ETV Bharat / health

গ্ৰীষ্মকালৰ পৰিৱৰ্তে শীতকালত খাওক আইচক্ৰীম - Health Tips

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 5:44 PM IST

Health Tips: গ্ৰীষ্মকালত শৰীৰক শীতল কৰিবলৈ খোৱা আইচক্ৰীম সঁচাকৈয়ে আপোনাৰ শৰীৰক শীতল কৰেনে ? আজি এই বিষয়ে জানো আহক-

Does ice cream really cool the body? Clear the misunderstanding now
গ্ৰীষ্মকালৰ পৰিৱৰ্তে শীতকালত খাওক আইচক্ৰীম (Freepik)

দীৰ্ঘ সময়ৰ অন্তত বাৰিষাই ৰাজ্যবাসীক কিছু সকাহ দিছে যদিও গ্ৰীষ্মকালৰ প্ৰকোপ এতিয়াও বহু ঠাইত অব্যাহত আছে । এনে পৰিস্থিতিত মানুহে নিজৰ শৰীৰক শীতল কৰিবলৈ বিভিন্ন ধৰণৰ শীতল পানীয় যেনে কল্ড ড্ৰিংকচ, ফলৰ ৰস আদি সেৱন কৰে ৷ তাৰে ভিতৰত এবিধ খাদ্য হৈছে আইচক্ৰীম যাক গ্ৰীষ্মকালত প্ৰায়ে খোৱা হয় ৷ বহু লোকেই আইচক্ৰীম খাই ভাল পায় । বৃদ্ধৰ পৰা সৰু ল’ৰা-ছোৱালীলৈকে সকলোৱে আইচক্ৰীমৰ প্ৰতি আকৰ্ষিত । মানুহে ভাবে যে আইচক্ৰীম খালে শৰীৰৰ উত্তাপ নাইকিয়া হয় । কিন্তু আজি এই প্ৰতিবেদন পঢ়াৰ পিচত আপোনাৰ আইচক্ৰীমৰ প্ৰতি থকা এই ভুল ধাৰণা নিশ্চয় দূৰ হ’ব । তেন্তে আহক জানো গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ খোৱা আইচক্ৰীমে সঁচাকৈয়ে আপোনাৰ শৰীৰক শীতলতা প্ৰদান কৰিবলৈ সক্ষম নে...

আইচক্ৰীম খাবলৈ নিশ্চয় ঠাণ্ডা যদিও ইয়াৰ প্ৰকৃতি গৰম হয় । উল্লেখ্য যে, আইচক্ৰীমত চেনি, চৰ্বি আৰু গাখীৰ থাকে আৰু এই সকলোবোৰ যেতিয়া আপোনাৰ শৰীৰত যায় তেতিয়া ই শৰীৰত তাপ উৎপন্ন কৰে । এই কাৰণেই আইচক্ৰীম খোৱাৰ পিচত মানুহৰ বৰ পিয়াহ লাগে ।

শীতকালত আইচক্ৰীম উপকাৰী

উল্লেখযোগ্য যে, শীতকালতকৈ গ্ৰীষ্মকালত আইচক্ৰীম খোৱাটো অধিক উপকাৰী । ঠাণ্ডা বতৰত আইচক্ৰীম খালে বহু উপকাৰিতা পোৱা যায় ।

এই ৰোগবোৰত আইচক্ৰীম উপযোগী

শীতকালত মানুহে প্ৰায়ে ডিঙিৰ বিষ, চৰ্দি, কাহৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু ইয়াৰ চিকিৎসাৰ বাবে মানুহে বহুত টকা খৰচ কৰে । অৱশ্যে আইচক্ৰীম খালে এই সমস্যাবোৰ সমাধান কৰিব পৰা যায় । আমি কোৱাৰ দৰে আইচক্ৰীমৰ ৱাৰ্মিং ইফেক্ট থাকে আৰু চৰ্দি আৰু কাহৰ দৰে সমস্যাত ই উপকাৰী হ’ব পাৰে ।

গ্ৰীষ্মকালত আইচক্ৰীমৰ সলনি এইবোৰ বস্তু ব্যৱহাৰ কৰক

মন কৰিবলগীয়া যে, গ্ৰীষ্মকালত আইচক্ৰীমৰ সলনি নেমু চৰবত, লাছি, আম পান্না আৰু জলজিৰা, থেকেৰা চৰবত আদি স্বাস্থ্যকৰ পানীয় পান কৰিব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ শৰীৰ ঠাণ্ডা হয় আৰু গৰমৰ পৰা আপুনি সকাহ লাভ কৰিব পাৰে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: বজাৰৰ আইচক্ৰীমে আপোনাক কৰিব পাৰে ৰুগীয়া; ঘৰতে কম খৰচতে প্ৰস্তুত কৰক আইচক্ৰীম - Homemade Ice Cream Recipe

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.