ETV Bharat / bharat

সময় চমু চাপিছে : জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে কেজৰিৱালৰ আবেদন - DELHI CM KEJRIWAL PETITIONS IN SC

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 12:23 PM IST

Arvind Kejriwal moves Supreme Court: অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল অৰবিন্দ কেজৰিৱালৰ । চিকিৎসাৰ বাবে অন্তৱৰ্তীকালীন জামিন বৃদ্ধি কৰাৰ আবেদন জনাইছে কেজৰিৱালে ।

Arvind Kejriwal moves Supreme Court seeking 7-day extension of interim bail
শাৰিৰীক অৱনতি দিল্লীৰ মুখ্যমন্ত্ৰীৰ: অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ বাবে আবেদন (Etv bharat)

নেশ্যনেল ডেস্ক, 27 মে’: দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিন শেষ হ’বলৈ ওলাইছে । 2 জুনত আত্মসমৰ্পণ কৰিব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে । আত্মসমৰ্পণৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অৰবিন্দ কেজৰিৱাল ৷ অতিমধ্যে শীৰ্ষ আদালতত আবেদন দাখিল কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীৰ অন্তৱৰ্তীকালীন জামিন পুনৰ 7 দিন বৃদ্ধিৰ বাবে আবেদন জনাইছে কেজৰিৱালে ।

উচ্চতম ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ হৈ দাখিল কৰা আবেদনত কেজৰিৱালৰ কিট’ন (Ketone) ৰ মাত্ৰা অতি উচ্চ হৈ পৰিছে বুলি উল্লেখ কৰি কেজৰিৱালৰ সম্পূৰ্ণ দেহৰ পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ সাত দিনৰ সময় বিচৰা হৈছে বুলি আবেদনখনত উল্লেখ আছে ।

শৰীৰৰ ওজন কমিছে কেজৰিৱালৰ: আপে কৈছে, "কেজৰিৱালৰ ওজন সাত কেজি হ্ৰাস পাইছে । এইবোৰ কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ'ব পাৰে । মেক্স হাস্পতালৰ চিকিৎসকে তেওঁক পৰীক্ষা কৰিছিল । তেওঁ (অৰবিন্দ কেজৰিৱাল) পিইটি-চিটি স্কেন আৰু আন বহুতো পৰীক্ষা কৰিব লাগিব । তেওঁ সাত দিনৰ সময় বিচাৰিছে" ৷

২ জুনত আত্মসমৰ্পণ কৰিব লাগিব: নিৰ্বাচনী প্ৰচাৰৰ বাবে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে । মুখ্যমন্ত্ৰী কেজৰিৱালে 5 জুনলৈকে আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল যদিও উচ্চতম ন্যায়ালয়ে কৈছিল, "আমি কোনো উমৈহতীয়া ৰেখা আঁকিব নালাগে" ৷

অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ সময়ত আদালতে কিছু চৰ্তও আৰোপ কৰিছিল । য’ত তেওঁক মুখ্যমন্ত্রীৰ কার্যালয়লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷ 2 জুনত আত্মসমৰ্পণ কৰিব লাগিব অৰবিন্দ কেজৰিৱালে ।

উল্লেখ্য যে, অৰবিন্দ কেজৰিৱালক 2024 চনৰ 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । তিহাৰ জেলত 50 দিনতকৈও অধিক সময় আৱদ্ধ হৈ আছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ।

লগতে পঢ়ক: আজিও নহ'ল কেজৰিৱালৰ জামিন; তদন্তত ইমান সময় কিয় লাগিল বুলি ইডিলৈ ছুপ্ৰিম ক'ৰ্টৰ প্ৰশ্ন - ARVIND KEJRIWAL BAIL HEARING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.