ETV Bharat / state

Price hike of life-saving Drug: পহিলা এপ্ৰিলৰ পৰা দাম বাঢ়িব জীৱনদায়িনী ঔষধৰ; অসমত প্ৰতিক্ৰিয়া

author img

By

Published : Mar 29, 2023, 6:55 PM IST

১ এপ্ৰিলত এপ্ৰিল ফুল নহয় ৰাইজৰ মূৰত ৰামটাঙোন শোধাবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ । নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য়বৃদ্ধিত কোঙা জনসাধাৰণে সহিব লাগিব আন এক মূল্যবৃদ্ধিৰ বোজা । ১ এপ্ৰিলৰ পৰা মূল্যবৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ(Price hike of life-saving Drug) ।

Price hike of life-saving Drug
পহিলা এপ্ৰিলৰ পৰা দাম বাঢ়িব জীৱনদায়িনী ঔষধৰ

পহিলা এপ্ৰিলৰ পৰা দাম বাঢ়িব জীৱন দায়িনী ঔষধৰ

যোৰহাট,২৯ মাৰ্চ: সমগ্র দেশতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে । সেই সময়তে হিতাধিকাৰী সৃষ্টিৰ বিভিন্ন আঁচনিৰে নিজকে জনকল্যাণকামী বুলি দাবী কৰি অহা কেন্দ্ৰীয় চৰকাৰখনে এইবাৰ নিত্য ব্যৱহাৰ্য ঔষধৰ মূল্যবৃদ্ধিৰে জনতাক ৰামটাঙোন শোধাবলৈ সাজু হৈছে । এপ্ৰিল মাহৰ প্ৰথমটো দিনৰ পৰাই মহঙা হৈ উঠিব জীৱনদায়িনী ঔষধ ।

চৰকাৰে ইতিমধ্যে ঔষধ কোম্পানীসমূহক বাৰ্ষিক পাইকাৰী মূল্য সূচক অৰ্থাৎ WPI (Wholesale Price Index) ৰ পৰিৱৰ্তনৰ সৈতে সামঞ্জস্য ৰাখি ঔষধৰ দাম বৃদ্ধি কৰাৰ অনুমতি দিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । ৰাষ্ট্ৰীয় ঔষধ মূল্য নিয়ন্ত্ৰণ কৰ্তৃপক্ষই প্ৰকাশ কৰা এক তথ্য অনুসৰি ঔষধৰ বাৰ্ষিক পাইকাৰী মূল্য সূচকত বিগত বছৰৰ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ জানুৱাৰীলৈকে ১২.১২ শতাংশ পৰিৱৰ্তন হোৱা বুলি জানিব পৰা গৈছে ।

ইয়াৰৰ ফলত ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সাধাৰণতে ব্যৱহাৰ হোৱা ৩৮৪ বিধ ঔষধৰ দাম ১২ শতাংশ বৃদ্ধি হোৱাতো নিশ্চিত হৈ পৰিছে । ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সচেতনৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন । সমান্তৰালভাৱে যোৰহাটতো এই প্ৰসংগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে(People of Jorhat price hike of life-saving Drug) । কেন্দ্ৰীয় চৰকাৰ এই সিদ্ধান্তক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে যোৰহাটৰ সচেতন ৰাইজে কেন্দ্ৰীয় চৰকাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে(Reaction over price hike of life-saving Drug) ।

চৰকাৰৰ এনে সিদ্ধান্তই এক শ্ৰেণীৰ লোকক মৃত্যুৰ মুখলৈ ঠেলি দিব বুলি উল্লেখ কৰে সচেতন ৰাইজে । আচ্ছা দিনৰ সপোন দেখুৱাই বিজেপি চৰকাৰ খনে সাধাৰণ ৰাইজক মাধমাৰ শোধাই পুঁজিপতি স্বাৰ্থত কাম কৰি আছে বুলি জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ লগতে যোৰহটীয়া ৰাইজে মন্তব্য প্ৰকাশ কৰে । শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্য়াহাৰ কৰিবলৈ দাবী উত্থাপন কৰে যোৰহটীয়া ৰাইজে(Price hike of life-saving Drug) ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০২২ বৰ্ষৰ ছেপ্তেম্বৰ মাহতো এখন নিত্য প্ৰয়োজনীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকা প্ৰকাশ কৰিছিল । সেই তালিকাত ২৭ টা থেৰাপিৰ ১০০০ ৰো অধিক গঠনৰ লগতে ৩৮৪ বিদ ঔষধ সন্নিৱিষ্ট হৈছিল । এই নিত্য প্ৰয়োজনীয় ঔষধসমূহ সাধাৰণতে দেখা পোৱা জ্বৰ, মধুমেহ, সংক্ৰমণ, হৃদৰোগ, ৰক্তজনিত সমস্য়া, যক্ষ্মা, উচ্চ ৰক্তচাপ, ছালৰ সমস্যা, কেন্সাৰ, ৰক্তহীনতা আদি বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহৃত হয় ।

পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছ, খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছত এইবাৰ ঔষধৰ ১২ শতাংশ দাম বৃদ্ধিৰ সিদ্ধান্ত দেশবাসীৰ বাবে নিতান্তই ব'ব নোৱাৰা বোজাত পৰিণত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । ঔষধৰ মূল্যবৃদ্ধিৰ সিদ্ধান্তই সাধাৰণ মানুহৰ স্বাস্থ্য ৰক্ষাত বিয়োগাত্মক প্ৰভাৱ পেলোৱাৰ বিপৰীতে এই সিদ্ধান্তই ঔষধ কোম্পানীসমূহক লাভান্বিত কৰাৰ শংকা প্ৰকাশ কৰিছে সচেতন ৰাইজে ।

লগতে পঢ়ক: Assam Assembly 2023: ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপন কৰাক লৈ বিৰোধীক অকৰ্মণ্য আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.