ETV Bharat / state

Assam Assembly 2023: ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপন কৰাক লৈ বিৰোধীক অকৰ্মণ্য আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

author img

By

Published : Mar 29, 2023, 5:32 PM IST

Assam Assembly 2023
ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপন কৰাক লৈ বিৰোধীক অকৰ্মণ্য আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা প্ৰসংগক লৈ বিৰোধীয়ে উত্তাল কৰিলে সদন ৷ ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ কংগ্ৰেছক অকৰ্মণ্য আখ্যা ৰূপজ্যোতি কুৰ্মীৰ ৷ অখিল গগৈকো কটাক্ষ কৰে বিধায়কগৰাকীয়ে (Rupjyoti Kurmi slams Akhil Gogoi) ৷

ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপন কৰাক লৈ বিৰোধীক অকৰ্মণ্য আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

গুৱাহাটী, 29 মাৰ্চ: অসমৰ সমস্যাৰ কথা উত্থাপন নকৰি কংগ্ৰেছে বিধানসভাত ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপন কৰি নিজৰ স্বৰূপটোকে উদঙাই দিলে ৷ এই মন্তব্য বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে বিৰোধী দল বিশেষকৈ কংগ্ৰেছৰ বিধায়কসকলে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ প্ৰসংগকলৈ সদন উত্তপ্ত কৰি তোলে (Rahul Gandhi disqualification) ।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ সমান্তৰালভাৱে ইয়াৰ বিৰুদ্ধে সকলো বিৰোধী ৰাজনৈতিক দল একত্ৰিত হোৱাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপয়াণ কৰিছে কংগ্ৰেছে ৷ অসম বিধানসভাতো ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰসংগৰে প্ৰশ্ন উত্থাপন কৰে বিৰোধীয়ে (Congress protest in assembly) ৷

বিৰোধীৰ প্ৰতিবাদৰ বাবে 15 মিনিটৰ বাবে স্থগিত ৰাখিব লগা হয় সদন ৷ আনহাতে বিধায়ক অখিল গগৈ, কমলাক্ষ দে পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰক সদনৰ পৰা বহিষ্কাৰ কৰা হয় ৷ ইফালে, বুধবাৰৰ সদনৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক অকৰ্মণ্য আখ্যা দিয়ে । অসম বিধানসভাক বিৰোধীয়ে কলংকিত কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে অখিল গগৈয়ে আজি কংগ্ৰেছৰ সংগ দি সদনৰ পৰা বহিষ্কাৰ হ’ব লগা হ’ল (Rupjyoti Kurmi on Akhil Gogoi)।

অখিল গগৈয়ে বিধানসভাৰ কোনো নিয়ম-নীতি নমনাকৈ যিকোনো বিষয়তে হস্তক্ষেপ কৰে বুলি তেওঁ অভিযোগ কৰে । তেওঁ লগতে কয় যে অখিল গগৈৰ এতিয়াও শিকিবলগীয়া বহুত আছে । ৰাহুল গান্ধীৰ প্ৰসংগ অসম বিধানসভাত আলোচনা কৰাটো সময়ৰ অপচয় বুলি উল্লেখ কৰি তেওঁ কয় যে বিৰোধীয়ে আজি অসমৰ ৰাইজক অপমানিত কৰিছে ৷

উল্লেখ্য যে, ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক কংগ্ৰেছ কৰা প্ৰতিবাদৰ বাবে কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছক সমালোচনা কৰি ‘লাফাংগা’ বুলি কটাক্ষ কৰে (BJP slams congress) ৷

লগতে পঢ়ক: Rahul Gandhi Disqualification: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ উত্তাল‌ বিধানসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.