অসম

assam

জীৱনদায়িনী ঔষধৰ ইছ্যু পৰিল বাদ, এইবাৰ বৃদ্ধি হ’ল আলুৰ মূল্য - Price hike of Potatoes

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 5:34 PM IST

PRICE HIKE OF POTATOES
আলুৰ মূল্যবৃদ্ধি

ক্ৰমাৎ দামী পাচলিৰ তালিকাত স্থান লাভ গৃহিণীসকলৰ সাৰথি আলুৰ ৷ ৰাজ্যৰ বজাৰত বৃদ্ধি পাইছে আলুৰ মূল্য । বৰ্তমান প্ৰতি কিলো আলু বিক্ৰী হৈছে 30-35 টকা পৰ্যন্ত দৰত । সেই হিচাপত প্ৰতি কিলোত আলুত বৃদ্ধি পাইছে 5-10 টকা ।

আলুৰ মূল্যবৃদ্ধি

গুৱাহাটী, 22 এপ্ৰিল: ৰাজ্যৰ চৌদিশে এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ ইতিমধ্যে সামৰণি পৰা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাচত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দল ৷ এই সকলোবোৰ ঠিকেই আছিল ৷ পিছে নিৰ্বাচনী ধামখুমীয়াৰ মাজতে পুনৰ এবাৰ মূল্যবৃদ্ধি হ’ল অত্যাৱশ্যকীয় সামগ্ৰীৰ ৷ নিৰ্বাচনৰ গইনাৰে অতি সংগোপনে বণিক গোষ্ঠীয়ে বৃদ্ধি কৰিছে আলুৰ মূল্য ৷ সম্প্ৰতি প্ৰতি কেজি আলুৰ খুচুৰা মূল্য বৃদ্ধি হৈ হৈছেগৈ 30 ৰ পৰা 35 টকা ৷

মাত্ৰ এসপ্তাহৰ ব্যৱধানতে উত্তৰ প্ৰদেশৰ পৰা আমদানিকৃত আলুৰ খুচুৰা মূল্য প্ৰতি কিলোত সৰ্বাধিক 10 টকাকৈ বৃদ্ধি পালে ৷ মহানগৰীৰ খুচুৰা বজাৰত এতিয়া প্ৰতি কেজি আলু 30-35 টকাত বিক্ৰী হোৱা দেখা গৈছে ৷ আনহাতে, একেই আলু পাইকাৰী বজাৰত বিক্ৰী হৈছে 20-25 টকা মূল্যত ৷ সেই হিচাপত প্ৰতি কেজি আলুত 5-10 টকাকৈ বৃদ্ধি পাইছে যদিও প্ৰতি কেজিত 2 টকাহে বৃদ্ধি হোৱা বুলি দাবী কৰিছে ব্যৱসায়ীসকলে ৷

ঠিক তেনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰলৈ যদি চাওঁ তেন্তে, তিনিচুকীয়া জিলাৰ খুচুৰা বজাৰত বৰ্তমান প্ৰতি কেজি আলুৰ মূল্য 25-28 টকা ৷ আনহাতে পাইকাৰী বজাৰত প্ৰতি কেজি আলুৰ মূল্য হৈছে 21 টকা ৷ শিলচৰৰ পাইকাৰী বজাৰত প্ৰতি কিলো আলুৰ মূল্য 30 টকা হোৱাৰ বিপৰীতে খুচুৰা বজাৰত প্ৰতিকিলো আলু বিক্ৰী হৈছে 35 টকাকৈ ৷

ডিব্ৰুগড়ত আলুৰ পাইকাৰী বজাৰত বৰ্তমানৰ মূল্য 20.50 টকা ৷ আনহাতে খুচুৰা বজাৰত প্ৰতিকিলো আলুৰ মূল্য 25-30 টকা ৷ ইফালে অসমৰ ভিতৰতে আলু উৎপাদনত অগ্ৰণী জিলা বৰপেটাত প্ৰতি কিলোগ্ৰাম আলুৰ খুচুৰা মূল্য পূৰ্বে হয় সৰ্বাধিক 15 ৰ পৰা 17 টকা ৷ ইয়াৰ বিপৰীতে এইবাৰ সেই মূল্য বৃদ্ধি হৈছে 25 টকা পৰ্যন্ত ৷

যোৰহাটৰ বজাৰত প্ৰতি কিলো আগ্ৰা আলুৰ খুচুৰা মূল্য 30 টকা ৷ আনহাতে নাচিক আলু প্ৰতি কেজিত বিক্ৰী হৈছে 30-35 টকা মূল্যত ৷ হঠাতে হোৱা এই মূল্যবৃদ্ধিৰ ফলত এতিয়া বিপদত পৰিছে গৃহিণীসকল ৷ মন্ত্ৰী, নেতাসকল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাত বজাৰত চকু ৰাখিবলৈ সময় নোপোৱাৰ বাবেই সাধাৰণ জনতাই মূল্যবৃদ্ধিৰ ভাৰ বহন কৰিবলগীয়া হোৱা বুলিও মন্তব্য কৰিছে একাংশই ৷

লগতে চাওক:Price Hike Of Life-Saving Drug: পহিলা এপ্ৰিলৰ পৰা দাম বাঢ়িব জীৱনদায়িনী ঔষধৰ; অসমত প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details