছ পৰি আৱদ্ধ হৈ পৰা পথটো মুকলি কৰিবলৈ সক্ষম হয় । ফলত কিছু সময় পথটোৰে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ।

ৰাজ্যজুৰি ৰেমলৰ ভয়ংকৰ প্ৰভাৱ:

সমগ্ৰ ৰাজ্যজুৰি ৰেমলৰ ভয়ংকৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । ফলত ঠায়ে ঠায়ে প্ৰচণ্ড জোৰে বতাহ-ধুমুহা অহাৰ লগতে প্ৰৱল বৃষ্টিপাত হৈছে ৷ প্ৰকাণ্ড গছবোৰ উভালি পৰাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ৰাজ্যৰ বিভিন্ন স্থানত ৰেমলৰ প্ৰভাৱত পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ হৈ থকাৰ লগতে ঠায়ে ঠায়ে বতাহ ধুমুহাৰ প্ৰভাৱ পৰাৰ ফলত কৃষি পথাৰৰ লগতে বিভিন্ন সা-সম্পত্তি ধ্বংস হোৱা দেখিবলৈ পোৱা গৈছে । বতাহ, বৰষুণ আৰু ধুমুহাৰ বাবে ঠায়ে ঠায়ে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে ।

অনাকাংক্ষিত বতৰৰ বাবে যোৰহাট নগৰত জনসাধাৰণৰ গতি-বিধি সেৰেঙা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক: ওডিশাৰ পৰাই ক্ষয়-ক্ষতিৰ বুজ লৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ : সন্ধিয়া জৰুৰী বৈঠক - Cyclone Remal

Last Updated : May 28, 2024, 8:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.