ETV Bharat / state

Rahul Gandhi Disqualification: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ উত্তাল‌ বিধানসভা

author img

By

Published : Mar 29, 2023, 1:58 PM IST

Protest inside the Assembly
বিৰোধীৰ প্ৰতিবাদত উত্তাল‌ বিধানসভা

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ সন্দৰ্ভত বুধবাৰে অনুষ্ঠিত বিধানসভাৰ অধিৱেশনত কংগ্ৰেছ তথা বিৰোধী দলৰ বিধায়কসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Congress protest inside the Assembly) ৷ মুখ্যমন্ত্ৰীয়ে ভাষণ আৰম্ভ কৰাৰ পিছতে বিৰোধী বিধায়কসকলে সদনৰ মজিয়া উত্তাল‌ কৰি তোলে ৷ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুচেইন শিকদাৰ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক আজিৰ দিনটোৰ বাবে বহিস্কাৰ কৰে ৷ লগতে ২০ মিনিটৰ বাবে সদন স্থগিত ৰখা হয় ৷

গুৱাহাটী, 29 মাৰ্চ: কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ সন্দৰ্ভত বুধবাৰে অনুষ্ঠিত বিধানসভাৰ অধিৱেশনত কংগ্ৰেছ তথা বিৰোধী দলৰ বিধায়কসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে | উল্লেখ্য যে বিধানসভাৰ আজিৰ অধিৱেশন প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হয় (Assam Assembly Budget Session 2023)|

প্ৰশ্নোত্তৰ কালৰ পিছত বিধানসভাৰ অধ্যক্ষ বিশ্বিজৎ দৈমাৰীৰ অনুমতি সাপেক্ষে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ সন্দৰ্ভত ব্যক্তব্য প্ৰদান কৰি সংবিধান সকলোৰে বাবে সমান‌ আৰু সকলোৱে ‌সংবিধান মানি চলিব লাগে বুলি বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি সভা স্থগিত প্ৰস্তাৱৰ বাবে অনুৰোধ জনায়। এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বিজৎ দৈমাৰীয়ে মুখ্যমন্ত্ৰীক ক'বলৈ অনুমতি দিয়ে (Biswajit Daimary Speaker of Assam Legislative Assembly) |

মুখ্যমন্ত্ৰীয়ে ভাষণ আৰম্ভ কৰাৰ পিছতে বিৰোধী বিধায়কসকলে মুখ্যমন্ত্ৰীৰ এষাৰ কথাকলৈ সদনৰ মজিয়া উত্তাল‌ কৰি তোলে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিবলৈ কংগ্ৰেছক আৰম্ভণিতে কয় - " আপোনলোকে‌ কালিয়ে‌ বিধায়নী দলৰ সভাত সদনত হুলস্থূল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি সাজু হৈ আহিছে ৷ এই কথাৰ মই আগতে খৱৰ পাইছো ৷" মুখ্যমন্ত্ৰীৰ এই কথাৰ স্পষ্টীকৰণ বিচাৰি বিৰোধী বিধায়ক সকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷

কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুচেইন শিকদাৰ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে হাতত পোষ্টাৰলৈ অধ্যক্ষৰ সন্মুখত প্ৰতিবাদ‌ কৰে ৷ মনকৰিবলগীয়া যে বি জে পিৰ বিধায়কসকলে বিৰোধীৰ লগত তৰ্কত লিপ্ত হৈ সদনৰ পৰিৱেশ উত্তাল‌ কৰি তোলে ৷ অখিল গগৈ আৰু কমলাক্ষক দে পুৰাকায়স্থক ৫ এপ্ৰিললৈকে সদনৰ পৰা বহিস্কাৰৰ বাবে দাবী কৰে মুখ্যমন্ত্ৰীয়ে (Akhil Gogoi Protest inside the Assembly) ।

বিধানসভাৰ অধ্যক্ষই বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুচেইন শিকদাৰ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক আজিৰ দিনটোৰ বাবে বহিস্কাৰ কৰে ৷ লগতে ২০ মিনিটৰ বাবে সদন স্থগিত ৰাখে (Akhil Gogoi expelled from Budget session) ৷

উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অভিযোগ কৰা মতে গুজৰাটৰ এখন নিম্ন আদালতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া ৰায়ৰ বিপৰীতে উচ্চ আদালতত আবেদন কৰাৰ বাবে একেখন আদালতেই ৩০ দিনৰ সময় দিয়া স্বত্বেও এদিনৰ পাছতে ইমান খৰখেদাকৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ সাংসদ পদ খাৰিজ কৰি বিজেপিয়ে অসহনশীলতাৰ পৰিচয় দিছে (Rahul Gandhi Disqualification) ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰিয়ভাজন পুঁজিপতি আদানিৰ ব্যৱসায়ীক অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ‘জইন্ট পাৰ্লিয়ামেন্টৰী কমিটী' (JPC) গঠনৰ বাবে ৰাহুল গান্ধীয়ে অহৰহ দাবী জনাই আহিছে। বিজেপি চৰকাৰখনৰ আঁসোৱাহ বোৰ সদনৰ বাহিৰে-ভিতৰে উদঙাই দিয়াৰ লগতে দেশৰ অৰ্থনৈতিক প্ৰতিষ্ঠান ষ্টেট বেংক আৰু এল.আই.চি. আদিক বিজেপিয়ে ভুল নীতি গ্ৰহণ কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ বিৰুদ্ধে তথা বিজেপিৰ নানান কু-কাণ্ডক উদঙাই দি ৰাহুল গান্ধী সৰৱ হৈ উঠাৰ বাবে তেওক ৰাজনৈতিক বলি সজাই এনেদৰে বিজেপিয়ে আক্ৰোশমূলক সিদ্ধান্ত লৈছে (Adani Hindenburg Issue) ৷

আইনী যুঁজৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সুযোগ নিদি এইদৰে ষড়য্ন্ত্ৰমূলক সিদ্ধান্ত লৈ বিজেপিয়ে ৰাহুল গান্ধীৰ কণ্ঠৰোধ কৰিব বিচাৰিছে ৷ কাৰণ ইয়াৰ আগতেও অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল ‘ৰাহুল গান্ধীৰ পিতৃ কোন মই নাজানো, আনকি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াইও কৈছিল “ভাৰতবৰ্ষত মই জন্ম গ্ৰহণ কৰাৰ বাবে মোৰ দুখ লাগে, ভাৰতবৰ্ষ এখন ইমান লেতেৰা দেশ, ইমান দুর্নীতি পৰায়ণ দেশ”। তেতিয়াতো ইয়াৰ বিৰুদ্ধে কোনেও আইনী পদক্ষেপ লোৱা দেখা নগ'ল বুলি অভিযোগ কৰে কংগ্ৰেছে ৷

উল্লেখযোগ্য যে আজি বিধানসভাত কংগ্ৰেছৰ বিধায়কসকলে কলা পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে | মনকৰিবলীয়া যে আজি বিধানসভাত স্থায়ী সমিতিসমূহে প্ৰতিবেদন দাখিল কৰিব ৷ ২৯ আৰু ৩০ মাৰ্চত দাবী মঞ্জুৰীক লৈ আলোচনা হ'ব ৷ ৩১ মার্চ আৰু ৪ এপ্ৰিলত পুনৰ বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে ৷ ৩ আৰু ৫ এপ্ৰিলত ৰৈ যোৱা বিধেয়কসমূহক লৈ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক:Karnataka Election 2023 : ১০ মে'ত কৰ্ণাটকৰ নিৰ্বাচন, ১৩ মে'ত ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.