ETV Bharat / bharat

অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ আবেদন: শীৰ্ষ আদালতত মুখথেকেচা খালে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে - SC Denied Kejriwal urgent plea

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 5:56 PM IST

SC Denied Kejriwal urgent plea: শীৰ্ষ আদালতত মুখথেকেচা খালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । শীঘ্ৰে শুনানিৰ বাবে জনোৱা দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে । শাৰিৰীক অসুস্থাতাৰ বাবে অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ আবেদন জনাইছিল কেজৰিৱালে ।

Arvind Kejriwal moves Supreme Court
শীৰ্ষ আদালতত মুখ থেকেচা খালে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে (Etv bharat assam)

নেশ্যনেল ডেস্ক, 28 মে’: অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ আবেদনক অস্বীকাৰ কৰে শীৰ্ষ আদালতে ৷ অৰবিন্দ কেজৰিৱালে তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধিৰ তৎকালীনভাৱে শুনানি গ্ৰহণ কৰিবলৈ শীৰ্ষ আদালতত আবেদন জনাইছিল আৰু উক্ত আবেদনক নস্যাৎ কৰিছে আদালতে ।

মুখ্য ন্যায়াধীশে এই সন্দৰ্ভত সিদ্ধান্ত ল’ব বুলি কয় আদালতে । দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা শেষ হ’বলৈ ওলাইছে । জামিনৰ সময়সীমা সাত দিন বৃদ্ধি কৰাৰ দাবীত কেজৰিৱালে আবেদন দাখিল কৰিছে । নিজৰ স্বাস্থ্যজনিত কাৰণত ম্যাদ বৃদ্ধিৰ বাবে আবেদন দাখিল কৰিছিল কেজৰিৱালে ।

জানিব পৰা মতে অৰবিন্দ কেজৰিৱালে সোমবাৰে উচ্চতম ন্যায়ালয়ত সময়সীমা বৃদ্ধি কৰাৰ দাবীত আবেদন দাখিল কৰিছিল । আম আদমী পাৰ্টিৰ তথ্য অনুসৰি গ্ৰেপ্তাৰৰ পিছত কেজৰিৱালৰ দেহৰ ওজন কমিছে 7 কিলোগ্ৰাম । কেজৰিৱালৰ দেহত কিট’নৰ মাত্ৰা অতি বেছি । এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে দলীয় কৰ্মকৰ্তাই । মেক্সৰ চিকিৎসকে কেজৰিৱালক পি ই টি-চিটি স্কেন আৰু কেইবাটাও টেষ্ট কৰাৰ প্ৰয়োজনীয়তাৰ কথা জনাইছে । কেজৰিৱালে এই পৰীক্ষাবোৰ সম্পূৰ্ণ কৰিবলৈ 7 দিনৰ সময় বিচাৰি আদালতত আবেদন দাখিল কৰিছিল ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে 1 জুন পৰ্যন্ত চূড়ান্ত জামিন লাভ কৰিছে আৰু 2 জুনত কেজৰিৱাল পুনৰ তিহাৰ জেললৈ যাব লাগিব । বৰ্তমান নিৰ্বাচনী প্ৰচাৰৰ বাবে পঞ্জাৱত থকা কেজৰিৱাল অহা 30 মে’ৰ নিশা দিল্লীলৈ উভতি আহিব ।

লগতে পঢ়ক: সময় চমু চাপিছে : জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে কেজৰিৱালৰ আবেদন - DELHI CM KEJRIWAL PETITIONS IN SC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.