ETV Bharat / bharat

Karnataka Election 2023 : ১০ মে'ত কৰ্ণাটকৰ নিৰ্বাচন, ১৩ মে'ত ফলাফল

author img

By

Published : Mar 29, 2023, 1:03 PM IST

Updated : Mar 29, 2023, 1:16 PM IST

চলিত বছৰত অনুষ্ঠিত হ'বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়সূচী ভাৰতৰ নিৰ্বাচন আয়োগে বুধবাৰে ঘোষণা কৰে । মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কৰা ঘোষণা অনুযায়ী, অহা ১০ মে'ত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব দক্ষিণৰ ৰাজ্যখনৰ নিৰ্বাচন । ফলঘোষণা ঘোষণা হ'ব ১৩ মে'ত (Karnataka Election 2023 declared) ।

Karnataka Assembly Election 2023
Karnataka Assembly Election 2023

নিউজ ডেস্ক, ২৯ মাৰ্চ : ঘোষণা হ'ল কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন (Karnataka Election 2023 declared) । বুধবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰে কৰ্ণাটক বিধানসভাৰ ২০২৩ বৰ্ষৰ নিৰ্বাচনৰ দিন (ECI declared Karnataka election 2023) । নতুন দিল্লীৰ বিজ্ঞান ভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ঘোষণা কৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ দিন । সেই অনুসৰি অহা ১০ মে'ত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু ১৩ মে'ত ফলাফল ঘোষণা কৰা হ'ব (Karnataka Assembly election on 10th May 2023) ।

উল্লেখ্য় যে ২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ কাৰ্যকাল ২৪ মে'ত সমাপ্ত হ'ব । বৰ্তমান, শাসকীয় বিজেপিৰ 118 জন বিধায়কৰ বিপৰীতে কংগ্ৰেছৰ 69 জন আৰু জেডি (এছ)ৰ 32, বিএছপিৰ 1, নিৰ্দলীয়ৰ দুজন বিধায়ক আছে । আনহাতে, দুখন আসন খালী আছে ।

উল্লেখ্য, ২০১৮ চনৰ পূৰ্বৱৰ্তী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৪ খন, কংগ্ৰেছে ৮০ খন আৰু জেডিএছে ৩৭ খন আসন লাভ কৰিছিল । তাৰ পিছত জেডিএছ আৰু কংগ্ৰেছে মিত্ৰতা গঠন কৰি চৰকাৰ গঠন কৰে । জেডিএছৰ এইচ ডি কুমাৰস্বামী মুখ্যমন্ত্ৰী হয় । কিন্তু প্ৰায় ডেৰ বছৰৰ পিছত কংগ্ৰেছৰ 14 জন বিধায়ক আৰু জেডিএছৰ তিনিজনে তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰাৰ ফলত উপ-নিৰ্বাচন অনুষ্ঠিত হয় ।

ডিচেম্বৰ, 2019-ত অনুষ্ঠিত 15 টা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে 12 খন আসন লাভ কৰে । আনহাতে, কংগ্ৰেছে দুখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসনত জয়লাভ কৰে । ইফালে কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন বিচৰাধীন হৈ থকাৰ বাবে মুস্কি (ৰাইচুৰ জিলা) আৰু আৰ আৰ নগৰ (বাংগালোৰ দক্ষিণ-পশ্চিম) সমষ্টিৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল । পিছত য়েডিয়ুৰাপ্পাৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰে । কিন্তু প্ৰায় এবছৰ শাসন কৰাৰ পিছত য়েদিয়ুৰাপ্পা তেওঁৰ পদৰ পৰা আঁতৰি যোৱাত বাসৱৰাজ বোম্মাই নতুন মুখ্যমন্ত্ৰী হয় (Karnataka CM Basavaraj Bommai) ।

ইতিমধ্যে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পূৰ্বৰে পৰাই তিনিওটা দলে জোৰদাৰ প্ৰচাৰৰ প্ৰস্তুত কৰিছে । বিজেপিয়ে সমগ্ৰ ৰাজ্যতে 'বিজয় সংকল্প যাত্ৰা' আৰম্ভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে প্ৰজধৱানী যাত্ৰা অনুষ্ঠিত কৰি প্ৰচাৰ চলাইআছে । আনহাতে, বিজেপি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে । ইফালে ভোটাৰসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ জেডিএছে পঞ্চৰত্ন যাত্ৰাৰ জৰিয়তে ৰাজ্যখনৰ বহু ঠাই ভ্ৰমণ কৰিছে ।

শেহতীয়াকৈ কংগ্ৰেছ দলে ১২৪ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰিছে । তদুপৰি, জেডি (এছ)-এ ৯৩ টা সমষ্টিৰ প্ৰাৰ্থীৰ নামো প্ৰকাশ কৰে । অৱশ্যে বিজেপি প্ৰাৰ্থীৰ তালিকা এতিয়াও ঘোষণা কৰা হোৱা নাই । প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা জনাৰ্দ্দন ৰেড্ডীয়ে তেওঁৰ নিজৰ দল কল্যাণ ৰাজ্য প্ৰগতি পক্ষ গঠন কৰিছে আৰু ৩০ টাতকৈঅধিক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে । আপে ৮০ জন প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ কৰিছে । ইয়াৰ উপৰি বিএছপিয়ে ৫৩ জন প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :DCGI Raids on Pharma Firms: দুসপ্তাহত 20 ৰাজ্যৰ 76 ফাৰ্মা ফাৰ্মত অভিযান DCGI-ৰ

Last Updated :Mar 29, 2023, 1:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.