ETV Bharat / politics

চৰকাৰী খৰচত অসমৰ 200 গৰাকী লোকে ভিয়েটনামত খাবগৈ পিকনিক ! - APCC President Bhupen Borah

Bhupen Borah : ডাবোল ইঞ্জিন চৰকাৰখন এতিয়া ট্ৰাবোল ইঞ্জিন হৈ পৰিছে মন্তব্য ভূপেন বৰাৰ ৷ কাৰ নেতৃত্বত কাৰ্বি আংলঙৰ ২০০ গৰাকী লোকে বিদেশত পিকনিক খাবলৈ যাব ? সেয়াও ক’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

Bhupen Borah
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024 at 10:50 PM IST

3 Min Read
Choose ETV Bharat
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

ডিফু, ১১ মে’ : অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰয়াত চুম ৰংহাঙৰ বকলীয়াঘাটস্থিত বাসগৃহত শনিবাৰে উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । প্ৰয়াত ৰংহাঙৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰাই ।

সাংবাদিকৰে হোৱা বার্তালাপত বৰাই বহু বিস্ফোৰক মন্তব্য প্ৰদান কৰে । বৰাই কয়, ‘‘কাৰ্বি আংলঙলৈ আহি আমাৰ মিত্ৰজোঁটৰ সতীর্থ আৰু জিলা কংগ্ৰেছৰ বিষয়ববীয়া তথা প্ৰার্থী জয়ৰাম ইংলেঙক লগ পাই আমি ডিফুৰ আসনখনত ভাল ফল লাভ কৰিম বুলি আশাবাদী ।’’

ডিফু লোকসভা সমষ্টিৰ কিছু কিছু স্থানত ৰেগিং হোৱা বুলি তেওঁক অৱগত কৰোৱাৰ কথা জানিবলৈ দিয়ে ৷ অসম চৰকাৰ ধাৰত পোত যোৱা বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে ধাৰ নল’লে চৰকাৰখনে হিতাধিকাৰীক পইচা দিব নোৱাৰে । অসমীয়া জাতিটোক মদ খুৱই মদৰ পৰা ৰাজহ সংগ্ৰহ কৰাটোৱেই এতিয়া চৰকাৰৰ ৰাজহ সংগ্ৰহৰ একমাত্ৰ উৎস বুলি মন্তব্য কৰে ভূপেন বৰাই ।

বৰাই কয় যে ডাবোল ইঞ্জিন চৰকাৰখন এতিয়া ট্ৰাবুল ইঞ্জিন হৈ পৰিছে বুলি বৰাই মন্তব্য কৰে । সেই বাবেই উজনি-নামনি-বৰাকৰ ৰাইজ এতিয়া চৰকাৰখনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে বুলি কয় ভূপেন বৰাই ৷ অসমত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ আসনৰ সংখ্যা বৃদ্ধি পাব বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ কোনো এটা প্ৰতিশ্ৰুতিয়েই পূৰণ নহ'ল বুলি উল্লেখ কৰি বৰাই বৰাই কয় যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নহ’ল, বস্তুৰ দাম দুগুণ বৃদ্ধি পালে, বানপানী-গৰাখহনীয়া ৰোধৰ বাবে কোনো কাম নহ'ল । আনকি মুখ্যমন্ত্ৰীৰ ব্যৱহাৰৰ বাবেই অধিকাংশ জ্যেষ্ঠ আই এ এছ ,আই পি এছ বিষয়াই অসম এৰিবলৈ বাধ্য হৈছে বুলি অভিযোগ উত্থাপন কৰে ভূপেন বৰাই । বহু কেইগৰাকী জ্যেষ্ঠ প্ৰশাসনীয় বিষয়াই অসম এৰি যাবলৈ প্ৰস্তুতি চলোৱা বুলিও বৰাই দাবী কৰে ৷

বিজেপিত বিদ্ৰোহৰ উকমুকনি ঘটিছে বুলি দাবী কৰি ভূপেন বৰাই অশোক শর্মা আৰু সৰ্বানন্দ সোণোৱালেও ওঁঠ লৰাবলৈ আৰম্ভ কৰা বুলি বৰাই মন্তব্য কৰে । আনহাতে ধুবুৰীত আজমল হাৰিব বুলি উল্লেখ কৰি ভূপেন বৰাই নগাঁৱত বিজেপিক হিচাপত ধৰা নাই বুলি মন্তব্য কৰে ৷ ইফালে যোৰহাটত মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত আক্ৰোশ লৈ নিৰ্বাচন পৰিচালনা বুলি বৰাই মন্তব্য কৰে ৷ তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ব্যক্তিগত চেনেলত সাক্ষাৎকাৰ দি যোৰহাটত নিজে নিৰ্বাচন খেলাৰ লোভ দিয়াৰ লগতে যোৰহাটত জন্মগ্ৰহণ কৰা বুলিও দাবী কৰিবলৈ বাধ্য হোৱা বুলি ভূপেন বৰাই কটাক্ষ কৰে ৷

যোৰহাট-গুৱাহাটীৰ মানুহে এইবাৰ নিৰ্বাচন খেলিছে বুলি উল্লেখ কৰি কংগ্ৰেছে কেৱল প্ৰার্থীহে দিছে বুলি বৰাই দাবী কৰে । তুলিলাম ৰংহাঙৰ সন্দর্ভত মন্তব্য প্ৰকাশ কৰি বৰাই কয় যে ব্যক্তিগতভাবে ৰংহাঙৰ উন্নতি হৈছে । যদি কাৰ্বি আংলঙৰ উন্নতি হৈছে, তেনেহ'লে ঠিকাদাৰে বিল কিয় নাপায় বুলি প্ৰশ্ন উত্থাপন কৰে ভূপেন বৰাই । চৰকাৰী খৰচত কাৰ্বি আংলঙৰ ২০০ গৰাকী লোক লৈ এতিয়া ৰংহাঙৰ নেতৃত্বত বিদেশত পিকনিক খাব যাবলৈ ওলাইছে বুলিও ভূপেন বৰাই গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: আজৱ কাণ্ড ! অসমত সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ ব্যৱসায়ীক দিছপুৰৰ নিৰ্দেশ