ETV Bharat / state

পঞ্চায়ত-গ্ৰাম্য উন্নয়নৰ ১৪ কোটি টকাৰে ভিয়েটনাম ভ্ৰমণ তুলিৰাম এণ্ড কোম্পানীৰ ! - Tuliram and Company visits Vietnam

Tuliram and Company visits Vietnam: কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে সৰৱ পাহাৰৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলচ্ লীডাৰ কনফাৰেন্সৰ(APHLC) সভাপতি জন ইংতি কাথাৰ ৷ ৰাজহুৱা পুঁজিৰে ৰংহাং এণ্ড কোম্পানীয়ে প্ৰমোদ বিহাৰ কৰাৰ অভিযোগ দলটোৰ ৷

Tuliram and Company visits Vietnam
জন ইংতি কাথাৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 28, 2024 at 7:14 PM IST

2 Min Read
Choose ETV Bharat

ডিফু, ২৮ মে': ৰাজ্যত লোকসভা নিৰ্বাচনৰ আচৰণবিধি বলবৎ হৈ থকা সময়তে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং এণ্ড কোম্পানীয়ে বিলাস ভ্ৰমণত ব্যস্ত থকাৰ অভিযোগ উঠিছে ৷ কাৰ্বি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলচ্ লীডাৰ কনফাৰেন্সৰ (APHLC) সভাপতি তথা লোকসভা নিৰ্বাচনৰ দলটোৰ প্ৰাৰ্থী জন ইংতি কাথাৰে এই বিস্ফোৰক অভিযোগ কৰে ৷

জন ইংতি কাথাৰ (ETV BHARAT ASSAM)

সোমবাৰে বিয়লি ডিফুত এক সংবাদমেল সম্বোধন কৰি কাথাৰে কয়, নিৰ্বাচন শেষ কৰি ১৪ মে’ত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিষদৰ কাৰ্যবাহী সদস্য, MAC, বিভিন্ন নিকায় নিগমৰ অধ্যক্ষ আৰু দলৰ বছা বছা নেতাসহ ৩০ জনীয়া এটা দল এসপ্তাহৰ বাবে কৃষিক্ষেত্ৰ অধ্যয়নৰ বাবে ভিয়েটনামলৈ গৈছিল ৷ তাৰ পৰা মুখ্য কাৰ্যবাহী সদস্যগৰাকী গ’ল আন আন দেশলৈ ৷ কিন্তু এই দলটোত কোনো কৃষি বিভাগৰ বিজ্ঞানী বা বিষয়া নাছিল ৷

জন ইংতি কাথাৰে লগতে কয়, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ উন্নয়নৰ ১৪ কোটি টকা খৰচ কৰি নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ সময়ত দলটো ভিয়েটনামলৈ গৈছে ৷ যিটো ৰাজহুৱা ধনৰ শৰাধ ৷ তেওঁ লগতে কয়, পৰিষদে সৰু সৰু ঠিকাদাৰক বছৰ বছৰ ধৰি বিল দিয়া নাই, শিক্ষক-কৰ্মচাৰীক মাহে মাহে দৰমহা দিব পৰা নাই ৷ ধুমুহাত ঘৰ ভঙা মানুহৰ খাবলৈ নথকা সময়ত তেওঁলোকে বিলাস ভ্ৰমণ কৰিছে ৷

কাথাৰে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক এই বিষয়ে অৱগত কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে ভোটাৰ তালিকাৰ পৰা বহু অসমীয়া, আদিবাসী আৰু জনজাতীয় লোকৰ নাম BLO সকলে কৰ্তন কৰাৰ কথা সদৰী কৰি তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী কৰি নিৰ্বাচন আয়ুক্তক পত্ৰ দিয়াৰ কথাও সদৰী কৰে ৷

লগতে পঢ়ক: চৰকাৰী খৰচত অসমৰ 200 গৰাকী লোকে ভিয়েটনামত খাবগৈ পিকনিক ! - APCC President Bhupen Borah