ETV Bharat / bharat

DCGI Raids on Pharma Firms: দুসপ্তাহত 20 ৰাজ্যৰ 76 ফাৰ্মা ফাৰ্মত অভিযান DCGI-ৰ

author img

By

Published : Mar 29, 2023, 8:55 AM IST

বিগত দুটা সপ্তাহত ২০ খন ৰাজ্যৰ ৭৬ টা ফাৰ্মা কোম্পানীৰ বিৰুদ্ধে অভিযান চলাইছে ডিচিজিআয়ে । আনহাতে, DCGI-ৰ অভিযানত ১৮ টা কোম্পানীৰ অনুজ্ঞা-পত্ৰ বাতিল কৰা হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ এক শীৰ্ষ সূত্ৰই ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰে (DCGI Raids on Pharma Firms in 20 states) ।

DCGI Raids on Pharma Firms
দুসপ্তাহত 20 ৰাজ্যৰ 76 ফাৰ্মা ফাৰ্মত অভিযান DCGI-ৰ

নিউজ ডেস্ক, ২৯ মাৰ্চ : শেহতীয়াভাৱে দেশৰ ফাৰ্মাচিটিকেল কোম্পানীবোৰৰ ওপৰত কঠোৰ হৈছে ভাৰতীয় ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেল । তাৰৰেই অংশ হিচাপে বিগত দুসপ্তাহত নকল আৰু নিম্নমানৰ ঔষধ উৎপাদন কৰা ফাৰ্মাচিউটিকেল কোম্পানীবোৰৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ অভিযান আৰম্ভ কৰা হয় । ভাৰতীয় ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেলে (Drugs Controller General of India, DCGI) ইয়াৰ আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে 20 খন ৰাজ্যৰ 76 টা ফাৰ্মা কোম্পানীৰ বিৰুদ্ধে তালাচী আৰু অনুসন্ধান অভিযান চলায় (DCGI Raids on Pharma Firms in 20 states) ।

স্বাস্থ্য মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, এই অভিযানৰ পিছত 18 টা কোম্পানীৰ অনুজ্ঞা-পত্ৰ বাতিল কৰা হৈছে । আনহাতে, নিয়মাৱলী উলংঘা কৰা বুলি প্ৰমাণিত হোৱা 26 টা প্ৰতিষ্ঠানক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে (Show cause notices to 26 pharma firms) । "এনে ধৰণৰ অভিযানৰ প্ৰথম পৰ্যায়ত দেশজুৰি অভিযানৰ বাবে মুঠ ২০৩ টা কোম্পানী চিনাক্ত কৰা হৈছে (health ministry of India) ।" সূত্ৰত এই কথা প্ৰকাশ ।

উল্লেখ্য যে এই অভিযানত তিনিটা প্ৰতিষ্ঠানৰ সামগ্ৰীৰ অনুমতি বাতিল কৰা হৈছে । আনহাতে, অনাগত দিনতো এনে অভিযান অব্যাহত থাকিব বুলি সূত্ৰটোৱে লগতে কয় । অন্ধ্ৰপ্ৰদেশ, বিহাৰ, দিল্লী, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, পুডুচেৰী, পঞ্জাব, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগত এই অভিযান চলোৱা হৈছিল ।

"আমি নকল আৰু নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সংকল্পবদ্ধ । এই অভিযানবোৰ অব্যাহত থাকিব আৰু যিকোনো কোম্পানীয়ে ভাল উৎপাদন পদ্ধতিৰ অনুসৰণ নকৰা বুলি ধৰা পৰিলেই বন্ধ কৰি দিয়া হ'ব । আমি ২০৩ টা কোম্পানী চিনাক্ত কৰিছোঁ আৰু আৰম্ভণিতে অভিযান চলোৱা ৭৬ টা মাত্ৰ প্ৰথম পৰ্যায়ৰ । তিনিটা প্ৰতিষ্ঠানৰ সামগ্ৰীৰ অনুমতি বাতিল কৰা হৈছে আৰু আন 26 টা প্ৰতিষ্ঠানক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ।" এই অভিযানৰ অগ্ৰগতি সন্দৰ্ভত এগৰাকী গোপনীয় বিষয়াই এনেদৰে কয় ।

ইফালে সূত্ৰত প্ৰকাশ যে নকল আৰু নিম্নমানৰ ঔষধ উৎপাদন কৰা এনে প্ৰতিষ্ঠানসমূহৰ বেছিভাগ হৈছে হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড আৰু গুজৰাটৰ । হিমাচল প্ৰদেশৰ ৭০ টা, উত্তৰাখণ্ডত ৪৫ টা, মধ্য প্ৰদেশত ২৩ টা আৰু গুজৰাটৰ ১৬ টা ফাৰ্মা কোম্পানীত এই অভিযান চলোৱা হৈছিল ।

উল্লেখ্য যে বিগত কেইমাহমানত এনেধৰণৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে, য'ত বিভিন্ন দেশলৈ ৰপ্তানি কৰাৰ পিছত ভাৰতীয় ফাৰ্মাচিউটিকেল সামগ্ৰীবোৰ পৰ্যাপ্ত মানদণ্ডৰ নহয় বুলি অভিযোগ উঠিছে । তাৰ মাজতে গাম্বিয়াত ভাৰতত নিৰ্মিত এটা কফ চিৰাপ খাই কেইবাটাও শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে । অৱশ্যে ভাৰত চৰকাৰে ইয়াক অস্বীকাৰ কৰিছে ।

লগতে পঢ়ক :Jai Bharat Satyagraha: ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভ কৰিছে ‘জয় ভাৰত সত্যাগ্ৰহ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.